সম্পাদকীয় : বহুধাবিভক্ত বিৰোধী শক্তি
আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে বিৰোধী ঐক্য গঠন প্রক্রিয়াত আউল লাগিছে৷ বিজেপিবিৰোধী ঐক্যমঞ্চ গঠনৰ বাবে কংগ্রেছে এআইইউডিএফক বাদ দি অন্যান্য বিৰোধী দলসমূহৰ সৈতে নির্বাচনী মিত্রতা গঢ়িবলৈ তৎপৰ হৈছিল৷ কংগ্রেছে ইতিমধ্যে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ, জন ইংতি কাথাৰ নেতৃত্বাধীন অল পার্টী হিলছ লীডার্ছ কনফাৰেঞ্চ, চিপিএম, চিপিআই আৰু চিপিআই(এমএল)ৰ সৈতে নির্বাচনী মিত্রতা গঢ়ি আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ আসনৰ ভাগ–বাটোৱাৰা কৰিছে৷ কিন্তু অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে কংগ্রেছ নেতৃত্বাধীন বিৰোধী মর্চাৰ মিত্রতাক লৈ বিগত এপষেক ধৰি অচলাৱস্থা বিৰাজ কৰিছিল৷ এনে অচলাৱস্থাৰ মাজতে দেওবাৰে কংগ্রেছ নেতৃত্বাধীন বিৰোধী মর্চাৰ সৈতে মিত্রতা ভংগ কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ ৰাজ্যৰ ৰাজনীতিত দীর্ঘকাল ‘তিনি গগৈ’ ঐক্যবদ্ধ হ’লে বিৰোধী ঐক্যৰ শক্তিক বিজেপিয়ে প্রতিহত কৰিব নোৱাৰে বুলি ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে দাবী কৰি আহিছিল৷ সমাগত বিধানসভা নির্বাচনত বিজেপিৰ হেটট্রিক জয়ক বাধা দিবলৈ প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ, ৰাইজৰ দলৰ অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ মাজত মন্ত্রণাও চলিছিল৷ কিন্তু ক্ষমতাকেন্দ্রিক ৰাজনীতিৰ পাশাখেলত বন্দী হৈ পৰা ‘তিনি গগৈ’ৰ ৰাজনীতি এতিয়া বুমেৰাং হৈ পৰিল৷
কংগ্রেছৰ সৈতে নির্বাচনী মিত্রতা ভংগৰ ৰাজনৈতিক সিদ্ধান্ত ঘোষণা কৰি অখিল গগৈয়ে এনে সিদ্ধান্তৰ বাবে প্রত্যক্ষভাৱে গৌৰৱ গগৈকে জগৰীয়া কৰিছে৷ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ আঁকোৰগোজ মনোভাবৰ বাবে মিত্রতা ভংগ কৰিবলৈ বাধ্য হোৱা বুলি দাবী কৰিছে অখিল গগৈয়ে৷ দেশৰ লগতে অসমৰ ৰাজনীতিত কংগ্রেছৰ সাংগঠনিক ভেটি থৰক–বৰক৷ বিগত এটা দশকত অসমত অনুষ্ঠিত অধিকাংশ নির্বাচনতে কংগ্রেছে বিপর্যয়ৰ সন্মুখীন হৈছে৷ কংগ্রেছৰ এনে ধাৰাবাহিক বিপর্যয়ে দলটোৰ তৃণমূল পর্যায়ৰ নিষ্ঠাৱান নেতা–কর্মীসকলকে নহয়, বিপর্যয়ৰ মাজতো যিকেইজন নেতা নির্বাচিত হৈছে তেওঁলোককো ভৱিষ্যৎ ৰাজনৈতিক সুৰক্ষাক লৈ চিন্তিত কৰি তুলিছে৷ যোৱা বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ অংশীদাৰ দলসমূহে লাভ কৰা চমকপ্রদ সাফল্যৰ বিপৰীতে কংগ্রেছে মাথোঁ ২৯খন আসন লাভ কৰিছিল৷ কিন্তু বিগত পাঁচ বছৰৰ ভিতৰতে কংগ্রেছৰ শিবিৰ ত্যাগ কৰে ৯জন বিধায়কে৷ দলীয় বিধায়ককেইজনক সুৰক্ষিত কৰিবলৈ সক্ষম নোহোৱা দলটোৰ নেতৃত্বই সর্বসাধাৰণ লোকৰ আস্থা আৰু বিশ্বাস কিদৰে লাভ কৰিব, তাক লৈও প্রশ্ণৰ উদয় হৈছে৷
অখিল গগৈৰ ভূমিকাক লৈ বিভিন্ন সময়ত বিতর্কৰ সূচনা হ’লেও অসমৰ ৰাজনীতিত ৰাইজৰ দলৰ নেতাজনক কোনো কাৰণতে উপেক্ষা কৰিব নোৱাৰি৷ বিগত বিধানসভা নির্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা নির্বাচিত অখিল গগৈয়ে বিগত সময়ছোৱাত ৰাজনৈতিক ক্ষেত্রখন সলনি কৰিবলৈ ধৰাৰ লগে লগে কংগ্রেছৰ সৈতে সংঘাত আৰম্ভ হৈছিল৷ চাহ জনগোষ্ঠীৰ পৰম্পৰাগত ভোটবেংকত ধাৰাবাহিক খহনীয়া চলি থকাৰ সময়তে কংগ্রেছৰ নেতৃত্বই মিঞা তোষণৰ ৰাজনীতিৰে ভেটি ৰক্ষাৰ ৰাজনীতি আৰম্ভ কৰিছিল৷ ৰাজ্যখনৰ বনভূমি আৰু চৰকাৰী ভূমিত বেদখল চলাই থকা মিঞাসকলৰ বিৰুদ্ধে চলোৱা চৰকাৰৰ উচ্ছেদ অভিযানৰ সময়তে কংগ্রেছ নেতৃত্ব নীৰৱে থকাৰ সময়ত ত্রাণকর্তাৰ ভূমিকাত আৱির্ভাৱ হৈছিল অখিল গগৈ৷ পৰৱর্তী সময়ত অখিল গগৈয়ে মিঞা অধ্যুষিত অঞ্চলত সাংগঠনিক ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ মিঞাৰ সমর্থন আৰু কংগ্রেছৰ দুজন বিধায়ক ক্রমে শ্বেৰমান আলী আহমেদ আৰু আব্দুল ৰছিদ মণ্ডলে ৰাইজৰ দলত যোগদান কৰাৰ পাছতে কংগ্রেছৰ ভেটিত তীব্র জোকাৰণি হৈছে৷ ৰাইজৰ দলে প্রথম অৱস্থাত কংগ্রেছৰ পৰা ২৯খন আসন বিচাৰিছিল যদিও দলটোৰ সৈতে আলোচনামর্মে ১৫খন আসনতে সৈমান হৈছিল৷ কিন্তু কংগ্রেছে ৰাইজৰ দলক এৰি দিছিল ১৩খন আসন৷ ইয়াৰে ৰাইজৰ দলে বিচৰা চাৰিখনহে আসন আছিল৷ বাকী ৯খন আসন ৰাইজৰ দলৰ তালিকাত নাছিল৷ এজনো বিধায়ক নথকা অসম জাতীয় পৰিষদক ১২খন আসন দিয়াৰ বিপৰীতে এজন বিধায়ক আৰু সাংগঠনিকভাৱে শক্তিশালী হোৱা সত্ত্বেও ৰাইজৰ দলক মাথোঁ চাৰিখন আসন এৰি দিয়াত কংগ্রেছৰ ৰাজনীতিৰ অন্তৰালত বহু প্রশ্ণৰ উদয় হৈছে৷
মিত্রতা কেতিয়াও আপোচ অথবা আত্মসমর্পণ হ’ব নোৱাৰে৷ যথাযোগ্য সন্মান অথবা মর্যাদা প্রদানৰ জৰিয়তে ৰাজ্যখনৰ সৰু–বৰ ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ কৰি সর্বসাধাৰণ লোকৰ মাজত আস্থা আৰু বিশ্বাস স্থাপনৰ এক পৰিৱেশ গঢ়াটো কংগ্রেছৰ দায়িত্ব৷ কিন্তু ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ কৰাৰ বাবে কংগ্রেছে এই দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ মাথোঁ ক্ষমতাৰ বাঘজৰী ধৰিবলৈ আশা পালি থকা কংগ্রেছে বামপন্থী দলসমূহকে ধৰি কেইটামান ক্ষুদ্র ৰাজনৈতিক দলৰ সৈতে আসনৰ ভাগ–বাটোৱাৰা কৰিলেও দলকেইটাৰ মাজত এতিয়াও ন্যূনতম সামূহিক কর্মসূচী (কমন মিনিমাম প্রগ্রাম) গ্রহণ কৰা হোৱা নাই৷ এনে বিৰোধী মর্চাই কিদৰে অসমবাসীৰ আস্থা আৰু বিশ্বাস লাভ কৰিব, তাক লৈও স্বাভাৱিকতে প্রশ্ণ উত্থাপন হৈছে৷ মাথোঁ মিঞা অধ্যুষিত সমষ্টিসমূহত ৰাজনৈতিক আধিপত্য প্রতিষ্ঠাৰ বাবেই বিৰোধী শিবিৰত যুঁজ চলিছে৷ সেয়া কংগ্রেছেই হওক, ৰাইজৰ দলেই হওক, এআইইউডিএফেই হওক৷ ফলত আগন্তুক বিধানসভা নির্বাচনত মিঞা অধ্যুষিত অঞ্চলৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত খোৱা–কামোৰা লাগিব৷ ইয়াৰ লগে লগে ভোট বিভাজন আৰু বহুধাবিভক্ত বিৰোধীৰ বাবে কাৰ কপাল ফুলে, সেয়া নির্বাচনী ফলাফলতহে প্রতিফলিত হ’ব৷