নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীত বিহুৰ প্ৰস্তুতি, ৰঙালী বিহু সমিতিৰ লাইখুঁটা স্থাপন

নিয়মীয়া বার্তা, ২৭ মার্চঃ নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত উদযাপন কৰিবলগীয়া বিহুৰ বাবে কালি লাইখুঁটা স্থাপন কৰা হয়।

নাৰেংগী উন্নয়ন সমিতিৰ খেলপথাৰত সম্পূর্ণ মাংগলিক ৰীতি–নীতিৰে লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি দেৱেন চন্দ্র দাসে৷ এই অনুষ্ঠানত সম্পাদক প্রদীপ কলিতাৰ লগতে সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ ১৫ আৰু ১৬ এপ্রিলত উদযাপন কৰিব বাপতিসাহোন ৰঙালী বিহু৷

উল্লেখ্য যে কালি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ অসমত ৰঙালী বিহু উদযাপন কৰাত প্ৰশাসনৰ কোনো প্ৰতিবন্ধকতা নাথাকে বুলি ঘোষণা কৰাৰ পিছত ৰাজ্যজুৰি বিহু অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাইজ।

You might also like