নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : খাদ্যৰ নামত বৰবিহ

মল্টডেক্সট্র’জ আপাততঃ নিৰীহ যেন লগা এই শব্দটো দৰাচলতে সাম্প্রতিক আধুনিক সমাজৰ বাবেই অভিশাপস্বৰূপ৷ ই হ’ল এবিধ কার্ব’হাইড্রেট বা শ্বেতসাৰ৷ মাল্টোজ আৰু ডেক্সট্র’জৰ এই মিশ্রণটো মাকৈ, আলু বা ঘেঁহুৰ পৰা প্রস্তুত কৰি প্রক্রিয়াজাত বা প্রচেছড খাদ্যত সাধাৰণ উপাদান ৰূপে ব্যৱহাৰ কৰা হয়৷

ইয়াৰ ক্ষতিকাৰক প্রভাৱ ময়দা, চেনি বা ৰিফাইন তেলতকৈ বহু বেছি৷ দ্রুতগতিত পেটৰ চর্বি বঢ়োৱাত সহায় কৰা এই মিশ্রণটো ছ’ডা, ফলৰ ৰস, স্প’টছ ড্রিংক, চিপ্ছ, ক্রেকার্ছ, কেণ্ডী, কেক, পেষ্ট্রী, ব্রেড আদিৰ সোৱাদ বা খাদ্যৰ পৰিমাণ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়৷ গুৰুত্বপূর্ণ কথাটো হ’ল ইয়াৰ গ্লাইচেমিক ইনডেক্স হ’ল ১০৬–১৩০, যি গ্লুক’জত (১০০) অধিক আৰু ইয়েই স্বাস্থ্যৰ প্রতি বিপদশংকা কঢ়িয়াই আনে৷

ইয়াৰ লগতে আজিনোম’ট’ (মনোছ’ডিয়াম গ্লুটামিনেট) খাদ্যৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়– বিশেষকৈ প্রক্রিয়াজাত মাংস, চ’ছ আৰু চুপ বা চুৰুহাত৷ অত্যধিক ছ’ডিয়ামযুক্ত হোৱা বাবে ই মানৱ দেহত বিৰূপ প্রভাৱ পেলায়৷ কিড্নীৰ স্বাভাৱিক ক্রিয়াত ই বাধা জন্মায়৷ মাথোঁ এই দুটা উদাহৰণেই যথেষ্ট৷ বর্তমান নিগনিচঞ্চল সমাজৰ খাদ্যাভ্যাস সলনি হৈছে৷ সময়ৰ দাৰুণ অভাৱ৷

গতিকে জাংকফুড বা ফাষ্টফুডেই বিকল্প৷ ছুইগী, জমেট’ৰ সহায়ত ঘৰতে বহি মুহূর্ততে অর্ডাৰ দি খাব পৰা নানা উপাদেয় খাদ্যই জনস্বাস্থ্যত যি ভয়াৱহ প্রভাৱ পেলাব পাৰে সেয়া উদ্বেগজনক৷পদপথৰ দাঁতিয়ে দাঁতিয়ে গঢ়ি উঠা সৰু সৰু দোকান, ৰেস্তোৰাঁ আদিয়ে অহৰহ জনোৱা আমন্ত্রণ উপেক্ষা কৰাটো সঁচাই কঠিন৷ বিশেষকৈ ডেকা–ডেকেৰী, চেঙেলীয়াকেইটাৰ জিভা লপলপাই থাকে, ফাষ্টফুড যেনে– ৰোল, চাওমিন, মম’ৰ সোৱাদ নল’লেই নহয়৷

ভাৰত সম্প্রতি বিশ্বৰ মধুমেহ ৰোগৰ ৰাজধানীত পৰিণত হৈছে৷ ফাষ্টফুডৰ নামত বৰবিহ সেৱন কৰি কিশোৰ–কিশোৰী জীৱনৰ আৰম্ভণিতে মেদবহুল হৈ স্বাস্থ্য সংকটৰ দিশে আগুৱাই গৈছে৷ মধ্যবয়স্ক লোকসকলৰো স্থূলকায় শৰীৰ নানা ৰোগৰ বাহ হৈছে৷ জাংকফুডত উচ্চ পৰিমাণৰ কেল’ৰি, চর্বি, নিমখ আৰু চেনিৰ বিপৰীতে সামান্য পৰিমাণৰ পুষ্টিমূল থকা বাবে ই স্বাস্থ্যৰ প্রতি বিপদ কঢ়িয়াই আনে৷ নিয়মিত সেৱনৰ ফলত মেদবহুলতা, মধুমেহ আৰু হূদৰোগ হোৱাৰ আশংকা প্রবল৷

এই সুস্বাদু কিন্তু পুষ্টিহীন খাদ্যই আমাৰ নৱপ্রজন্মৰ জীৱনীশক্তি হ্রাস কৰাৰ লগতে প্রতিৰোধ ক্ষমতাৰ প্রতি শংকা কঢ়িয়াই আনিছে৷ শিশুৱে কান্দিলেই চকলেট, কেণ্ডী, চিপ্ছ, জুচ আহি হাতত তুলি দিয়াৰ প্রৱণতা আঁতৰাবৰ হ’ল৷ অত্যধিক নিমখযুক্ত আৰু চেনি মিশ্রিত খাদ্য দৰাচলতে শিশুৰ বাবে আসক্তিত পৰিণত হয়৷ এবাৰ সোৱাদ পালে শিশুৱে চিপ্ছ বা জুচ (তথাকথিত ফলৰ ৰস) এৰিব নোৱাৰা হয়– আইচক্রীম, কেক, পেষ্ট্রীৰ কথা ক’বই নালাগে৷ এইবোৰে সহজেই দন্ত ক্ষয়, হজমৰ সমস্যা বৃদ্ধিত সহায় কৰে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মত অনুসৰি শিশু আৰু প্রাপ্তবয়স্ক লোকৰ বাবে চেনিৰ পৰিমাণ দৈনিক গ্রহণ কৰা খাদ্যৰ বিপৰীতে মাত্র ৫ শতাংশ হ’ব লাগে৷ কিন্তু বাস্তৱ ক্ষেত্রত এই পৰিমাণতকৈ বহু বেছি চেনি গ্রহণ কৰাৰ ফলত স্বাস্থ্যৰ ক্ষতি হয়৷ পূর্বে উল্লেখ কৰা মল্টডেক্সট্র’জ আৰু আজিনোম’ট’ৰ লগতে কম সময়ত সুস্বাদু খাদ্য প্রস্তুত কৰিবলৈ অধিক পৰিমাণৰ চেনি, নিমখ আৰু তেল ব্যৱহাৰ কৰাৰ ফলত সেই খাদ্য কেৱল জিভাৰ জুতিতহে পৰিণত হয়– খাদ্যগুণ প্রায় নথকাৰ দৰেই হোৱাত জেপৰ ধন ব্যয় কৰি বিষ গ্রহণ কৰা বুলিব পাৰি৷

জাংকফুডত পৰিশোধিত ময়দা আৰু অতিৰিক্ত চেনি থকা বাবে ৰক্ত শর্কৰাৰ পৰিমাণ হঠাৎ বৃদ্ধি (ছুগাৰ স্পাইক) কৰে৷ দীঘলীয়া সময় এই খাদ্য গ্রহণ কৰিলে ইনছুলিন প্রতিৰোধ তৈয়াৰ কৰি টাইপ টু ডায়েবেটিছৰ প্রধান কাৰণ ৰূপে দেখা দিয়ে৷ লিভাৰ বা যকৃতৰ ওপৰত প্রভাৱ পেলায় অতিৰিক্ত তেল–মছলাযুক্ত ফাষ্টফুডে৷ তদুপৰি পৰিমাপ পৰিপক্ব প্রণালীৰ ক্ষতি কৰা বাবে কোষ্ঠকাঠিন্যই দেখা দিয়ে৷ আয়ুর্বেদৰ মতে প্রায় ৮০বিধ ৰোগৰ মূল কোষ্ঠকাঠিন্য৷ ফাইবাৰ বা আঁহযুক্ত খাদ্যৰ অভাৱত বদহজম, এচিডিটী, গেছ আদিৰ দৰে বিসংগতিয়ে শৰীৰক বৰ কষ্ট দিয়ে৷

কেৱল এয়াই নহয়, গৱেষণাত প্রকাশিত তথ্য অনুসৰি অতিৰিক্ত জাংকফুড বা জাবৰ খাদ্যই মস্তিষ্কৰ কার্যক্ষমতা হ্রাস কৰিব পাৰে৷ মানসিক অৱসাদ আৰু উদ্বেগ বৃদ্ধিৰো কাৰক হ’ব পাৰে এনে ধৰণৰ অস্বাস্থ্যকৰ খাদ্য৷ শিশুৰ মাজত ফাষ্টফুডৰ আসক্তিয়ে বিকাশত ব্যাঘাত জন্মায়, মনোযোগ নষ্ট কৰে আৰু বয়সৰ পূর্বেই বার্ধক্যৰ চাপ পেলায়৷ এইসমূহৰ পৰা হাত সাৰিবলৈ ব্যাপক জনসজাগতাৰ প্রয়োজন৷ ঘৰত তৈয়াৰ কৰা খাদ্যহে খোৱাৰ অভ্যাস কৰিব লাগে৷

ছফ্ট ড্রিংকছ বা জুচৰ সলনি পানী, কুঁহিয়াৰৰ ৰস বা ডাবৰ পানী খোৱা বাঞ্ছনীয়৷ বজাৰৰ পেকেজ্ড খাদ্য (বিস্কুট, চিপ্ছ, চানাচুৰ, কেক, চকলেট) আদি যথাসম্ভৱ পৰিহাৰ কৰি ঘৰতে প্রস্তুত কৰা বিকল্প, ফলমূল গ্রহণ কৰিব লাগে৷ চৰকাৰ তথা প্রশাসনেও পার্যমানে সজাগতামূলক কার্যসূচীৰে জনসাধাৰণক যিমান পাৰি এই সম্পর্কে অৱগত কৰিলেহে ইতিবাচক ফল আশা কৰিব পাৰি৷ শিশুৰ অভিভাৱকসকলে সৰুৰে পৰা ৰংচঙীয়া পেকেটৰ খাদ্যৰ পৰা আঁতৰাই স্বাস্থ্যসন্মত আৰু ঘৰুৱা খাদ্যৰ প্রতি অভ্যস্ত কৰি তোলা উচিত৷ স্কুললৈ টিফিন দিওঁতে বজাৰৰ সহজলভ্য খাদ্য দিয়াতকৈ ঘৰতে প্রস্তুত কৰা খাদ্যকহে অগ্রাধিকাৰ প্রদান কৰা বাঞ্ছনীয়৷

You might also like