প্রাকৃতিক সৌন্দর্য, চহকী সাংস্কৃতিক ঐতিহ্য আৰু জৈৱ–বৈচিত্র্যৰে পূর্ণ অঞ্চলবোৰৰ প্রতি পৃথিৱীৰ এচাম পর্যটকৰ আগ্রহ দ্রুতগতিত বৃদ্ধি পাহছে৷ এই পৰিৱর্তন বিশ্বজনীন৷ এই পৰিপ্রেক্ষিতত উত্তৰ–পূব ভাৰত, বিশেষকৈ অসমৰ বাবে এই পৰিৱর্তনে এক অভূতপূর্ব অর্থনৈতিক সুযোগ কঢ়িয়াই আনিছে৷
অসমৰ ঘন বনাঞ্চল, মহাবাহু ব্রহ্মপুত্র আৰু বিচিত্র উপনৈসমূহ আৰু কাজিৰঙা বা মানসৰ দৰে বিশ্ববিখ্যাত অভয়াৰণ্যৰ বাবে অসমে বিশ্ব পর্যটনৰ মানচিত্রত এক সুকীয়া স্থান ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে৷
কিন্তু এই ক্রমবর্ধমান জনপ্রিয়তাৰ এটা দুর্বল দিশো নথকা নহয়৷ ই এক ধৰণৰ নীৰৱ সংকট৷ পর্যটনে অর্থনৈতিক সমৃদ্ধি আনে ঠিকেই, কিন্তু নিয়ন্ত্রণত নাথাকিলে ই স্থানীয় পৰিৱেশতন্ত্রৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিব পাৰে৷
দীর্ঘদিনীয়া সমৃদ্ধিৰ বাবে কেৱল পর্যটকক আকর্ষণ কৰাটোৱেই পর্যটন উদ্যোগৰ একমাত্র লক্ষ্য হ’ব নালাগে, বৰঞ্চ যি প্রাকৃতিক সৌন্দর্য আৰু সম্পদৰ বাবে পর্যটক ইয়ালৈ আহে, সেই সৌন্দর্য যাতে চিৰদিনৰ বাবে হেৰাই নাযায়, সেই কথাটোত অধিক গুৰুত্ব দিব লাগে৷
পর্যটনৰ প্রভাৱক সঠিকভাৱে পৰিচালনা কৰাটো এটা ডাঙৰ প্রত্যাহ্বান৷ পৰিৱেশ–পর্যটন ধাৰণাটোৰ উদ্দেশ্য অতি মহৎ৷ পর্যটকসকলে যাতে প্রকৃতিৰ আনন্দ উপভোগ কৰাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু স্থানীয় সমাজৰ অর্থনৈতিক উন্নয়নত সক্রিয়ভাৱে অৱদান যোগাব পাৰে, সেই কথাটোৱেই এই পর্যটন ধাৰণাৰ কেন্দ্রবিন্দু৷
কিন্তু বাস্তৱ ক্ষেত্রত এই ছবিখন বহু ধৰণে পৃথক আৰু জটিল হৈ পৰিছে৷ ৰাজ্যখনৰ কেইবাটাও স্পর্শকাতৰ পৰিৱেশতন্ত্র অঞ্চলত নীতি নির্দেশনা আৰু নিয়ন্ত্রণ ব্যৱস্থাতকৈ বাণিজ্যিকীকৰণৰ গতি বহুত বেছি দ্রুত হৈ পৰিছে৷
বনাঞ্চলৰ একেবাৰে কাষৰীয়া অঞ্চলসমূহত বৃহৎ কংক্রিটৰ ৰিজ’ৰ্ট নির্মাণ, নদীৰ পাৰত প্লাষ্টিক আৱর্জনাৰ পাহাৰ আৰু বন্যপ্রাণীৰ প্রব্রজনৰ পথত সৃষ্টি হোৱা যান–জঁট হয়াৰ জ্বলন্ত উদাহৰণ৷ এখন অৰণ্যৰ মাজত পর্যটকৰ বিনোদনৰ বাবে আয়োজন কৰা জীপ ছাফাৰিয়ে যেতিয়া অৰণ্য জীৱনৰ নীৰৱ অনুভৱক অনুভৱ কৰোৱাৰ পৰিৱর্তে মহানগৰীৰ যান–জঁটৰ পৰিৱেশৰ ধাৰণা দিয়ে, তেতিয়াই বুজিব পৰা যায় যে পৰিৱেশ–পর্যটনৰ মূল আদর্শ আঘাতপ্রাপ্ত হৈছে৷
এই পর্যটনৰ পৰা বিভিন্ন ক্ষেত্রই বিভিন্ন ধৰণৰ লাভ উপভোগ কৰিছে৷ কিন্তু সেই অর্থনৈতিক সুফলৰ বিতৰণো অসমান৷ পর্যটনৰ পৰা হোৱা লাভৰ বুজন অংশ ডাঙৰ হোটেল ব্যৱসায়ী বা চহৰৰ ট্ৰেভেল এজেঞ্চীসমূহে লাভ কৰে৷
কিন্তু পৰিৱেশ সংৰক্ষণৰ কাৰণে বন্যপ্রাণী আৰু অন্য অসুবিধাবোৰৰ সৈতে সহাৱস্থান কৰি দৈনিক প্রত্যাহ্বানৰ মুখামুখি হৈ থকা স্থানীয় লোকসকল সাধাৰণতে উপেক্ষিত হৈয়েই ৰৈ যায়৷ সমাজৰ সকলো শ্রেণীৰ অংশগ্রহণ আৰু সমতা অবিহনে প্রকৃত পৰিৱেশ–পর্যটন সম্ভৱ হ’ব নোৱাৰে৷
তেওঁলোকৰ অঞ্চললৈ অহা পর্যটকৰ পৰা প্রত্যক্ষ আর্থিক লাভ পালেহে স্থানীয় জনসাধাৰণ প্রকৃতি আৰু বন্যপ্রাণী সংৰক্ষণৰ প্রতি আগ্রহী হৈ থকাটো স্বাভাৱিক৷ এই পদ্ধতিৰ সংশোধন আৰু উন্নতকৰণৰ বাবে অসম জৰুৰীভাৱে নীতি নির্ধাৰণ কৰাটো সময়োপযোগী সিদ্ধান্ত হ’ব৷ ইয়াৰ বাবে প্রতিটো মুখ্য পর্যটনস্থলীৰ বহন ক্ষমতাৰ এক বৈজ্ঞানিক মূল্যায়ন প্রয়োজন৷
অসমৰ ৰাষ্ট্রীয় উদ্যান আৰু পৰিৱেশ সংবেদনশীল অঞ্চলসমূহে সীমাহীন পর্যটকৰ বোজা ল’ব নোৱাৰে৷ দৈনিক দর্শনার্থী আৰু বাহনৰ সংখ্যাৰ ওপৰত এক সঠিক আৰু বৈজ্ঞানিক সীমা নির্ধাৰণ কৰিলে স্থানীয় পৰিৱেশৰ ওপৰত পৰা মানসিক চাপ বহুখিনি হ্রাস পাব৷
একে সময়তে চৰকাৰ আৰু প্রশাসনে স্থানীয় সম্প্রদায়ৰ নেতৃত্বত গঢ়ি উঠা আতিথ্য খণ্ডৰ বিকাশক অধিক উৎসাহ দিব লাগিব৷ বনাঞ্চলৰ কাষৰীয়া গাঁৱৰ যুৱক–যুৱতীসকলক্ পৰিৱেশ অনুকূল হোমষ্টে পৰিচালনাৰ বাবে প্রশিক্ষণ দি সহায় কৰিলে একেলগে দুটা গুৰুত্বপূর্ণ লক্ষ্যত উপনীত হ’ব পৰা যাব৷
ইয়াৰ দ্বাৰা পর্যটনৰ অর্থনৈতিক লাভৰ কিছু অংশ পোনপটীয়াকৈ স্থানীয় লোকৰ হাতলৈ যাব৷ পর্যটকসকলেও অসমৰ চহকী সংস্কৃতি, পৰম্পৰাগত খাদ্য আৰু প্রকৃতিৰ সৈতে জীয়াই থকাৰ কলাৰ এক প্রকৃত অভিজ্ঞতা লাভ কৰিব, যিটো কোনো বিলাসী হোটেলে কেতিয়াও দিব নোৱাৰে৷ পর্যটন সংক্রান্তীয় আহনী নীতি–নির্দেশনাসমূহো অতি কঠোৰ হ’ব লাগিব৷
অৰণ্যৰ সুৰক্ষিত অঞ্চলৰ ওচৰত ব্যৱসায় কৰা প্রতিটো প্রতিষ্ঠানৰ বাবে ‘সেউজ স্থাপত্য’ বাধ্যতামূলক কৰা, প্লাষ্টিক সম্পূর্ণ নিষিদ্ধ কৰা আৰু আৱর্জনা ব্যৱস্থাপনাৰ সঠিক ব্যৱস্থা থকাটো প্রয়োজন৷
প্রকৃতি আমাৰ অসমৰ আটাহতকৈ ডাঙৰ সম্পদ আৰু আমাৰ অনন্য পৰিচয়৷ এই প্রকৃতি কেৱল সাময়িক অর্থনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰা বস্তু নহয়, এহবোৰ অসমৰ ভৱিষ্যৎ প্রজন্মৰ বাবে সংৰক্ষিত কৰি থৈ যাবলগীয়া এক পৱিত্র সম্পদ৷ সন্দেহ নাই, অসমৰ পর্যটন ব্যৱস্থা এক ইতিবাচক শক্তি হ’ব পাৰে, যাৰ জৰিয়তে অসমৰ ঐতিহ্যক বিশ্বৰ দৰবাৰত দাঙি ধৰাৰ লগতে স্থানীয় লোকৰো মানুহৰ আর্থিক উন্নতিৰ এটি পথ উন্মোচিত হ’ব৷