আজি ২৭ মে’, জেঠ মাহৰ ১২ তাৰিখ
বুধবাৰ : তিথি–শুক্লাদশমী, নক্ষত্র : মৃগশিৰা, যাত্রা : মধ্যম
মেষ : আজি সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব৷ প্রাপ্তি ধন লাভৰ সম্ভাৱনা৷ যান–বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে৷ বিবাহৰ যোগাযোগত শুভ৷ শুভ ৰঙ–হালধীয়া৷ শুভ সংখ্যা–৯
বৃষ : আজি ব্যৱসায়ত ডন্নতি লাভৰ সম্ভাৱনা৷ আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ মাটি–বাৰীৰ লেনদেনত সাৱধান৷ মামলা মোকর্দমাত ক্ষতি হোৱাৰ সম্ভাৱনা৷ বিবাহৰ যোগ৷ শুভ ৰঙ–বগা৷ শুভ সংখ্যা–৬
মিথুন : আজি সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব৷ বিদ্যাৰ ক্ষেত্রত শুভ ফল লাভৰ পৰা বঞ্চিত হ’ব পাৰে৷ ব্যৱসায়ত লাভ বৃদ্ধিৰ যোগ৷ বিবাহৰ যোগ৷ শুভ ৰঙ–নীলা৷ শুভ সংখ্যা–১
কর্কট : আজি কর্মক্ষেত্রত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে৷ খেলা–ধূলাৰ লগত জড়িতসকলে সুফল পাব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ প্রেমত আগবাঢ়িব পাৰে৷ শুভ ৰঙ–গুলপীয়া৷ শুভ সংখ্যা–৪
সিংহ : আজি কর্মক্ষেত্রত মানসিক অস্থিৰতা বৃদ্ধি পাব৷ মোকর্দমা আদিত সফলতা আহিব৷ ঘৰুৱা শান্তি বিৰাজমান৷ ওচৰ চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে৷ প্রেমত শুভ৷ শুভ ৰঙ–ক্রিম৷ শুভ সংখ্যা–৩
কন্যা : আজি আত্মবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব৷ যান–বাহন কিনাৰ ক্ষেত্রত বাধা নাই৷ সন্তানৰ শুভ৷ দূৰ ভ্রমণ নকৰাই ভাল৷ প্রেমত অশান্তি৷ শুভ ৰঙ–বেঙুনীয়া৷ শুভ সংখ্যা–১
তুলা : আজি কর্মক্ষেত্রত সহকর্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে৷ বিদ্যাত জটিলতা কম৷ দেহ বৰ সুস্থ নাথাকিব৷ অংশীদাৰী ব্যৱসায়ত শুভ৷ শুভ ৰঙ– মেৰুন৷ শুভ সংখ্যা–৬
বৃশ্চিক : আজি ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব৷ আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্রা বাঢ়িব৷ শৰীৰৰ প্রতি যত্ন ৰখা উচিত৷ বিদ্যাত বাধা৷ শুভ ৰঙ–কমলা৷ শুভ সংখ্যা–৫
ধনু : আজি কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব৷ বিশ্বাস যোগ্য বন্বুূ বান্ধৱৰ পৰা উপকৃত হ’ব৷ বিয়া বাৰুৰ যোগাযোগত বাধা৷ প্রেমত শুভ৷ শুভ ৰঙ–সেডজীয়া৷ শুভ সংখ্যা–৮
মকৰ : আজি দাম্পত্যত বিশেষ পৰিৱর্তন নাই৷ সন্তানৰ বাবে মধ্যম৷ নিকট আত্মীয়ৰ কোনো খবৰত চিন্তিত৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ ব্যৱসায়ীসকলৰ দূৰ ভ্রমণ সফল হ’ব পাৰে৷ শুভ ৰঙ–কলা৷ শুভ সংখ্যা–৭
কুম্ভ : আজি চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা৷ বিদ্যাত অশুভ৷ কর্মত তৎপৰতা থাকিব৷ শৰীৰৰ প্রতি যত্ন ৰখাটো দৰকাৰ৷ অর্থ লাভৰ তুলনাত খৰচৰ পৰিমাণ বৃদ্ধি পাব৷ শুভ ৰঙ–ৰঙা৷ শুভ সংখ্যা–৫
মীন : আজি নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা৷ কর্মক্ষেত্রত সামান্য বাধা৷ যাত্রাত শুভ৷ সুবন্বুূ লাভৰ যোগ৷ মাতৃৰ শুভ৷ প্রেমত সন্দেহ৷ শুভ ৰঙ–সোণালী৷ শুভ সংখ্যা–৩