নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিছবেনত নেখেলাৰ ভাবুকি ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ সম্প্রতি অষ্ট্রেলিয়া ভ্রমণৰত ভাৰতীয় ক্রিকেট দলটোৱে ১৫ জানুৱাৰীৰ পৰা ব্রিছবেনত আৰম্ভ হ’বলগীয়া চতুর্থ তথা অন্তিমখন টেষ্টত নেখেলাৰ ভাবুকি দিছে৷ কুইন্সলেণ্ড চৰকাৰে ক’ভিড–১৯ৰ বাবে বান্ধি দিয়া প্রট’কলৰ বাবে ব্রিছবেন টেষ্টখনত খেলিবলৈ অনিচ্ছা প্রকাশ কৰিছে৷ ক’ৰোনা ভাইৰাছৰ বাবে কুইন্সলেণ্ড চৰকাৰে ব্রিছবেনত বহুকেইটা নিয়ম বান্ধি দিছে৷ টেষ্টখনত অংশগ্রহণৰ বাবে ব্রিছবেনত উপস্থিত হোৱাৰ পিছতে টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়া দলটোৰ খেলুৱৈসকল পুনৰবাৰ কোৱাৰেণ্টাইনত থাকিবলগীয়া হোৱাৰ সম্ভাৱনাই অধিক৷ কিন্তু ভাৰতীয় দলটোৱে কোৱাৰেণ্টাইনত থাকিবলৈ অনিচ্ছা প্রকাশ কৰিছে৷

কিয়নো, ইতিমধ্যে অষ্ট্রেলিয়াত উপস্থিত হোৱাৰ পিছতে টীম ইণ্ডিয়াৰ সদস্যসকলে ১৪ দিন কোৱাৰেণ্টাইনত কটাইছিল৷ যদি ব্রিছবেনত কোৱাৰেণ্টাইন খাটিবলগীয়া হয়, তেতিয়াহ’লে শৃংখলাটোৰ চতুর্থ তথা অন্তিমখন টেষ্টো ছিডনী ক্রিকেট গ্রাউণ্ডত খেলিবলৈ আগ্রহী ভাৰতীয় ক্রিকেট দলটো৷ ইপিনে, ক’ভিড–১৯ৰ প্রট’কলক লৈ কুইন্সলেণ্ড চৰকাৰ অধিক কঠোৰ হৈ পৰিছে৷ যদি ক’ভিড–১৯ৰ প্রট’কল নামানে, তেতিয়াহ’লে ভাৰতীয় দলটোক ব্রিছবেনত উপস্থিত হ’বলৈ দিয়া নহ’ব বুলি কুইন্সলেণ্ড চৰকাৰৰ স্বাস্থ্য বিভাগে সদৰী কৰিছে৷ সকলোৰে বাবেই এটা নিয়ম আৰু এই নিয়ম সকলোৱে পালন কৰা উচিত৷ যদি প্রট’কল মানিবলৈ আগ্রহী, তেতিয়াহ’লে ভাৰতীয় দলটোৱে ব্রিছবেন টেষ্টত অংশ ল’ব পাৰিব বুলি স্পষ্ট কৰি দিছে কুইন্সলেণ্ড চৰকাৰে৷ ইপিনে, টীম ইণ্ডিয়াই ক’ভিড প্রট’কলৰ বাবে ব্রিছবেন টেষ্টত অংশ নোলোৱাৰ ভাবুকি দিছে যদিও ক্রিকেট অষ্ট্রেলিয়াই দুয়ো দেশৰ মাজত চলি থকা টেষ্ট শৃংখলাটোৰ সূচী কোনোধৰণৰ সালসলনি নহয় বুলি মন্তব্য কৰিছে৷ ছিডনী ক্রিকেট গ্রাউণ্ডত ইখনৰ পিছত সিখন টেষ্ট আয়োজন কৰাটো সম্ভৱ নহয়৷ ৪ দিনৰ ভিতৰত দ্বিতীয়খন পিট্চ তৈয়াৰ কৰাটো অসম্ভৱ বুলি ক্রিকেট অষ্ট্রেলিয়াই মন্তব্য কৰিছে৷

You might also like