নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী প্রচাৰ

তিনিওটা পর্যায়ৰ বাবে মনোনয়ন–পত্র দাখিল পর্ব সমাপ্ত হোৱাৰ পিছত অসমজুৰি বলিছে উষ্ণ নির্বাচনী বতাহ৷ ভোটাৰক নতুন দিনৰ স্বপ্ণ দেখুওৱাৰ অর্থে প্রতিশ্রুতি–আশ্বাসেৰে চাৰিওফালে চলিছে নির্বাচনী ভাষণ৷ ইয়াৰ মাজতে ভোটাৰক নিজৰ পক্ষলৈ অনাৰ বাবে ৰাজ্যখনত প্রতিদিনেই দেশৰ বিভিন্ন প্রান্তৰ পৰা ষ্টাৰ প্রচাৰক, তাৰকা আদি আহি আছে৷ এইক্ষেত্রত সবাৰো শীর্ষত আছে কেন্দ্র আৰু ৰাজ্যত শাসনাধিষ্ঠিত দল বিজেপি৷ এই মুহূর্তত দেশৰ সর্বাধিক নির্বাচনী তাৰকা আছে এই দলটোত৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহৰ পৰা স্মৃতি ইৰাণী, ৰাজনাথ সিং, যোগী আদিত্যনাথলৈ দলটোৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাখন যথেষ্ট দীঘল আৰু প্রভাৱশালী৷ তদুপৰি অসমত ড০ হিমন্ত বিশ্ব শর্মা, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আছে৷ ইয়াৰ বিপৰীতে বহু বছৰ ধৰি দিল্লীৰ শাসনৰ পৰা আঁতৰত থকা তথা দেশৰ মাথোঁ কেইখনমান ৰাজ্যৰহে ক্ষমতাত থকা কংগ্রেছত ষ্টাৰ কেম্পেইনাৰৰ সংখ্যা তেনেই কম৷ দলটোৱে মূলতঃ ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছে৷ দুয়োগৰাকী নেতাই ইতিমধ্যে কেইবাবাৰো অসম ভ্রমণ কৰি কংগ্রেছৰ হৈ নির্বাচনী প্রচাৰ চলাই গৈছে৷ এই দল দুটাৰ বাহিৰে ৰাজ্যখনত প্রতিদ্বন্দ্বিতা কৰা আন দলে অসমৰ বাহিৰৰ নেতাক নির্বাচনী প্রচাৰৰ বাবে অনা নাই৷ এ আই ইউ ডি এফ দলটো মৌলানা বদৰুদ্দিন আজমলৰ ওপৰত মূলতঃ নির্ভৰশীল৷ সেইদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকহে ৰাজ্যৰ বিভিন্ন অঞ্চলত প্রচাৰ চলাই থকা দেখা গৈছে৷ আন নেতাসকলে নিজৰ নিজৰ সমষ্টিতে আবদ্ধ হৈ আছে৷ ৰাইজৰ দলে মাজে সময়ে অখিল গগৈৰ পত্র হাতত লৈ সংবাদ মেলৰ জৰিয়তে নির্বাচনী প্রচাৰ চলাইছে৷ দলটোত ষ্টাৰ কেম্পেইনাৰ বুলিবলৈ আন নেতা সন্মুখলৈ অহা নাই৷ অখিল গগৈ আছে বন্দী অৱস্থাত৷
তাৰকাৰ এনে প্রচাৰৰ ভিৰৰ মাজতে প্রধানমন্ত্রী তথা বিজেপিৰ তুৰুপৰ তাচ নৰেন্দ্র মোদীয়ে ২০ আৰু ২১ মার্চত অসমত নির্বাচনী প্রচাৰ চলায়৷ তেওঁ ২১ মার্চত বোকাখাতত অনুষ্ঠিত বিজয় সংকল্পত ভাগ লৈ দিয়া ভাষণত কংগ্রেছক শব্দৰ বাণেৰে থকাসৰকা কৰে৷ প্রধানমন্ত্রী মোদীয়ে কংগ্রেছৰ পাঁচটা গেৰাণ্টীক মূল লক্ষ্য হিচাপে লয়৷ তেওঁ কংগ্রেছৰ গেৰাণ্টীক মিছা ঘোষণা–পত্র, বোমা–বন্দুক–ব্লোকেড, ভ্রষ্টাচাৰ–কেলেংকাৰি, অস্থিৰতা, ভাই–ভতিজাবাদৰ গেৰাণ্টী বুলি আখ্যা দিয়ে৷ তদুপৰি, দলটো মাথোঁ শাসনৰ বাবে লালায়িত বুলি কঠোৰ সমালোচনা কৰে৷ ইয়াৰ বাবে কংগ্রেছে পশ্চিমবংগত বামপন্থীক আঁকোৱালি লয় আৰু কেৰালাত গালি পাৰে৷ তদুপৰি, নিজকে ধর্মনিৰপেক্ষ বুলি দাবী কৰা কংগ্রেছে অসম, পশ্চিমবংগ আৰু কেৰালাত সম্প্রদায়ৰ ভেটিত গঢ় লৈ উঠা দলৰ সৈতে মিত্রতা কৰা বুলিও সমালোচনা কৰে৷ ইয়াৰ বিপৰীতে একেটা দিনত কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী ৱদ্রাই নাজিৰাত ভাষণ দি বিজেপিক সমালোচনা কৰে৷ ভাষণত তেওঁ লোকপ্রিয় গোপীনাথ বৰদলৈৰ নামত উৎসর্গিত বিমানবন্দৰ আদানিক বিকাত ক্ষোভ জাহিৰ কৰে৷ বিজেপিয়ে দামবৃদ্ধিৰে জনসাধাৰণক জলা–কলা কৰিছে বুলি অভিযোগ কৰে৷ নিটি আয়োগৰ প্রতিবেদনত অসমত দৰিদ্রৰ সংখ্যা বৃদ্ধি পোৱা বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে বুলি চৰকাৰক সমালোচনা কৰে৷ লগতে কংগ্রেছৰ পাঁচটা গেৰাণ্টীৰ কথাও উল্লেখ কৰে৷ তেওঁৰ মতে, এয়া ঘোষণা বা প্রতিশ্রুতি নহয়, গেৰাণ্টী৷ তেওঁ চৰকাৰৰ স্কুটী বিতৰণ আঁচনিক সমালোচনা কৰি অসমৰ যুৱপ্রজন্মই চান্দা নহয়, আত্মসংস্থাপন বিচাৰে৷ আত্মনির্ভৰতা বিচাৰিছে৷ এইদৰে সমালোচনা–প্রতিশ্রুত্ অসমত ৰাজনৈতিক দল–নেতাই জনসমর্থন নিজৰ সপক্ষে নিবলৈ চেষ্টা চলাই আছে৷ ৰাষ্ট্রীয় দল দুটীৰ লগতে অজাপ, ৰাইজৰ দলৰ নেতৃত্বও সমানেই তৎপৰ হৈ আছে৷ ইয়াৰ সমান্তৰালকৈ নির্বাচন আয়োগে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ধৰণৰ সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰি আছে৷ এই সকলোবোৰে ভোটাৰক অধিক হাৰত ভোট কেন্দ্রলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব৷ আয়োগে ‘এইবাৰ আশীৰ সিপাৰ’ অর্থাৎ এইবাৰ আশী শতাংশৰো অধিক হাৰত ভোটদানৰ লক্ষ্য বান্ধি লৈছে৷ ভোটদানত ইমানসংখ্যক লোকে অংশগ্রহণ কৰাৰ অর্থ হ’ল আমি পৰিপক্ব গণতান্ত্রিক ৰাষ্ট্র এখন বাস কৰিছোঁ, যিখন ৰাষ্ট্রৰ প্রতিগৰাকী নাগৰিক ভোটদানৰ দৰে গণতান্ত্রিক অধিকাৰ তথা কর্তব্যৰ প্রতি অতি সচেতন৷ দেশ এখনৰ জনসাধাৰণৰ মংগলৰ চাবি এপাট ইয়াতো লুকাই আছে৷

You might also like