নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীশ্রীমদ্ভৱাগৱত ভাৰতীয় সভ্যতা–সংস্কৃতিৰ ইতিহাস

ছিপাঝাৰ অখণ্ড ভাগৱত পাঠৰ অনুষ্ঠানত সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ গৰুখুঁটি আঞ্চলিক ভাগৱত চক্রৰ উদ্যোগত ২নং ৰাজাপুখুৰীৰ ৰংঘৰ মন্দিৰ প্রাংগণত ১৮, ১৯, ২০ মার্চত তিনিদিনীয়া কার্যসূচীৰে সর্বজন কল্যাণার্থে শ্রীশ্রী মদ্ভাগৱতৰ অখণ্ড পাঠৰ আয়োজন কৰা হয়৷ প্রথম দিনৰ কার্যসূচী পুৱা বন্তি প্রজ্বলন, পৰিৱেশ নিকাকৰণ, স্মৃতি তর্পণ, গছপুলি ৰোপণ, ভাগৱত শোভাযাত্রা, ভাগৱত স্থাপন আৰু অখণ্ড ভাগৱত পাঠ–ব্যাখ্যাৰে অন্ত পৰে৷ দ্বিতীয় দিনা অবিৰত ভাগৱত পাঠ–ব্যাখ্যাৰে অন্ত পৰাৰ পাছত তৃতীয় দিনা ভাগৱত পাঠৰ সামৰণী সভাখন গৰুখুঁটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্রাপ্ত অধ্যক্ষ ভাবিৰাম নাথৰ সভাপতিত্বত অনুষ্ঠিত হয়৷

ভাগৱতৰ বিভিন্ন কাহিনী উল্লেখেৰে সভাখন উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক ৰজনী নাথে৷ নির্দিষ্ট বক্তাৰ ভাষণ দিয়ে অসম সাহিত্য সভাৰ উপ–সভাপতি, ৰত্নগর্ভা আদর্শ মাতৃ মৃণালিনী দেৱীয়ে৷ সভাত মৃণালিনী দেৱীয়ে ভাৰতীয় সভ্যতা–সংস্কৃতিৰ আধাৰগ্রন্থ বেদ, পুৰাণ, শ্রীশ্রী মদ্ভাগৱতৰ ইতিহাস, মহাকবি বেদব্যাস আদি ঋষি–মুনিসকলৰ অমৃত বাণী, আধুনিক যুগৰ যুগনায়ক ঋষি অৰবিন্দ, পৰমহংস, বিবেকানন্দ, শ্রীমন্ত শংকৰদেৱ–মাধবদে আদি গুৰুসকলৰ উল্লেখেৰে জীৱন সঞ্জীৱনী ভাগৱতৰ ব্যাখ্যাৰে উদ্দীপক ভাষণ দিয়ে৷

তেওঁ ভাগৱত পাঠ অনুষ্ঠানত সহস্র মহিলা আৰু যুৱকৰ স্বতঃস্ফূর্ত উপস্থিতিত আপ্লুত হৈ তেওঁলোকক উদ্দেশ্যি কয় যে মাতৃসকলেই হ’ল সু–সংস্কৃত সমাজ গঠনৰ চালিকা শক্তি, মাতৃগর্ভতে যুগে যুগে মহাপুৰুষসকলৰ জন্ম হৈছে৷ সেইবাবে মাতৃৰ ঘৰখনেই হ’ল প্রথম আদর্শ বিদ্যালয়৷ যুৱপ্রজন্মসকলোকো ভাৰতীয় সভ্যতা–সংস্কৃতিৰ ঐতিহ্য–ইতিহাসৰ জ্ঞান লাভ কৰি আধ্যাত্মবাদৰ মাজেৰে ‘মনুস্য জীৱন তৰণ’ৰ উপায় ভাগৱতৰ তত্ত্বজ্ঞান লাভ কৰি ঋষি–মুনিসকলৰ কৃচ্ছ্রসাধনৰ ফচল অমূল্য গ্রন্থ অধ্যয়ন কৰি সংস্কাৰপূর্ণ, প্রকৃত শিক্ষিত আৰু মানৱ সম্পদ হ’বলৈ আহ্বান জনায়৷ আন এগৰাকী বক্তা ‘সকলো নিগম কল্পতৰু’ ভাগৱতৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় নাগাৰা নামৰ লেখক, সমাজসেৱক পৱিত্র শর্মাই৷

You might also like