নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হত্যা নে দুর্ঘটনা

ৰাষ্ট্রীয় ঘাইপথক এটা বিৰামহীন পৰিবহণ ব্যৱস্থাৰ অংশ বুলি ক’লেও বঢ়াই কোৱা নহয়৷ বিশেষ পৰিস্থিতিৰ উদ্ভৱ নহ’লে অথবা পথ মেৰামতি, পুনৰ নির্মাণ হৈ নাথাকিলে ৰাষ্ট্রীয় পথেৰে যান–বাহনৰ চলাচলত বিৰাম আহি নপৰে৷ অর্থাৎ বিৰামহীন ব্যৱস্থাটো অবিৰাম গতিত চলি থাকে৷ ইয়াৰ বাবে এটা সুষম আৰু মসৃণ ব্যৱস্থাপনাৰ আৱশ্যক৷ এইখিনিতে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু স্থানীয় প্রশাসনৰ দায়িত্ব আহি পৰে৷ দুয়োটা পক্ষই নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰিলে অথন্তৰ ঘটে৷ অঘটন ঘটে৷ লগতে এইটোও কথা মন কৰিব  লাগিব  যে ৰাষ্ট্রীয় ঘাইপথেৰে প্রায় প্রতিনিয়ত যান–বাহন চলাচল কৰি থাকে৷ বাছ চলে, ট্ৰাক চলে, লঘু যান–বাহন চলাচল কৰে৷ সেই গতিকে ৰাষ্ট্রীয় ঘাইপথৰ প্রথম চর্তটোৱেই হ’ল অথবা হ’ব লাগিব নিৰাপত্তাৰ আশ্বাস৷ পথৰ ওপৰেৰে চলাচল কৰা যান–বাহনৰ লগতে তাত থকা মানুহৰ জীৱন আৰু বাহনে কঢ়িওৱা সামগ্রীৰ সুৰক্ষা আৰু নিৰাপত্তা সংশ্লিষ্ট কর্তৃপক্ষ আৰু স্থানীয় প্রশাসনে নিশ্চিত কৰিবই লাগিব ৷ গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত দুর্ঘটনাটোৱে দুয়োপক্ষৰে অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাক শোকাৱহভাৱে উদঙাই দিছে৷ এক কথাত ক’বলৈ গ’লে হৃদয়বিদাৰক ঘটনাটোত প্রাণ হেৰুওৱা লোকসকলক ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু স্থানীয় প্রশাসনে মৃত্যুৰ মুখলৈ ঠেলি দিলে৷ দুর্ঘটনাটোত ১২গৰাকী লোকৰ মত্যু হোৱা নাছিল, কেউগৰাকীকে হত্যা কৰা হ’ল৷ টিলিঙা মন্দিৰত অদৃষ্টজনৰ আশিস লৈ বগীবিলত লুইতৰ বলুকাত লগে–ভাগে এসাঁজ খোৱাৰ মানসেৰে মাজনিশা ঘৰৰ পৰা লোকসকলক পথত পাতি থোৱা মৰণফান্দত পেলাই প্রাণ আঁজুৰি নিয়াৰ লগতে কেইবাজনকো আহত কৰা হ’ল৷ এইটো অক্ষমণীয় অপৰাধ৷ অপৰাধটোত জড়িত লোকসকলক আইনী ব্যৱস্থাৰ মাজেৰে বিচাৰি উলিয়াই আদালতৰ কাঠগৰাত তুলিব  লাগিব ৷ তেওঁলোক সকলোকে দেখুৱাই দিব লাগিব যে জীৱন ইমান মূল্যহীন নহয়৷ প্রতিটো মৃত্যুৰ উচিত বিচাৰ হ’ব লাগিব ৷ এই বিচাৰ হ’ব লাগিব হত্যাৰ গোচৰত৷ শোকাৱহ ঘটনাটোৰ পিছতে প্রশাসনে তদন্ত ঘোষণা কৰিছে৷ দিছপুৰৰ ফালৰ পৰাও উদ্বেগ প্রকাশ কৰা হৈছে৷ কথােবাৰ ইয়াতে সীমাবদ্ধ থাকিলে নহ’ব ৷ লগতে ৰাষ্ট্রীয় ঘাইপথৰ যি যি অংশত এনে ধৰণৰ মৰণফান্দ পাতি থোৱা আছে, তাক আঁতৰোৱাৰ ব্যৱস্থা হ’ব লাগিব ৷
দেৰগাঁৱৰ পথ দুর্ঘটনাটোৰ বিষয়ে এতিয়ালৈকে পোহৰলৈ অহা কথােবাৰৰ অন্যতম হৈছে ৰাষ্ট্রীয় পথছোৱাৰ চাৰিলেনযুক্তলৈ উন্নীতকৰণত হোৱা লেহেমীয়া গতিটো৷ ৰাষ্ট্রীয় ঘাইপথৰ দৰে বিৰামহীন পৰিবহণ ব্যৱস্থা এটাত লেহেমীয়া নির্মাণকার্য আক্ষৰিক অর্থত অপৰাধ৷ ই যান–বাহনৰ সুষম চলাচলত হেঙাৰৰ সৃষ্টি কৰে৷ তাৰ বাবে প্রতিনিয়ত সতর্কতাৰ প্রয়োজন হয়৷ মানৱ সম্পদ নিয়োজনৰ আৱশ্যক হয়৷ যান–বাহনৰ গতিৰ দিশ সলনি কৰোৱাবলৈ ব্যৱস্থা গ্রহণ কৰিবলগীয়া হয়৷ দৰকাৰ হয় চলাচল কৰা যান–বাহনৰ গতি নিয়ন্ত্রণ ব্যৱস্থাৰ৷ তাৰ বাবে প্রয়োজনীয় অংশত পথ নির্দেশনাৰ সুব্যৱস্থা থকাটো প্রথম চর্ত৷ দ্বিতীয়তে তেনে অংশত নিয়ন্ত্রণৰ কর্তৃত্ব থকা মানুহো ৰাখিব লাগিব৷ কর্তৃত্বশীল মানুহ ৰখাৰ দায়িত্ব স্থানীয় প্রশাসনৰ৷ বালিজানত তীর্থযাত্রী তথা বনভোজৰ দলটো কঢ়িয়াই নিয়া বাছখনক কয়লা পৰিবাহী ট্ৰাকখনে বিপৰীত দিশৰ পৰা আহি একেটা লেনতে খুন্দিয়াইছিল৷ ইয়াৰ অর্থটো হৈছে সমভাগত কোনো পথ নির্দেশনা নাছিল৷ এইটো ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ এটা অক্ষমণীয় অপৰাধ৷ ৰাষ্ট্রীয় পথৰ গৰাকী তেওঁলোক৷ সুৰক্ষাৰ প্রাথমিক দায়িত্বও প্রাধিকৰণৰেই৷ চাৰিলেনযুক্ত পথ নির্মাণৰ কামত নিয়োজিত কোম্পানীটোও ইয়াৰ বাবে জবাবদিহি হ’ব লাগিব ৷ হত্যাকাণ্ডটোৰ তেওঁলোকো সমানেই অংশীদাৰ৷ ৰাষ্ট্রীয় পথৰ এছোৱাত নির্মাণকার্য চলি থাকিলে স্থানীয় প্রশাসনেও চকু মুদি থাকিব নোৱাৰে৷ দায়িত্ব প্রশাসনৰো থাকে আৰু চৰকাৰৰ এই অংশটো ইয়াৰ বাবে জবাবদিহি হ’বই লাগিব ৷ ৰাষ্ট্রীয় পথত পাতি থোৱা মৰণফান্দখনক লৈ ধৃতৰাষ্ট্রৰ ভূমিকাৰ দোষত স্থানীয় প্রশাসনকো ধৰিব লাগিব ৷ ঘটনাটোৰ পিছত চৰকাৰৰ তৰফৰ পৰা এছ অ’ পিৰ ব্যৱস্থা কৰা হৈছে৷ বনভোজলৈ ওলোৱাৰ ক্ষেত্রত কঠোৰ বিধি ব্যৱস্থাৰ দিহা কৰা হৈছে৷ সকলোবাৰ অঘটন এটাৰ পিছতহে কৰা হয়৷ অঘটন নঘটাৰ বাবে প্রয়োজনীয় ব্যৱস্থাহে কৰা নহয়৷ যিটো দেৰগাঁৱৰ বালিজানত দেখা গ’ল৷

You might also like