নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিকোনো মুহূর্ততে অৰুণাচল জোকাৰিব বৰভূঁইকঁপে

🔹 ভূ–গর্ভত সৃষ্টি হৈছে প্রচণ্ড চাপ
🔹 হায়দৰাবাদৰ ৰাষ্ট্রীয় ভূ–পদার্থ গৱেষণা প্রতিষ্ঠানৰ অধ্যয়নত উদ্বেগজনক তথ্য

ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জানুৱাৰী : শেহতীয়াকৈ জাপানত ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰত হোৱা শতাধিক ভূমিকম্পৰ ফলত ৭৪জনতকৈও অধিক লোকে প্রাণ হেৰুওৱাৰ বাতৰিয়ে চর্চা লাভ কৰাৰ সময়তে উত্তৰ–পূর্বাঞ্চলবাসীলৈ আহিছে অশনি সংকেত৷ পূর্বৰে পৰা অতিশয় ভূ–কম্পনপ্রৱণ এলেকাত সন্নিৱিষ্ট অসমসহ উত্তৰ–পূর্বাঞ্চলক যিকোনো মুহূর্তত জোকাৰি তুলিব পাৰে বৰভূঁইকঁপে৷ এই সকীয়নি হায়দৰাবাদস্থিত ৰাষ্ট্রীয় ভূ–পদার্থ গৱেষণা প্রতিষ্ঠানৰ৷ শেহতীয়াকৈ প্রতিষ্ঠানখনৰ কেইবাজনো বিজ্ঞানীয়ে দীঘলীয়া অধ্যয়নৰ অন্তত প্রকাশ কৰিছে যে সম্প্রতি অৰুণাচল প্রদেশ অতিশয় চাপযুক্ত অৱস্থাত আছে৷ যাৰ বাবে সৰু চাপেও অৰুণাচল প্রদেশত তীব্র ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে৷ ছায়েণ্টিফিক ৰিপ’ৰ্টছ নামৰ এখন জার্নেলত প্রতিষ্ঠানখনৰ ৫জন বিজ্ঞানী ট’নী ছাইনী, অভেৰাম বাঞ্চাল, এন পূর্ণচন্দ্র ৰাও, ৰজত পাছৰিকা আৰু ভেংকটেশ ভেমপাটীয়ে লিখা ‘সৰু চাপেও অৰুণাচল প্রদেশত ভূমিকম্প আৰু জোকাৰণিৰ সৃষ্টি কৰিবলৈ সক্ষম’ শীর্ষক প্রতিবেদনত এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে৷ উল্লেখ্য যে এই প্রতিবেদনখন প্রস্তুত কৰাৰ পূর্বে প্রতিষ্ঠানখনৰ বিজ্ঞানীসকলে অৰুণাচল প্রদেশত হোৱা ৩৪টা বিশেষ ভূমিকম্পৰ তথ্য বিশ্লেষণ কৰিছিল৷ ইয়াৰ অন্তত লাভ কৰা তথ্যৰ ভিত্তিত তেওঁলোকে প্রকাশ কৰিছে যে অৰুণাচল প্রদেশ সম্প্রতি অতিশয় চাপযুক্ত অৱস্থাত আছে৷ ৰাজ্যখন অত্যন্ত স্পর্শকাতৰ আৰু সৰু চাপেও অৰুণাচল প্রদেশত তীব্র ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে৷ ছায়েণ্টিফিক ৰিপ’ৰ্টছত প্রকাশিত প্রতিবেদন অনুসৰি, ১৯০০ চনৰ পৰা ২০২১ চনলৈ ১২১ বছৰত এই অঞ্চলটোত ৩২টা ৬তকৈ অধিক প্রাবল্যৰ ভূমিকম্প হৈছে৷ অধ্যয়নৰ পৰা পোহৰলৈ অহা তথ্য অনুসৰি এই অঞ্চলটো টেক্ট’নিকভাৱে অত্যন্ত সক্রিয় আৰু জটিলভাৱে চাপযুক্ত৷ অঞ্চলটো ২০০৫ চনৰ ৪ জানুৱাৰীত কঁপাই তোলা ৬.৪ প্রাবল্যৰ ভূমিকম্পৰ বিষয়েও প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ যাৰ উৎস আছিল ভাৰত–ভূটান সীমান্ত৷ সমান্তৰালভাৱে ২০১৯ বর্ষৰ ২৪ এপ্রিলত ৫.৫ প্রাবল্যৰ আন এটা ভূমিকম্পয়ো কঁপাই তুলিছিল৷ তেওঁলোকে বিশ্লেষণ কৰা ৩৪টা ভূমিকম্পই ২০১০ বর্ষৰ এপ্রিলৰ পৰা ২০১৮ বর্ষৰ ডিচেম্বৰলৈকে অৰুণাচলক কঁপাই তুলিছিল৷ উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচল প্রদেশ অতিশয় ভূ–কম্পনপ্রৱণ অঞ্চলত অন্তর্ভুক্ত৷ ছায়েণ্টিফিক ৰিপ’ৰ্টছত প্রকাশিত প্রতিবেদনখনৰ অন্যতম লেখক আভেৰাম বাঞ্চালে টাইমছ অৱ ইণ্ডিয়াৰ আগত প্রকাশ কৰা অনুসৰি, অঞ্চলটোৰ ভৌগোলিক অৱস্থিতিৰ বাবে ই অতিশয় ভূ–কম্পনপ্রৱণ এলেকাত অন্তর্ভুক্ত৷ ইণ্ডিয়ান আৰু ইউৰেছিয়ান টেক্ট’নিক প্লেটৰ সংঘর্ষস্থলীত অৱস্থিত হোৱা বাবেই অঞ্চলটো অতিশয় ভূমিকম্পনপ্রৱণ৷ এই অঞ্চলটো ইয়াৰ ভৌগোলিক অৱস্থিতিৰ জটিলতাৰ বাবেও পৰিচিত৷ তেওঁলোকৰ অধ্যয়নৰ নেতৃত্ব দিয়া গৱেষক ট’নী ছাইনীয়ে প্রকাশ কৰা অনুসৰি, তেওঁ সমগ্র হিমালয় বেল্টৰ অধ্যয়ন কৰিবলৈ পৰিকল্পনা কৰিছে৷ ইয়াৰ জৰিয়তে চাপযুক্ত অঞ্চলসমূহৰ সন্ধান ওলাব আৰু অত্যন্ত স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰিব পৰা যাব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে উত্তৰ–পূর্বাঞ্চলক বিশ্বৰ অত্যন্ত ভূমিকম্পনপ্রৱণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে৷ এই অঞ্চলটো ইণ্ডিয়ান–ইউৰেছিয়ান প্লেট আৰু ইণ্ডিয়ান–বার্মিজ প্লেটৰ সীমাত অৱস্থিত৷ যাৰ বাবে বিগত সময়ছোৱাত এই অঞ্চলটো কেইবাটাও বৃহৎ ভূমিকম্পৰ সাক্ষী হৈছে৷ ইয়াৰ ভিতৰত ১৯৫০ চনত হোৱা অসম–তিব্বত ভূমিকম্প অন্যতম৷ এই ভূমিকম্পটোৰ প্রাবল্য আছিল ৮.৯ ৷ ভূমিকম্পটোত ১,৫০০তকৈও অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বিস্তীর্ণ অঞ্চল ক্ষতিগ্রস্ত হৈছিল৷ পৰৱর্তী সময়ত ১৯৮৮ চনত ৬.৫ প্রাবল্যৰ আন এটা ভূমিকম্পই সমগ্র উত্তৰ–পূর্বাঞ্চল জোকাৰি গৈছিল৷ সেই সময়ত অসম আৰু অৰুণাচল প্রদেশত ২০০জন লোক নিহত হৈছিল৷ ২০১১ চনত ছিকিম আৰু পশ্চিমবংগৰ এটা অংশ ৬.৯ প্রাবল্যৰ ভূমিকম্পই কঁপাই তুলিছিল৷ উক্ত ভূমিকম্পটোতো ১০০জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ–দুৱাৰৰ বিস্তৰ ক্ষতিসাধন হৈছিল৷ ২০১৭ চনত ত্রিপুৰাক ৫.৭ প্রাবল্যৰ ভূমিকম্পই কঁপাই তুলিছিল৷ শেহতীয়াকৈ কেইবাটাও ক্ষুদ্র আৰু মধ্যমীয়া ভূমিকম্পই ৰাজ্য জোকাৰি গৈছে৷ ইয়াৰ সমান্তৰালভাৱে হায়দৰাবাদস্থিত ৰাষ্ট্রীয় ভূ–পদার্থ গৱেষণা প্রতিষ্ঠানৰ প্রতিবেদনে উত্তৰ–পূর্বাঞ্চলবাসীৰ মাজত পুনৰ উদ্রেকৰ সৃষ্টি কৰিছে৷

You might also like