নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ নিযুক্তিত স্বচ্ছতা

অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰিত অভিযুক্ত অৱসৰপ্রাপ্ত ডিআইজি পি কে দত্ত, আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীৱ কৃষ্ণ, দালাল দিবন ডেকাকে ধৰি কেইবাজনো লোক দুবছৰ ধৰি কাৰাৰুদ্ধ হৈ থকাৰ সময়তে আৰক্ষীৰ ৫,২৬২টা পদৰ ফলাফল দেওবাৰে ঘোষণা কৰা হৈছে৷ অসম আৰক্ষীৰ উপ–পৰিদর্শক, কনিষ্টবল, কমাণ্ডো বেটেলিয়ন, অসামৰিক প্রতিৰক্ষা সহকাৰী উপ–নিয়ন্ত্রক, ডেমনষ্ট্রেটৰ, পি পি এক্স অপাৰেটৰ আৰু ৱাৰলেছ অপাৰেটৰ পদৰ পৰীক্ষাত অৱতীর্ণ ৭,০৭,৩২৮জন প্রার্থীৰ মাজৰ পৰা ৫,২০০জন প্রার্থী উত্তীর্ণ হৈছে৷ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা এইবাৰ স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন হোৱাৰ ফলতে ৰাজ্যখনৰ মেধাৱী আৰু যোগ্য নিবনুৱাসকল উপকৃত হৈছে৷ দেওবাৰে অসম আৰক্ষীৰ বিভিন্ন পদৰ ফলাফল ঘোষণাৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন স্থানত উছৱমুখৰ পৰিৱেশ দেখা গৈছে৷ নিযুক্তি লাভ কৰা অধিকাংশই গ্রামাঞ্চলৰ নিম্ন মধ্যবিত্ত আৰু দুখীয়া পৰিয়ালৰ৷ সংবাদ মাধ্যমত প্রচাৰ হোৱা ছবিৰ পৰা এই কথা ভালদৰে উপলব্ধি হয় যে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি পৰীক্ষা সম্পন্ন নোহোৱাহেঁতেন কোনো কাৰণতে এনে পৰিয়ালৰ যুৱক–যুৱতীয়ে অসম আৰক্ষীত নিয়োগৰ সুবিধা নাপালেহেঁতেন৷ অসম আৰক্ষীত নিযুক্তিৰ প্রক্রিয়াক কিদৰে এখন নিলাম বজাৰত পৰিণত কৰা হৈছিল, সেয়া আৰু লুকাই থকা নাই৷ অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ এটা পদত নিযুক্তিৰ বাবদ ২০–২৫ লাখ টকাকৈ উপঢ়ৌকন গ্রহণ কৰা হৈছিল৷ দুবছৰ পূর্বে আৰক্ষী উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ পূর্বে গুৱাহাটীৰ কেইবাখনো হোটেলত প্রার্থীসকলক ৰাখি পৰীক্ষাৰ আখৰা কৰা হৈছিল৷ এই ঘটনাত জড়িত অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত উপ–মহাপৰিদর্শক (ডিআইজি) পি কে দত্ত, আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীৱ কৃষ্ণ, দালাল দিবন ডেকাকে ধৰি কেইবাজনো লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ অসম আৰক্ষীতে নহয়, চৰকাৰী নিযুক্তিত বছৰ বছৰ ধৰি চলি আহিছে দুর্নীতি আৰু স্বজনপ্রীতি৷ ফলত নিযুক্তি প্রক্রিয়া কোনোদিনে স্বচ্ছ আৰু নিকা নোহোৱা বাবে ঘাইকৈ ক্ষতিগ্রস্ত হৈ আহিছে ৰাজ্যখনৰ দুখীয়া পৰিয়ালসমূহৰ মেধাৱী ছাত্র–ছাত্রীসকল৷ অৱসৰপ্রাপ্ত ডিআইজি পি কে দত্ত আৰু আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীৱ কৃষ্ণৰ দৰে প্রভাৱশালী লোকসকলৰ ছত্রছায়াত চলি থকা চাকৰিৰ বজাৰখন উৎখাত নকৰাহেঁতেন অসম আৰক্ষীত এইবাৰো যোগ্য প্রার্থীসকল বাছনি হোৱাৰ সুযোগ নাপালেহেঁতেন৷
অসম আৰক্ষীৰ পাঁচ হাজাৰৰো অধিক পদত নিকাভাৱে সম্পন্ন কৰাটো সহজসাধ্য বুলি ক’ব নোৱাৰি৷ চৰকাৰখনৰ বিভিন্ন পর্যায়ৰ গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰা বিষয়া–কর্মচাৰীসক সততা আৰু নিষ্ঠা অবিহনে এনে নিযুক্তি পৰীক্ষা স্বচ্ছভাৱে সম্পন্ন কৰাটো সহজ নহয়৷ অসম আৰক্ষীৰ এই পদসমূহত ৭ লাখৰো অধিক যুৱক–যুৱতীয়ে পৰীক্ষাত অৱতীর্ণ হৈছিল৷ এইসকল যুৱক–যুৱতীয়ে পৰীক্ষাত উত্তীর্ণ হোৱাৰ বাবে নিজকে সাজু কৰাৰ উপৰি শাৰীৰিকভাৱে সক্ষমতা প্রদর্শনৰ বাবে নিতৌ অনুশীলন কৰিছিল৷ আনকি ৰাজ্যখনৰ বিভিন্ন গ্রামাঞ্চলত নিৰাপত্তা বাহিনীত নিয়োগৰ উপযোগী প্রশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছিল৷ স্বচ্ছ আৰু নিকা নিয়োগ ব্যৱস্থাৰ বাবেহে ৰাজ্যখনৰ মেধা আৰু যোগ্য যুৱক–যুৱতীসকলে এইবাৰ উপকৃত হৈছে৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই গ্রহণ কৰা সুদৃঢ় পদক্ষেপ নিশ্চিতভাৱে আদৰণীয়৷ কিয়নো এইবাৰ নিযুক্তি পৰীক্ষাত কেতবোৰ কঠোৰ নীতি–নিয়ম অৱলম্বন কৰা হৈছিল৷ এইবাৰৰ নিযুক্তিৰ প্রক্রিয়াই এই কথাই প্রমাণ কৰিলে যে চৰকাৰৰ সদিচ্ছা থাকিলে স্বচ্ছ আৰু নিকা নিযুক্তি সম্ভৱ৷ ইয়াৰ বাবে লাগিব আপোচবিহীন দৃঢ় সংকল্প৷ ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছতে ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ৰাজ্যজুৰি প্রশাসনীয় পর্যায়ত চলি থকা দুর্নীতি–নিয়মৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ হৈছে৷ তৎসত্ত্বেও ৰাজ্যৰ প্রশাসন ব্যৱস্থা স্বচ্ছ আৰু নিকা হৈ উঠা বুলি ক’ব নোৱাৰি৷ এতিয়াও ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত দুর্নীতি আৰু উপঢ়ৌকনৰ বজাৰখন চলিয়ে আছে৷ বিগত ডেৰ বছৰৰ ভিতৰতে প্রায় ৫০জন বিষয়া–কর্মচাৰীক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ অন্যতম কাৰণ হ’ল ৰাজ্য চৰকাৰৰ বিভিন্ন পদত নিযুক্তি লাভ কৰাৰ সময়ত অধিকাংশ বিষয়া–কর্মচাৰীয়েও উপঢ়ৌকন দিব লগা হৈছিল৷ বিগত সময়ছোৱাত চাকৰিৰ বজাৰখন ভালদৰে পৰীক্ষা কৰিলেই এই কথা ওলাই পৰে৷ অসম লোকসেৱা আয়োগৰ কেইবাজনো অধ্যক্ষ আৰু সদস্যৰ বিৰুদ্ধে এতিয়াও গোচৰ চলি আছে৷ অসম আৰক্ষীত স্বচ্ছ আৰু নিকাভাৱে বাছনি হোৱা ৫,২০০গৰাকী প্রার্থীক অহা ২৩ ছেপ্ঢেম্বৰত খানাপাৰা খেলপথাৰত নিযুক্তি প্রদান কৰা হ’ব৷ অসম আৰক্ষীৰ প্রশিক্ষণ সামৰি এইসকলে নিয়োজিত হ’ব জনসেৱাত৷ যদিহে স্বচ্ছভাৱে নিযুক্তি লাভ কৰা লোকসকল নিশ্চিতভাৱে অসম আৰক্ষীৰ এক বৃহৎ শক্তি৷ এই শক্তিটোৱে অসম আৰক্ষীক নিকা কৰাৰ ক্ষেত্রতো অগ্রণী ভূমিকা গ্রহণ কৰিব পাৰে৷

You might also like