নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎপাদন–বাণিজ্যত স্থবিৰতা

মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ প্রকোপত তচনচ হৈ পৰা দেশৰ অর্থনীতিলৈ কেতিয়া সুস্থিৰতা ঘূৰি আহিব, সেই কথা আজিৰ তাৰিখত স্বয়ং অর্থনীতিবিদসকলেও নিশ্চিতভাৱে ক’ব পৰা নাই৷ বিভিন্ন সংস্থাই ইটোৰ পাছত সিটোকৈ চলোৱা সমীক্ষাৰ প্রতিবেদনত অর্থনীতিৰ সংকটকালৰ ছবিখন ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ আনকি ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউন পর্যায়ক্রমে শিথিল কৰি দিয়াৰ পাছতো অর্থনীতিৰে জড়িত সেৱা তথা খণ্ডসমূহে গতি লাভ কৰা নাই৷ দেশৰ অর্থনীতিৰ প্রতি প্রভূত অৰিহণা আগবঢ়োৱা খণ্ডসমূহৰ অন্যতম হৈছে উদ্যোগ আৰু বাণিজ্য৷ এই দুয়োটা খণ্ডতেই বিৰাজ কৰা স্থবিৰতা বর্তমানেও অব্যাহত আছে৷ যোৱা শুকুৰবাৰে উদ্যোগ খণ্ডৰ উৎপাদন সম্পর্কীয় চৰকাৰী পৰিসংখ্যা প্রকাশ কৰা হৈছে৷ এই পৰিসংখ্যা অনুসৰি বিগত বর্ষৰ জুলাই মাহৰ তুলনাত চলিত বছৰৰ জুলাই মাহত দেশৰ উদ্যোগ খণ্ডত উৎপাদন হ্রাস পাইছে ১০.৪ শতাংশ৷ নির্মাণ, হোটেল, পর্যটন, খনি, কল–কাৰখানা আদিকে ধৰি প্রতিটো ঔদ্যোগিক উৎপাদন ক্ষেত্রই ক’ৰোনা সৃষ্ট পৰিৱেশত চৰম বিপর্যয়ৰ সন্মুখীন হৈছে৷ অৱশ্যে এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা এপ্রিল, মে’ আৰু জুন মাহৰ তুলনাত উদ্যোগ খণ্ডৰ উৎপাদন তথা দেশৰ অর্থনীতিয়ে সামান্য হ’লেও ইতিবাচক ফল লাভ কৰিছে৷ এয়া আশাৰ খবৰ হ’লেও ভাৰতীয় অর্থনীতিৰ স্বাভাৱিক অৱস্থা কেতিয়া ঘূৰি আহিব, সেয়া কিন্তু অনিশ্চয়তাৰ আৱর্তত৷ কিয়নো দেশত বর্তমানেও মাৰাত্মক ভাইৰাছৰ দ্রুত সংক্রমণ অব্যাহত আছে৷ আক্রান্তৰ সংখ্যাই প্রতিটো দিনতেই ভংগ কৰি গৈছে অবাঞ্ছিত অভিলেখ৷ উদ্যোগ খণ্ডৰ সমান্তৰাভাৱে দেশৰ বাণিজ্যিক ক্ষেত্রখনো সম্প্রতি চৰম সংকটৰ গৰাহত৷ ১৬৬টা বাণিজ্যিক সংস্থা সামৰি লৈ ‘ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রী’ আৰু ‘ধ্রুৱ এডভাইজার্ছ’–এ যুটীয়াভাৱে চলোৱা এক সমীক্ষাৰ প্রতিবেদন আগতীয়াকৈ প্রকাশ পাইছে৷ চাৰিটা পর্যায়ত কেন্দ্রীয় চৰকাৰে ‘আনলক’ ঘোষণা কৰাৰ লগে লগে দেশত অর্থনৈতিক কাম–কাজ আৰম্ভ হোৱাৰ ফলত বাণিজ্যিক ক্ষেত্রখনলৈ কিছু ছন্দ ঘূৰি আহিছে যদিও বর্তমানো আশংকা আঁতৰি নোযোৱাৰ কথা গৰিষ্ঠসংখ্যক সংস্থাই উল্লেখ কৰিছে৷ বজাৰত চাহিদা হ্রাস হোৱাটোৱেই ব্যৱসায়ৰ পূর্বৰ অৱস্থালৈ ওভতাই নিয়াত আটাইতকৈ ডাঙৰ প্রত্যাহ্বান হোৱা বুলি মত ব্যক্ত কৰিছে ৬৮ শতাংশ সংস্থাই৷ ৪১ শতাংশ সংস্থাৰ মতে বিগত বছৰৰ আগষ্ট মাহতকৈ এইবাৰ সামগ্রী বিক্রীৰ হাৰ আধাতকৈও কম৷ ২১ শতাংশ সংস্থাৰ মতে বিক্রীৰ পৰিমাণ হ্রাস পাইছে ৫০ৰ পৰা ৭৫ শতাংশ পর্যন্ত৷ অৱশ্যে ইয়াৰ মাজতেই ৪৪ শতাংশ সংস্থাই ক’ৰোনা কালতো ব্যৱসায়ত ইতিবাচক প্রভাৱ পৰা বুলি উল্লেখ কৰিছে৷ এনে প্রেক্ষাপটত দেশৰ ঔদ্যোগিক উৎপাদন আৰু বাণিজ্যিক ক্ষেত্রখনত সুস্থিৰতা প্রদানৰ হকে বহু অর্থনীতিবিদে চৰকাৰী পৃষ্ঠপোষকতা তথা সাহায্যৰ প্রসংগ অৱতাৰণা কৰিছে৷ মন কৰিবলগীয়া যে ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ঋণ প্রকল্পই যথেষ্ট সকাহ দিয়া বুলি একাংশই মানি লৈছে৷ সেয়েহে দেশৰ অর্থনীতিক বিপর্যয়ৰ পৰা উদ্ধাৰ কৰি গতিশীল কৰি তোলাৰ হকে উদ্যোগ–বাণিজ্য খণ্ডলৈ মুক্ত সাহায্য আগবঢ়োৱাৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব পাৰে৷
দুর্যোগৰ মাজতো দেশৰ অর্থনীতিত আশাৰ সঞ্চাৰ কৰিছে কৃষিখণ্ডই৷ কিয়নো সংকটকালতে কৃষি আৰু ইয়াৰ সংলগ্ণ ক্ষেত্রত উৎপাদন ৩.৪ শতাংশ বৃদ্ধি পাইছে৷ ভাৰতৰ অর্থনীতি অকল কৃষিখণ্ডৰ ওপৰতেই নির্ভৰশীল নহয়৷ দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) সম্পর্কীয় তথ্য অনুসৰি একমাত্র কৃষিক বাদ দি সকলো খণ্ডৰে উৎপাদন যোৱা আগষ্ট মাহ পর্যন্ত সংকুচিত হৈ আছে৷ ইয়াৰ লগে লগে চলিত বিত্তীয় বর্ষত জি ডি পি হ্রাস পোৱাটো নিশ্চিত হৈ পৰিছে৷ ইতিমধ্যে ‘ইণ্ডিয়া ৰেটিংছ’, ‘ম’ডিছ ইনভেষ্টর্ছ ছার্ভিচ’ আদিকে ধৰি বহুকেইটা সংস্থাই ভাৰতৰ জি ডি পি হ্রাসৰ পূর্বানুমান প্রকাশ কৰিছে৷ আন্তর্জাতিক সংস্থা ‘ম’ডিছ ইনভেষ্টর্ছ ছার্ভিচ’ৰ শেহতীয়া পূর্বানুমান অনুসৰি চলিত বিত্তীয় বর্ষত ভাৰতৰ জি ডি পি ১১.৫ শতাংশ পর্যন্ত হ্রাস পাব পাৰে৷ ইয়াৰ পূর্বে ‘কেয়াৰ ৰেটিংছ’ নামৰ আন এটা সংস্থাই এই পৰিমাণ ৮ৰ পৰা ৮.২ শতাংশ হ’ব পাৰে বুলি পূর্বানুমান ব্যক্ত কৰিছে৷ ‘ম’ডিছ ইনভেষ্টর্ছ ছার্ভিচ’–এ চলিত বিত্তীয় বর্ষত দেশৰ ৰাজকোষ ঘাটিৰ পৰিমাণ ৭.৫ শতাংশ হ’ব পাৰে বুলিও আশংকা প্রকাশ কৰিছে৷ এনেধৰণৰ পূর্বানুমানসমূহে কার্যতঃ দেশৰ অর্থনীতিৰ অনিশ্চিত ছবিখনকেই তুলি ধৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ক’ৰোনা সৃষ্ট পৰিৱেশত দেশত লক্ষ লক্ষজনে কর্মহীন হ’বলগীয়া হৈছে৷ ইয়াৰে বহুতো এতিয়াও নিবনুৱা হৈয়ে আছে৷ এইটোও আন এক উদ্বেগজনক বিষয়৷ এনে অৱস্থাত সামগ্রিকভাৱে দেশৰ অর্থনীতিলৈ সুস্থিৰতা ঘূৰাই অনাৰ বাবে চৰকাৰে সু–পৰিকল্পিত কর্মসূচী গ্রহণ কৰাটো অতি জৰুৰী হৈ পৰিছে৷ অৱশ্যে অর্থনীতিক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বিষয়টো বহুলাংশে নির্ভৰ কৰিব ক’ভিড–১৯ৰ প্রতিষেধক আৱিষ্কাৰৰ ওপৰতো৷

You might also like