নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ ভৱিষ্যৎ

দুর্যোগে যেন সংগ এৰা নাই ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছৰ৷ বিধানসভা নির্বাচনত একেৰাহে দুবাৰ বিপর্যয়ৰ সন্মুখীন হোৱা কংগ্রেছৰ ক্ষমতা দখলৰ ৰাজনীতিৰ বেলি মাৰ যোৱাৰ আশংকা ঘনীভূত হৈছে৷ ২০২১ৰ বিধানসভা নির্বাচনত দিছপুৰৰ ৰাজপাটত বহাৰ সপোন ধূলিস্যাৎ হোৱাৰ পাছত কংগ্রেছৰ নেতা–কর্মীসকলেই নহয়, যি ২৯জন প্রার্থী বিধানসভালৈ নির্বাচিত হৈ আহিছে সেইসকলৰ অধিকাংশই দলটোৰ ভৱিষ্যতক লৈ উদ্বিগ্ণ৷ দলৰ অন্ধকাৰাচ্ছন্ন ভৱিষ্যৎ আৰু ৰাজনৈতিক জীৱনৰ প্রতি অহা অনিশ্চয়তাৰ বাবে দলটোৰ ৰূপজ্যোতি কুর্মীয়ে ইতিমধ্যে দলত্যাগ কৰাৰ লগতে মৰিয়নিৰ বিধায়ক পদো ত্যাগ কৰিছে৷ ৰূপজ্যোতি কুর্মীৰ পিছত দলটোৰ সুশান্ত বৰগোহাঁয়ে থাওৰা সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰি দেওবাৰে বিজেপিত যোগদান কৰিছে৷ শেহতীয়া বিধানসভা নির্বাচনত উজনি অসমত কংগ্রেছ বিধ্বস্ত হোৱাৰ বিপৰীতে উল্লেখযোগ্য উত্থান হৈছে বিজেপিৰ৷ উজনি অসমৰ মাথোঁ তিনিটা সমষ্টিত কংগ্রেছৰ প্রার্থী জয়ী হৈছিল৷ এতিয়া ইয়াৰে দুজন বিধায়কে দলত্যাগ কৰি বিজেপিত যোগদান কৰা ঘটনাই নিশ্চিতভাৱে বিৰোধী দলটোৰ শক্তি হ্রাস কৰাই নহয়, দলীয় নেতা–কর্মীসকলৰ মনোবল বহু পৰিমাণে দুর্বল কৰিব৷ এই কথা দোহৰাৰ প্রয়োজন নাই যে দেশে স্বাধীনতা লাভ কৰাৰ পাছত দিল্লী আৰু দিছপুৰৰ ক্ষমতাত অধিকাংশ সময় আছে কংগ্রেছ৷ ৰাজনীতিত চৰকাৰ সলনিৰ ধাৰা নতুন নহয়৷ কিন্তু ২০১৪ৰ লোকসভা নির্বাচনৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিল্লীৰ ৰাজপাটত বহাৰ পাছত কংগ্রেছে যিদৰে দুর্যোগৰ সন্মুখীন হৈছে সেয়া দেশৰ ৰাজনীতিত অভূতপূর্ব ঘটনা বুলিয়ে বিবেচিত কৰিব পাৰি৷ পৰিয়ালকেন্দ্রিক অদূৰদর্শী ৰাজনীতিৰ বাবেই কংগ্রেছে নিত্য নতুন প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ দেশ তথা ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ লেখীয়া নৱআগ্রাসী ৰাজনৈতিক শক্তিক প্রত্যাহ্বান দিয়াৰ জোখাৰে কংগ্রেছ নেতৃত্ব যে দুর্বল সেয়া বাৰে বাৰে প্রতীয়মান হৈছে৷ বিকল্প ৰাজনীতিৰ জৰিয়তে নৱপ্রজন্মৰ সন্মুখত কোনো আশাৰ বাট দেখুৱাব পৰা নাই দলটোৰ নেতাসকলে৷ চৰকাৰ তথা ক্ষমতাত থকা দলৰ বিৰুদ্ধে সর্বসাধাৰণ ৰাইজৰ মাজত ক্ষোভ–সন্তুষ্টি বিৰাজ কৰে৷ মাথোঁ অধিষ্ঠানবিৰোধী ঢ়ৌৰ বাবে কংগ্রেছে যদি আকৌ ক্ষমতা দখলৰ সপোন দেখিছে সেয়া সহজে পূৰণ নহ’ব৷ সাম্প্রতিক সময়ত ক্ষমতা দখল কৰিবলৈ হ’লে কংগ্রেছৰ নেতৃত্বই তেওঁলোকৰ দৃষ্টিভংগী সলনি কৰিবই লাগিব৷ নির্বাচনৰ সময়ত ভোট কিনাৰ ৰাজনীতিও সলনি হৈছে৷ শিক্ষা–দীক্ষা আৰু প্রযুক্তিৰ সম্প্রসাৰণৰ লগে লগে নৱপ্রজন্মৰ ভোটদাতাসকল বহু পৰিমাণে সজাগ হৈছে৷ এনে অৱস্থাত এক শক্তিশালী বিৰোধীৰ ভূমিকা গ্রহণ কৰিবলৈ হ’লেও কংগ্রেছত আমূল সংস্কাৰৰ প্রয়োজন হ’ব৷
একেৰাহে দুবাৰ বিৰোধীৰ আসনত বহিব লগা হোৱাটো কংগ্রেছৰ লেখীয়া শতিকা পুৰণি দলটোৰ বাবে এক গভীৰ প্রত্যাহ্বান৷ কিন্তু কংগ্রেছ দলে বাৰে বাৰে সন্মুখীন হোৱা দুর্যোগৰ পৰা উপযুক্ত শিক্ষাগ্রহণ কৰা বুলি মনে নধৰে৷ দেশে স্বাধীনতা লাভ কৰাৰ প্রায় তিনি দশক ধৰি ক্ষমতাত থকা কংগ্রেছক অসমৰ সর্বসাধাৰণ ৰাইজেও সমর্থন কৰিছিল৷ ছবছৰীয়া অসম আন্দোলনৰ পৰা প্রায় ডেৰ দশক ধৰি ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ একাংশ দলটোৰ ওপৰত বিতশ্রদ্ধ হ’লেও ২০০১ৰ বিধানসভা নির্বাচনত দলটোৱে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলৰ পূর্ণ সমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০০১ৰ পৰা একেৰাহে ১৫ বছৰ ক্ষমতাত থকা দলটোৱে ২০১৬ৰ বিধানসভা নির্বাচনত কিয় শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল তাৰ অন্তর্নিহিত কাৰকসমূহ সঠিকভাৱে বিশ্লেষণ কৰা নাই৷ ২০১১ৰ বিধানসভা নির্বাচনত ৭৯খন আসনত জয়লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ ইতিহাস সলনি কৰিবলৈ সক্ষম হৈছিল কংগ্রেছ৷ কিন্তু ২০১৬ৰ নির্বাচনত কংগ্রেছৰ আসন কিয় ২৬খনলৈ হ্রাস পাইছিল তাৰ যুক্তিনিষ্ঠ কাৰকসমূহ উলিয়াই দলটোৱে আত্মবিশ্লেষণ কৰাহেঁতেন ২০২১ৰ নির্বাচনত দুর্যোগৰ সন্মুখীন নহ’লহেঁতেন৷ মাথোঁ ক্ষমতা দখলৰ ৰাজনীতিক লক্ষ্য কৰিয়ে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ স’তে মিত্রতাৰ বাবেই অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে কংগ্রেছৰ সংগ এৰিছে৷ দুর্যোগপূর্ণ অৱস্থাত কংগ্রেছক ৰাজ্যৰ বিৰোধীৰ আসনত অধিষ্ঠিত কৰিছে অসমবাসীয়ে৷ এনে অৱস্থাত বিৰোধী দলটোৰ ভূমিকাৰ ওপৰত অসমবাসীয়েও দৃষ্টি ৰাখিছে৷ লাইলাপুৰৰ সীমান্তত মিজোৰাম আৰক্ষীৰ বর্বৰ আক্রমণত ছজন আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে আহত হৈছে প্রায় ৫০জন৷ এই ঘটনাত ৰাজ্যখনৰ অধিকাংশ দল–সংগঠনৰ লগতে সর্বসাধাৰণ ৰাইজে গৰিহণা দিয়াৰ লগতে ৰাজ্য চৰকাৰক সবল ভূমিকা গ্রহণ কৰিবলৈ পৰামর্শ দিছে৷ কিন্তু ৰাজ্যখনৰ ভূমি চুবুৰীয়া মিজোৰামৰ দখল আৰু মিজোৰাম আৰক্ষীৰ বর্বৰ আক্রমণৰ ঘটনাক লৈ কংগ্রেছে গ্রহণ কৰা ভূমিকা একেবাৰে নেতিবাচক৷ লাইলাপুৰৰ ঘটনাক লৈ বিৰোধী দল হ’লেও কংগ্রেছে নেতিবাচক ৰাজনীতি কৰাটো অসমবাসীয়ে নিবিচাৰে৷ এই কথা দলটোৰ নেতাসকলে উপলব্ধি কৰা উচিত৷ ৰাজ্যখনৰ সামূহিক কল্যাণ আৰু সামূহিক সমস্যাৰ সময়ত বিৰোধী দল হ’লেও চৰকাৰক সহযোগ কৰাটো কংগ্রেছৰ দায়িত্ব আছিল৷ কিন্তু ৰাজ্যখনৰ সংকটপূর্ণ সময়ত কংগ্রেছ নেতাসকলৰ নেতিবাচক ৰাজনীতিয়ে ৰাজ্যবাসীক যিমান ক্ষতি কৰিব তাতোকৈ অধিক ক্ষতিগ্রস্ত হ’ব দলটোহে৷

You might also like