নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশুদ্ধ খোৱাপানীৰ সমস্যা

বর্তমান সময়ত সমগ্র অসমতে এক অন্যতম সমস্যা হৈ পৰিছে বিশুদ্ধ খোৱাপানী৷ বিশুদ্ধ খোৱাপানীৰ অভাৱৰ বাবেই সর্বসাধাৰণ ৰাইজ বিভিন্ন ৰোগত আক্রান্ত হ’বলগীয়া হৈছে৷ কাৰণ পানীৰ পৰাই মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ উৎপত্তি হয়৷ ডায়েৰীয়া, জণ্ডিচ আদি ৰোগৰ মূল কাৰণ যে অপৰিশুদ্ধ খোৱাপানী সেই কথা চিকিৎসা বিজ্ঞানেও প্রমাণিত কৰিছে৷ কিন্তু প্রযুক্তিবিদ্যাৰ অপৰিসীম উন্নতি ঘটাৰ পিছতো আমাৰ ৰাজ্যত খোৱাপানীৰ সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰিছে৷ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও এই আঁচনিসমূহে সাধাৰণ জনতাক স্পর্শ কৰিব পৰা নাই৷ জনসাধাৰণক ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ নির্মাণ কৰা প্রকল্পসমূহৰ অধিকাংশই হয় বিকল হৈছে নতুবা সম্পূর্ণই হোৱা নাই৷ সংশ্লিষ্ট বিভাগৰ অসাধু বিষয়া–কর্মচাৰীৰ বাবেই এই আঁচনিসমূহ ফলপ্রসূ হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ কেৱল গ্রামাঞ্চলতে নহয়, বিশুদ্ধ খোৱাপানীৰ সমস্যাই অধিক উদ্বিগ্ণ কৰি তুলিছে গুৱাহাটী মহানগৰবাসীকো৷ কিয়নো এতিয়াও মহানগৰীৰ সকলো লোককে সামৰি ল’ব পৰাকৈ কোনো পানী যোগান আঁচনি সম্পূর্ণ হোৱা নাই৷ বাৰিষাৰ সময়ত কৃত্রিম বানপানী আৰু খৰালি কালত খোৱাপানীৰ অভাৱ এতিয়া মহানগৰবাসীৰ বাবে এক জ্বলন্ত সমস্যা হিচাপে দেখা দিছে৷ ভূতৰ ওপৰত দানহৰ দৰে অতিপাত খৰাং আৰু অনাবৃষ্টিয়ে খোৱাপানীৰ সমস্যা অধিক চিন্তাৰ কাৰণ হৈ পৰিছে৷ অন্য বছৰৰ তুলনাত এইবাৰ বৰষুণৰ পৰিমাণ যথেষ্ট কম বাবে আগতীয়াকৈ কুঁৱা, নাদ আদি শুকাই গৈছে৷ মহাবাহু ব্রহ্মপুত্র গুৱাহাটী মহানগৰীৰ প্রায় মাজেৰে বৈ গৈছে, অথচ এটুপি খোৱাপানীৰ বাবে মানুহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ব্রহ্মপুত্রৰ বিশাল পানীভাগৰ পৰা ন্যূনতম পানীৰ সঠিক ব্যৱহাৰ কৰিব পাৰিলেই গুৱাহাটীবাসীৰ বিশুদ্ধ খোৱাপানীৰ সমস্যা সমাধান হ’লহেঁতেন৷ বহু সময়ত এই দিশটো বাৰে বাৰে উত্থাপন কৰি অহা হৈছে যদিও ইয়াৰ কার্যকাৰিতা এইপর্যন্ত দেখিবলৈ পোৱা নাই৷ ‘জাইকা’ৰ খোৱাপানী যোগান প্রকল্পৰ জৰিয়তে মহানগৰবাসীক ঘৰে ঘৰে খোৱাপানী দিয়াৰ চেষ্টা অব্যাহত আছে যদিও সেই অৱস্থাত এতিয়াও উপনীত হ’ব পৰা নাই৷ অসম চৰকাৰৰ তথ্য অনুসৰিয়ে গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ কেইবাটাও ৱার্ডৰ বাসিন্দাই ২০২৯ চনতহে জাইকাৰ পানী লাভ কৰাৰ সম্ভাৱনা আছে৷ বর্তমান সময়ত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা গুৱাহাটীবাসীলৈ এয়া নিশ্চিতভাৱে ভাল খবৰ নহয়৷
মন কৰিবলগীয়া যে দিনে দিনে গুৱাহাটীত খোৱাপানীৰ সমস্যা ভয়াৱহ হৈ পৰিছে৷ বছৰটোৰ অধিকাংশ সময় গুৱাহাটীবাসীয়ে খোৱাপানীৰ সংকটত ভুগিবলগীয়া হৈছে৷ অৱশ্যে পূর্বৰ তুলনাত বর্তমান চৰকাৰখনৰ অধীনত জাইকাৰ পানী যোগান প্রকল্পৰ কাম খৰতকীয়া হৈ উঠিছে৷ এতিয়া আগতকৈ গুৱাহাটীৰ ন ন অঞ্চলত এই প্রকল্পৰ অধীনত পানী যোগান ধৰাও পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ পৰিধি লাহে লাহে সম্প্রসাৰিত হোৱাত পানী যোগান প্রকল্পসমূহে এই ন ন অঞ্চল সামৰি লোৱাৰ ক্ষেত্রত কঠিনতা আহি পৰিছে৷ অভিযোগ অনুসৰি দক্ষিণ–পূব গুৱাহাটী পানী যোগান আঁচনিখন বিগত প্রায় এটা দশক ধৰি বন্ধ হৈ আছে৷ ইয়াৰ ফলত এই আঁচনিখনে সামৰি লোৱা বহু ৱার্ডত এতিয়া খোৱাপানীৰ সমস্যা অধিক তীব্রতৰ হৈছে৷ এই আঁচনিসমূহ ৰূপায়ণৰ বাবে চৰকাৰে কেইবাশ কোটি টকা খৰচো কৰিছে৷ তৎসত্ত্বেও জনসাধাৰণে পর্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ মহানগৰীৰ বহু লোক কুঁৱাৰ পানীৰ ওপৰত নির্ভৰশীল যদিও খৰালি কালত কুঁৱাবোৰ শুকাই যায়৷ আনকি এইবাৰ অনাবৃষ্টিৰ বাবে বাৰিষা কালতো অধিকাংশ কুঁৱাৰ পানী শুকাই গৈছে৷ ইয়াৰ সুযোগ লৈ গুৱাহাটীত গঢ়ি উঠিছে পানী বিক্রীৰ এক ৰমৰমীয়া ব্যৱসায়৷ ঘৰতে ব’ৰিং কৰি বহু লোকে অবৈধভাৱে দৈনিক হাজাৰ হাজাৰ লিটাৰ পানী বিক্রী কৰি চৰকাৰক কৰ ফাঁকি দি আহিছে৷ খোৱাপানীৰ অত্যধিক চাহিদাৰ বাবেই পানীৰ ব্যৱসায়ীসকলে এনেদৰে অবৈধ বেহা চলোৱাৰ সুযোগ পাইছে৷ ইপিনে মহানগৰীৰ চৌদিশে গঢ়ি উঠা হোটেল আৰু ফ্লেটসমূহৰ বাবে ভূগর্ভৰ জলস্তৰ বহু পৰিমাণে হ্রাস পাইছে৷ ইয়াৰ ফলত কুঁৱাৰ পানী দূৰৰ কথা, বহু দলৈকে ব’ৰিং কৰিও পানী নোপোৱা অৱস্থা হৈছে৷ যাৰ বাবে কুঁৱা আৰু ব’ৰিঙৰ নামত সর্বসাধাৰণ লোক খৰচান্ত হৈ পৰিছে৷ এই অৱস্থাৰ অৱসানৰ বাবে চৰকাৰী পানী যোগান আঁচনিসমূহ সম্পূর্ণ কৰাৰ বাবে খৰতকীয়া ব্যৱস্থা গ্রহণ কৰিবই লাগিব৷

You might also like