নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ভিক্ষৰ পৃথিৱী

বিশ্বৰ বিভিন্ন দেশত চলি থকা যুদ্ধ তথা সশস্ত্র সংঘাত আৰু ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে কেইবা নিযুতো লোক দুর্ভিক্ষৰ কবলত পৰাৰ আশংকাই দেখা দিছে৷ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ তৰফৰ পৰা শেহতীয়াকৈ সতর্কবাণী কৰা হৈছে যে ২০খন দেশত কেইবা নিযুতো পৰিয়ালৰ জীৱনলৈ নামি আহিছে ভয়াৱহ দুর্ভিক্ষ৷ এই ২০খন দেশৰ দুর্ভিক্ষাক্রান্ত লোকসকলক শীঘ্রে মানৱীয় সাহায্য প্রদান নকৰিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব৷ ৰাষ্ট্রসংঘৰ কেইবাটাও সংস্থাই ইতিমধ্যে সমীক্ষা চলাই আফ্রিকা আৰু মধ্য প্রাচ্যৰ দেশসমূহৰ পৰিস্থিতি জটিল হৈ পৰা বুলি সতর্কবাণী কৰিছে৷ সর্বোচ্চ সংস্থাটোৱে বিশ্ব সম্প্রদায়ক মানৱীয় সাহায্য পুঁজি অধিক হাৰত মুকলি কৰি দিবলৈও আহ্বান জনাইছে যদিও এইক্ষেত্রত কোনো দেশে বিশেষ সঁহাৰি প্রদান কৰা নাই৷ লক্ষণীয়ভাৱে সংঘর্ষ আৰু ক’ভিড–১৯ মহামাৰীয়ে অকল দুর্ভিক্ষৰ মুখলৈ এই লোকসকলক ঠেলি দিয়া নাই৷ ইয়াৰ সমান্তৰালকৈ কেইবালাখো শিশু পুষ্টিহীনতাৰ কবলত পৰিছে৷ ছিৰিয়া, য়েমেন, দক্ষিণ ছুডান আদি দেশত এটা প্রজন্ম অশিক্ষা, অস্বাস্থ্য আৰু অপুষ্টিৰ গ্রাসত পৰিছে৷ ইফালে উত্তৰ নাইজেৰিয়াতো দুর্ভিক্ষই ক্রমান্বয়ে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ ‘হাংগাৰ হটস্পটছ’ শীর্ষক প্রতিবেদনত খাদ্য আৰু কৃষি সংস্থা (এফএ’) তথা বিশ্ব খাদ্য আঁচনি (ডব্লিউএফপি)য়ে গভীৰ উদ্বেগ প্রকাশ কৰি কৈছে যে দুর্দশাগ্রস্ত এই অঞ্চলসমূহত মানৱীয় সাহায্য অভিযান ক্ষিপ্র হ’ব লাগিছিল যদিও বিভিন্ন স্থানত সাহায্য প্রদান কার্যসূচী বন্ধ হৈ আছে৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি বিশ্বজুৰি তিনি কোটি ৪০ লাখতকৈ অধিক লোক বুভুক্ষাৰ কবলত পৰিছে৷ এই লোকসকলক এটা মাহৰ ভিতৰত পর্যাপ্ত খাদ্য সামগ্রী তথা মানৱীয় সাহায্য প্রদান নকৰিলে দুর্ভিক্ষৰ বধ্যভূমিত তেওঁলোকে তিল তিলকৈ প্রাণ হেৰুৱাব লাগিব৷ অর্থাৎ ইতিমধ্যে ভয়াৱহ পৰিস্থিতিৰ ইংগিত স্পষ্ট হৈ পৰিছে৷
ৰাষ্ট্রসংঘ তথা বিভিন্ন আন্তর্জাতিক সংস্থাই ক’ভিড–১৯ মহামাৰীৰ সময়ত সংঘর্ষজর্জৰ অঞ্চলসমূহৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলি ভৱিষ্যদ্বাণী কৰিছিল৷ আনকি মানৱীয়তাৰ বিষয়টোত গুৰুত্ব প্রদান কৰিয়েই বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে সকলো পক্ষক যুদ্ধ আৰু সংঘাত পৰিহাৰ কৰিবলৈ আহ্বান জনাইছিল৷ মহামাৰীৰ বিৰুদ্ধে পৃথিৱীবাসীক ঐক্যবদ্ধ যুঁজৰ বাবে প্রস্তুত হ’বলৈও গুটেৰেছে বাৰম্বাৰ আহ্বান জনাই আহিছে৷ কিন্তু সচিবপ্রধানগৰাকীৰ্ এই আহ্বানত গুৰুত্ব প্রদান কৰা হোৱা নাই৷ পৰিণতিত য়েমেনত এতিয়া পৰিস্থিতি কল্পনাতীত হৈ পৰিছে৷ যুদ্ধবিধ্বস্ত দেশখনত বহু নিযুত লোক ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হৈছে৷ ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত য়েমেনত আজিও প্রাথমিক ব্যৱস্থা গ্রহণ কৰা হোৱা নাই বুলি আক্ষেপ প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ অনুৰূপ পৰিস্থিতি অব্যাহত আছে যুদ্ধবিধ্বস্ত ছিৰিয়াত৷ আফ্রিকাৰ দেশসমূহতো ক’ভিড প্রতিৰোধৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হোৱা নাই বুলি আক্ষেপ প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ অর্থাৎ উন্নত তথা সমৃদ্ধিশালী বিশ্বই সংঘর্ষজর্জৰ সমস্যাগ্রস্ত অঞ্চলসমূহৰ ক্ষেত্রত বিশেষ গুৰুত্ব নিদিয়াৰ বাবেই আগন্তুক দিনত পৃথিৱীত কেইবা কোটিও লোকে অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ব পাৰে৷ ৰাষ্ট্রসংঘৰ শেহতীয়া প্রতিবেদনে এই ভয়াৱহ পৰিস্থিতিৰেই ইংগিত দিছে৷

You might also like