নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ তালিবানৰ উত্থান

আফগানিস্তানৰ পৰিস্থিতিক লৈ উদ্বিগ্ণ হৈ পৰিছে বিশ্ব নেতৃত্ব৷ পুনৰ তালিবানৰ মধ্যযুগীয় শাসনৰ কবলত পৰিব নেকি মধ্য এছিয়াৰ দেশখন তালিবানৰ সেই শিহৰণকাৰী অপশাসনে পুনৰ আফগানিস্তানত মানৱতাক ভূ–লুণ্ঠিত কৰিব নেকি? এনে বহু প্রশ্ণই এতিয়া বিশ্বৰ শান্তিকামী জনতাৰ মনত আশংকাৰ সৃষ্টি কৰিছে৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ পেণ্টাগন আৰু বিশ্ব বাণিজ্য কেন্দ্রত সন্ত্রাসবাদীয়ে আক্রমণ চলোৱাৰ পিছতে হোৱাইট হাউছ প্রশাসনে এই আক্রমণত কুখ্যাত ইছলামিষ্ট সন্ত্রাসবাদী ওছামা বিন লাডেনৰ আল–কায়দা জড়িত থকা বুলি অভিযোগ তুলি আফগানিস্তানৰ বিৰুদ্ধে সামৰিক অভিযান চলাইছিল৷ আমেৰিকাৰ অভিযোগ আছিল যে তালিবান প্রশাসনে লাডেন আৰু আল–কায়দাক আশ্রয় দি আহিছে৷ গতিকে মানৱতাৰ শত্রু এনে কুখ্যাত সন্ত্রাসবাদীক আশ্রয় দিয়া তালিবানক এশিকনি দিবলৈ আৰম্ভ কৰা হৈছিল যুদ্ধ৷ এই যুদ্ধক হোৱাইট হাউছ প্রশাসনে নাম দিছিল সন্ত্রাসবাদবিৰোধী যুদ্ধ৷ বিশ্বৰ বিভিন্ন দেশক এই যুদ্ধত সহযোগ কৰিবলৈ আহ্বান জনাইছিল আমেৰিকাই৷ আমেৰিকাৰ এই আহ্বানৰ প্রতি সঁহাৰি জনাই গৰিষ্ঠসংখ্যক দেশে প্রত্যক্ষ বা পৰোক্ষভাৱে সন্ত্রাসবাদবিৰোধী যুদ্ধত সহযোগিতা আগবঢ়াইছিল৷ বিগত দুই দশক ধৰি আফগানিস্তানত তালিবানৰ বিৰুদ্ধে আমেৰিকাই চলাই আহিছে অভিযান৷ অকল তালিবানেই নহয়, সকলো সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে চলা এই যুদ্ধত আমেৰিকাৰ লগতে বিশ্বৰ কেইবাখনো দেশৰ সেনাই আফগানিস্তানত ৰক্তপ্লাৱন চলাইছিল৷ তালিবান ক্ষমতাৰ পৰা উৎখাত হ’ল৷ আল–কায়দাৰ বহু নেতাও সন্ত্রাসবাদবিৰোধী যুদ্ধত নিহত হ’ল৷ আনকি আল–কায়দাৰ মুৰব্বী ওছামা বিন লাডেনকো পাকিস্তানৰ এবোটাবাদ চহৰত আত্মগোপন কৰি থকা অৱস্থাত সুদক্ষ মার্কিন ছীল কমাণ্ডোৱে হত্যা কৰিবলৈ সক্ষম হ’ল৷ কিন্তু সংঘর্ষজর্জৰ আফগানিস্তানৰ পৰিস্থিতি অশান্ত হৈয়ে থাকিল৷ আমেৰিকা তথা নাটো বাহিনীৰ অভিযান সত্ত্বেও আফগানিস্তানৰ দুর্গম পাহাৰ তথা মৰু অঞ্চলত তালিবানৰ ঘাটি উৎখাত কৰাটো সম্ভৱ নহ’ল৷ সেইবাবে আমেৰিকাই যুদ্ধৰ সমান্তৰালকৈ তালিবানৰ সৈতে আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান বিচাৰিলে৷ আনকি পাৰস্য উপসাগৰীয় ৰাষ্ট্র কাটাৰৰ ৰাজধানী ডোহাত তালিবান, আমেৰিকা আৰু আফগান চৰকাৰৰ প্রতিনিধিৰ মাজত আলোচনাও চলিল৷ কিন্তু এই আলোচনা সত্ত্বেও তালিবানৰ আক্রমণ পূর্বৰ দৰে অব্যাহত থাকিল৷
শেহতীয়াকৈ আমেৰিকা আৰু নাটো বাহিনীয়ে আফগানিস্তানৰ পৰা গৃহভূমিলৈ প্রত্যাৱর্তনৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ আগন্তুক ১১ ছেপ্টেম্বৰৰ পূর্বে আমেৰিকাই দেশখনৰ পৰা সকলো সৈনিকক ওভতাই নিব বুলি সিদ্ধান্ত লৈছে৷ ইয়াৰ লগে লগে আফগানিস্তানত তালিবানে বিভিন্ন অঞ্চল নিজৰ দখললৈ আনিছে৷ প্রতিদিনে তালিবানৰ হাতত পৰাভূত হ’বলগীয়া হৈছে আফগান সেনা৷ আনকি আফগান সেনাই প্রতিবেশী তাজিকিস্তানলৈও পলায়ন কৰিছে৷ পূর্বে তালিবানৰ দুর্গ হিচাপে চিহ্ণিত কান্দাহাৰৰ কেইবাখনো গুৰুত্বপূর্ণ জিলা এতিয়া পুনৰ সংগঠনটোৰ দখলত৷ ইফালে, ইৰান–পাকিস্তান সীমান্তৱর্তী গুৰুত্বপূর্ণ অঞ্চলবোৰতো নিজৰ নিয়ন্ত্রণ সাব্যস্ত কৰিছে তালিবানে৷ সংগঠনটোৱে দাবী কৰা অনুসৰি আফগানিস্তানৰ মূল ভূখণ্ডৰ ৮৫ শতাংশ অঞ্চলত নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে, আফগান চৰকাৰে এই দাবী অগ্রাহ্য কৰি আহিছে৷ কিন্তু কাবুল আন্তর্জাতিক বিমানবন্দৰত সঘনে হোৱা ৰকেট আক্রমণ, বৃহৎ সেনা শিবিৰবোৰত তালিবানৰ মোক্ষম আঘাত তথা বাডঘিছৰ দৰে গুৰুত্বপূর্ণ অঞ্চলত সংগঠনটোৱে সেনাক পৰাভূত কৰিবলৈ সক্ষম হোৱাৰ লগে লগে বিভিন্ন মহলত এই আশংকা ঘনীভূত হৈছে যে আফগানিস্তান পুনৰ তালিবানৰ দখললৈ যোৱাৰ পথত৷ যদি পুনৰ আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰিবলৈ সক্ষম হয়, তেন্তে সন্ত্রাসবাদবিৰোধী যুদ্ধত আমেৰিকা আৰু বিশ্ব শক্তিৰ এয়া এক পৰাজয় হিচাপে চিহ্ণিত হ’ব৷ সেইবাবে বিশ্বৰ কেইবাগৰাকীও শক্তিশালী ৰাষ্ট্রনেতাই এই মুহূর্তত আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰ নকৰি তালিবানৰ বিৰুদ্ধে অধিক সবল যুদ্ধত লিপ্ত হ’বলৈ আমেৰিকা আৰু নাটোক আহ্বান জনাইছে৷

You might also like