নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠৰ গৰলীয়াত ড্রাগছ সহ বহিঃৰাজ্যৰ তিনি সৰবৰাহকাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ ড্রাগ্ছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান অব্যাহত আছে৷ আজি আৰক্ষী অপৰাধ অনুসন্ধান শাখাই বশিষ্ঠ আৰক্ষীৰ সহযোগত বশিষ্ঠৰ গৰলীয়াত অভিযান চলাই প্রায় ১০৫.১৬ গ্রাম ব্রাউন ছুগাৰসহ তিনি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটা ক্রমে মণিপুৰৰ আমিৰ খান (৪৩), সাবানা (৩২) আৰু মহম্মদ ৱাহিদ বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত আমিৰ খানে গৰলীয়াৰ এটা ভাৰাঘৰত আশ্রয় লৈ নিষিদ্ধ ড্রাগ্ছৰ বেহা চলাই আছিল৷ আৰক্ষী অপৰাধ অনুসন্ধান শাখাই গোপন সূত্রৰ পমখেদি আজি আমিৰ খানৰ ভাৰাঘৰত অভিযান চলাই ড্রাগ্ছসহ সৰবৰাহকাৰী তিনিটাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীকেইটাৰ্ পৰা নগদ ৪২,৩৫০ টকা জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You might also like