নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ শোচনীয় ব্যর্থতা

বিহাৰৰ বিধানসভা নির্বাচনত তেজস্বী যাদৱৰ নেতৃত্বত আৰ জে ডিয়ে সর্বাধিক আসন লাভ কৰিলে যদিও শাসনৰ পৰা এন ডি এক ওফৰাবলৈ সক্ষম নহ’ল৷ এই ব্যর্থতাৰ বাবে মহাজোঁটবন্ধনৰ অন্যতম মূল দল কংগ্রেছৰ দুর্বল স্থিতিকেই দোষাৰোপ কৰা হৈছে৷ ৭০খন আসনত প্রতিদ্বন্দ্বিতা কৰি কংগ্রেছে মাত্র ১৯খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হ’ল৷ ইয়াক নিঃসন্দেহে শোচনীয় প্রদর্শন বুলি অভিহিত কৰিব পাৰি৷ পূর্বৰ দৰেই কংগ্রেছে আকৌ এবাৰ নিজৰ প্রকৃত শক্তিৰ শুদ্ধ বিশ্লেষণ কৰিবলৈ সক্ষম নোহোৱাৰ পৰিণাম ভোগ কৰিব লগা হ’ল মিত্রজোঁটে৷ কংগ্রেছৰ নেতাসকলে দাবী কৰিব পাৰে যে মহাজোঁটবন্ধনত বিভিন্ন সমষ্টিত তেওঁলোকৰ মিত্রতাই আৰ জে ডি আৰু বাঁও দলৰ প্রার্থীৰ জয়ত নির্ণায়ক অৰিহণা আগবঢ়ালে৷ এই কথা একেষাৰে অস্বীকাৰ কৰিব নোৱাৰি যদিও আঁকোৰগোজ স্থিতি গ্রহণ কৰি জয়ৰ দূৰ সম্ভাৱনা থকা সমষ্টিও নিজৰ দখলত ৰখাৰ সিদ্ধান্ত লৈ কংগ্রেছে যি মাৰাত্মক ভুল কৰিলে, তাৰ নির্ণায়ক প্রভাৱ পৰিল বিহাৰ নির্বাচনৰ চূড়ান্ত ফলাফলত৷ কংগ্রেছৰ এই শোচনীয় প্রদর্শনৰ বিপৰীতে বাঁও দলৰ প্রদর্শন মন কৰক৷ বাঁও দলে ২৯টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি ১৬খন আসন দখলেৰে জোঁটবন্ধনলৈ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ালে৷ কংগ্রেছ নেতৃত্বক বিহাৰৰ এই ফলাফলৰ লগতে মধ্যপ্রদেশ, গুজৰাট, উত্তৰ প্রদেশ, মণিপুৰকে ধৰি বিভিন্ন ৰাজ্যৰ উপ–নির্বাচনৰ ফলাফলে একপ্রকাৰ বিপাঙত পেলাইছে৷ বিপাঙত পেলোৱা বুলি এইবাবেই ক’ব খোজা হৈছে যে কেন্দ্রৰ পৰা বিজেপিক ক্ষমতাচ্যুত কৰাটোকেই মূল লক্ষ্য হিচাপে লৈ বিগত চাৰে ছয় বছৰে ৰাজনীতি কৰি অহা দলটোৱে কার্যতঃ বিজেপিৰ নোম এডালো লৰাব পৰা নাই৷ জনতাৰ হেৰুওৱা আস্থা ঘূৰাই আনিবলৈ দেশৰ ‘গ্রেণ্ড অ’ল্ড পার্টী’ এতিয়াও সক্ষম হোৱা নাই সবল নেতৃত্বৰ অভাৱৰ বাবেই৷ ইয়াৰ ফলত ইটোৰ পাছত সিটো নির্বাচনত বিজেপিক প্রত্যাহ্বান জনাই কংগ্রেছে নিজেই ছিটিকি পৰাটো সাধাৰণ ঘটনাত পৰিণত হৈছে৷ এনে এক পৰিস্থিতিত কংগ্রেছে প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হ’ব নে নাই বা যদি সক্ষম হয়, তেন্তে সেই দিনটোলৈ কিমান দীঘলীয়া অপেক্ষা কৰিব লাগিব, তাৰ উত্তৰ দিব পৰা অৱস্থা এই মুহূর্তত কোনো নাই৷ বিহাৰৰ নির্বাচনৰ দলীয় বিশ্লেষণত আৰ জে ডি আৰু বিজেপিৰ উত্থানৰ বিপৰীতে ডে জি (ইউ) আৰু কংগ্রেছৰ ব্যর্থতা এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে৷ পার্থক্য মাথোঁ এয়ে যে ঈপ্সিত ফলাফল লাভ কৰিব নোৱাৰিলেও জে ডি (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰে বিজেপিৰ বদান্যতাত পুনৰ মুখ্যমন্ত্রী হিচাপে শপত ল’লেও কংগ্রেছৰ অস্তিত্ব ৰক্ষাৰ সংগ্রাম আৰু কঠিন হৈ পৰিল৷ সেইদৰে বিজেপিৰ চতুৰ নির্বাচনী ৰাজনীতিৰ আন এক চমৎকাৰ প্রদর্শনৰ বিপৰীতে প্রচাৰ অভিযানত চমক সৃষ্টি কৰিও আৰ জে ডি বিৰোধী শিবিৰত ৰৈ যাবলগীয়া হ’ল৷ বিশ্লেষকসকলৰ মতে আৰ জে ডি আৰু কংগ্রেছৰ মুছলিম ভোট আছাউদ্দিন ওৱেইছিৰ এ আই এম আই এমে খহোৱাৰ পৰিণতিও ভোগ কৰিব লগা হ’ল আৰ জে ডি আৰু কংগ্রেছে৷
বিহাৰৰ বিধানসভা নির্বাচন আৰু অন্যান্য ৰাজ্যৰ উপ–নির্বাচনৰ ফলাফলে কংগ্রেছ শিবিৰত তীব্র হতাশা সৃষ্টি কৰাটো স্বাভাৱিক৷ আগন্তুক সময়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনসমূহতো বিজেপিৰ এনে জয়যাত্রা ৰোধ কৰিবলৈ কংগ্রেছ যে সক্ষম হ’ব, তাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে৷ বিহাৰৰ নির্বাচনত বিজেপিৰ সাফল্যই অসমত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনতো প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷ নির্বাচনলৈ মাথোঁ কেইমাহমান বাকী থকা অৱস্থাত এতিয়াও অসম প্রদেশ কংগ্রেছৰ ৰণনীতি ধূসৰ হৈ আছে৷ এ আই ইউ ডি এফৰ সৈতে মিত্রতা ঘোষণা কৰাৰ পাছতো এতিয়া স্বয়ং বিৰোধী দলপতিয়েই মন্তব্য কৰিছে যে হাইকমাণ্ডে ছীল–মোহৰ নমৰা পর্যন্ত জোঁটবন্ধন চূড়ান্ত হোৱা বুলি ক’ব নোৱাৰি৷ অসম ভ্রমণলৈ অহা এ আই চি চিৰ সাধাৰণ সম্পাদক তথা এ পি চি চিৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙেও দ্ব্যর্থহীন ভাষাত ঘোষণা কৰিছে যে এ আই ইউ ডি এফ বা আন কোনো দলৰ সৈতে কংগ্রেছৰ মিত্রতা চূড়ান্ত হোৱা নাই৷ মুখ্যতঃ বদৰুদ্দিন আজমলৰ দলটোৰ সৈতে মিত্রতাৰ বিৰুদ্ধে একাংশ জ্যেষ্ঠ আৰু পুৰণি সংখ্যালঘু কংগ্রেছী নেতাই বিদ্রোহ কৰাৰ পৰিণতিতে মিত্রতা ঘোষণা কৰাৰ পাছতো কংগ্রেছ থমকি ৰ’ব লগা হৈছে৷ গোটেই বিষয়টোক লৈ কংগ্রেছে যি ধূসৰ আৰু অনিশ্চিত পৰিৱেশ সৃষ্টি কৰিছে, তাৰ ফলত দলটোৰেই আটাইতকৈ বেছি ক্ষতি হ’ব৷ কংগ্রেছৰ এনে দোধোৰ–মোধোৰ অৱস্থাৰ সুযোগ ল’বলৈ বিজেপি যে সদাসষ্টম হৈ আছে, তাত কোনো সন্দেহ নাই৷ সাংগঠনিক দিশত দলটোৰ যি সবল স্থিতি, তাৰ সন্মুখত নির্বাচনী যুঁজত কংগ্রেছে যদি নিজৰ ভুল আৰু অস্পষ্ট নীতিৰ বাবেই আকৌ এবাৰ হাবুডুবু খাবলগীয়া হয়, তেন্তে সেয়া কোনো আচৰিত কথা নহ’ব৷

You might also like