নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত আয়োজিত নৰ্থ ইষ্ট পাৰ্ফেক্ট-২০২৩ত ৰানাৰ্ছ আপ তেজপুৰৰ অঞ্জনা

বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ সৌন্দর্যৰ লয়লাসেৰে এটাৰ পাছত এটাকৈ খিতাপ দখল কৰি প্ৰতিভাৰ সম্ভাৰ লৈ বিশ্বমুখী দৌৰ অঞ্জনা বাল্মীকিৰ। পঢ়াৰ সমানে সৌন্দর্যৰ পৃথিবীখনত ঢৌ তুলি তেওঁ জগত জিনাৰ লক্ষ্যৰে আগুৱাইছে। তেজপুৰ ভিতৰসুঁতি নিৱাসী কানু বাল্মীকি আৰু আৰতি বাল্মীকিৰ কন্যা তথা দৰং কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্রী অঞ্জনাই প্ৰচুৰ প্ৰতিভাৰ প্ৰতিশ্ৰুতিৰ সম্ভাৰলৈ সৌন্দর্যৰ ক্ষেত্ৰখনত ঢপলিয়াই ফুৰিছে। কুৰিৰো অধিক খিতাপ তেওঁ লাভ কৰিছে। শেহতীয়াকৈ গুৱাহাটীৰ শিল্পগ্ৰামত ২৬ মাৰ্চত নিশিতা প্ৰডাকচনৰ উদ্যোগত আয়োজিত নৰ্থ ইষ্ট পাৰ্ফেক্ট ছিজন ২০২৩ত অংশগ্রহণ কৰি অঞ্জনাই দ্বিতীয় ৰাৰ্ণাছ আপ খিতাপৰ লগতে বেষ্ট ফিজিক্স টাইটেল লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ ২০২১ চনত মিছ নামেৰী, ২০২২ চনত মিছ গ্লেমাৰাছ, নৰ্থ ইষ্ট ফেশ্বন ষ্টাৰ আইকন, মিছ শোণিতপুৰ, ৰয়েল ফেচ অৱ নৰ্থ ইষ্ট, ২০২৩ চনত মিছ ইউনিক ফেচ অৱ তেজপুৰ আদিকে ধৰি ৰাজ্যৰ ভিতৰে বাহিৰে আয়োজিত সৌন্দর্য প্ৰতিযোগিতাত অংশগ্রহণ কৰি চৌবিশটা খিতাপ দখল কৰে। অঞ্জনাৰ এনে সৌন্দর্যৰ সেন্দুৰীয়া পথৰ ঊৰ্ধ্বমুখী জয়যাত্রা অনাগত দিনত অধিক খিতাপ সমৃদ্ধ হৈ পৰাৰ কামনাৰে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰেৰক জীৱন গোস্বামী

You might also like