নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ প্রেছ ক্লাবত ‘নিয়মীয়া বার্তা’ৰ কৃপা বর্মনসহ ৪১ সাংবাদিক-সংবাদকৰ্মীক সম্বর্ধনা

বিশেষ বার্তা, ৩০ মার্চঃ লোকনির্মাণ বিভাগৰ প্রশিক্ষণ কেন্দ্রৰ প্রেক্ষাগৃহত কালি দিছপুৰ প্রেছ ক্লাবৰ অষ্টম বর্ষপূর্তি উদযাপন কৰা হয়৷ অনুষ্ঠানত প্রবীণ সাংবাদিক ধীৰেন্দ্র নাথ চক্রৱর্তী, অমল গুপ্তা, গিৰীন্দ্র শইকীয়া, জ্যেষ্ঠ সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰী, চন্দ্র কুমাৰ শইকীয়া, প্রেছ ক্লাবৰ সভাপতি ড০ নৰেন হাজৰিকা, নৱ ঠাকুৰীয়া, সবিতা লহকৰ আৰু ছাহজাহান তালুকদাৰৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ বিভিন্ন কাকতৰ সাংবাদিক–সম্পাদকৰ লগতে প্রেছ ক্লাবৰ বিষয়ববীয়াসকলৰ সমৱেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে দিছপুৰ প্রেছ ক্লাবৰ সম্পাদক সঞ্জয় মোহন ৰায়ে৷ অনুষ্ঠানত ‘নিয়মীয়া বার্তা’ কাকতৰ আর্হিপাঠ চাওতা কৃপা বর্মনসহ ৪১গৰাকী সাংবাদিক–সম্পাদকক আৰু ভিন্ন ক্ষেত্রৰ ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত কৃপা বর্মনৰ লগতে দৈনিক অগ্রদূতৰ সংবাদকর্মী মণিপ্রভা বৰা, অসমীয়া প্রতিদিনৰ মনোজ মোহন দত্ত, জ্যেষ্ঠ সাংবাদিক অজিত শর্মা, নিউজ লাইভৰ ডিব্রুগড়ৰ ব্যুৰ’ চীফ সুৰজ দত্ত, সমাজকর্মী লাকী গগৈ, মঞ্জৰি বৰঠাকুৰ, অভিনেতা দিলীপ কুমাৰ বৰুৱা, যুৱ উদ্যোগী দীপক কোঠাৰী, অসমীয়া প্রতিদিনৰ সাংবাদিক বনজিৎ ঠাকুৰীয়া, নিয়মীয়া বার্তাৰ লাহোৱালৰ সাংবাদিক কাঞ্চনজ্যোতি গোহাঁই, এন ডি লাইফ যোৰহাটৰ সংবাদদাতা ঋতুৰাজ বৰা, এন কে টিভিৰ জাকিৰ হুছেইন আখতাৰ, ডি ৱাই ৩৬৫ৰ ৰহাৰ সাংবাদিক বিপুল মেধি, সমাজকর্মী মিফতাউদ্দিন আহমেদ, সাহিত্যিক মৃদুলা গোস্বামী, যুৱ নেতা পংকজ প্রতিম ডেকা, বিশিষ্ট চিকিৎসক মাফুজুৰ ৰহমানক সম্বর্ধনা জনোৱা হয়৷ তদুপৰি অনুষ্ঠানত টাইম–৮ৰ সাংবাদিক গৰিমা শর্মা, দৈনিক অসমৰ ধীৰেন শর্মা, ডেইলী টাইমৰ অৱনী বৰুৱা, বিশিষ্ট ফটো সাংবাদিক ৰূপজ্যোতি শর্মা, ডি এ নিউজ প্লাছৰ পংকজ মেধি, সমাজকর্মী চেলিমুল ইছলাম, এন ই হাইজিন চলিউচনৰ পৰিচালন সঞ্চালক নৱকান্ত কামান, সমাজকর্মী খগেন দাস, চবুৰ আলী, নেকিবুৰ ৰহমান, এন ডি–২৪ৰ কাকলি কাকতি, দৈনিক গণ অধিকাৰৰ হিমাংশু অনুপম, নিউজ লাইভৰ সাংবাদিক প্রাঞ্জল গগৈ, গণস্তম্ভৰ সম্পাদক চম্পক কলিতা, ২৪ লাইভৰ পৰিচালন সঞ্চালিকা মালতী বড়ো, মীনপালক ৰণ্টু শইকীয়া, সৌন্দর্য পৰিচালক–প্রশিক্ষক ভাস্কৰ শইকীয়া, নাৰদ লাইভৰ পৰিচালন সঞ্চালক সন্দীপ আগৰৱালা, জি নিউজৰ পৰিচালন সঞ্চালক বিক্রম সেন আৰু আৰক্ষী জোৱান নবুল আহমেদ, শিৱাজী ডেকা, ত্রিনয়ন হাজৰিকাক সম্বর্ধনা জনোৱা হয়৷ অনুষ্ঠানত প্রবীণ সাংবাদিক ধীৰেন্দ্র নাথ চক্রৱর্তী, জ্যেষ্ঠ সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰী আৰু অমল গুপ্তাকে ধৰি উপস্থিত অতিথিসকলে বক্তব্য আগবঢ়াই দিছপুৰ প্রেছ ক্লাবৰ কার্যকর্তাসকলৰ ভূয়সী প্রশংসা কৰাৰ উপৰি প্রেছ ক্লাবৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷

You might also like