নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই ৪২ হাজাৰ চাকৰিৰ ঘোষণা ৰাজ্য চৰকাৰৰ

বিশেষ বাৰ্তা, ৩০ মার্চঃ ১ লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা প্রক্রিয়াৰ মাজতে অচিৰেই বিভিন্ন বিভাগত ৪২ হাজাৰ পদত নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নিবনুৱা যুৱক–যুৱতীলৈ এই সুখবৰ প্রদান কৰিছে৷ তৃতীয়–চতুর্থ শ্রেণীৰ নিযুক্তি আয়োগৰে অনুষ্ঠিত বৈঠকতে এই পদসমূহ পূৰণৰ ক্ষেত্রত আজি এটা সিদ্ধান্ত গ্রহণ কৰা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই টুইটযোগে এই বুলি উল্লেখ কৰে– আমি শীঘ্রেই বিভিন্ন বিভাগত ৪২ হাজাৰ পদত নিযুক্তি ঘোষণা কৰিম৷ উল্লেখ্য যে ১ লাখ চাকৰি দিয়াৰ প্রতিশ্রুতিৰে ক্ষমতালৈ অহা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে এতিয়ালৈ ৪১,৯২০জন প্রার্থীক চৰকাৰী পদত নিযুক্তি দিছে৷ আনহাতে, ২৬ হাজাৰ তৃতীয় আৰু চুতর্থ শ্রেণীৰ পদত নিযুক্তি দিয়াৰ প্রক্রিয়া সম্পূর্ণ কৰি তোলা হৈছে৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে যে ১০ মে’ৰ ভিতৰত ১ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্রতিশ্রুতি সম্পূর্ণ কৰা হ’ব৷ শেহতীয়াকৈ অসম বিধানসভাতো মুখ্যমন্ত্রীয়ে ১ লাখ নিযুক্তি মে’ মাহৰ ভিতৰত সম্পূর্ণ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ সেই অনুসৰি ৪২ হাজাৰ পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্রক্রিয়া৷ আজি তৃতীয়–চতুর্থ শ্রেণীৰ নিযুক্তি আয়োগৰ বৈঠকত এই নিযুক্তিয়ে স্বাভাৱিকতে নিবনুৱা যুৱক–যুৱতীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা৷

মণ্ডল পদৰ সলনি হ’ব লেণ্ড ৰেকর্ড এছিছটেণ্ট

ৰাজহ বিভাগত অচিৰেই নতুনকৈ সৃষ্টি হ’ব ৪,৪১০টা পদ৷ শেহতীয়াকৈ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে শেহতীয়াকৈ জাৰি কৰা অধিসূচনাত এই প্রস্তাৱ উল্লেখ কৰা হৈছে৷ ২৭ মার্চত প্রকাশ কৰা এই অধিসূচনাৰ জৰিয়তে পূর্বৰ মণ্ডল পদত থকা ২,৭১৮টা পদৰ লগতে অতিৰিক্তকৈ ৩,৭১৮টা পদৰ প্রস্তাৱ দিয়া হৈছে৷ একেদৰে কানানগো ৪৫৩টা, ভূমিৰ নথি পৰিদর্শকৰ ২০৬টা পদ সৃষ্টিৰ বাবে প্রস্তাৱ আগবঢ়োৱা হৈছে৷ উল্লেখ্য যে প্রকাশ কৰা অধিসূচনাৰ জৰিয়তে নতুন নিযুক্তি কর্তৃপক্ষ গঠনৰ প্রস্তাৱ দিয়া হৈছে৷ সেই অনুসৰি এখন নিযুক্তি ব’ড গঠন কৰা হ’ব৷ এই নিযুক্তি ব’ডৰ অধ্যক্ষ হিচাপে থাকিব লেণ্ড ৰেকর্ডছৰ সঞ্চালক৷ আনহাতে, এজন সদস্য সচিব আৰু দুজন সদস্য থাকিব এই ব’ডত৷ ইফালে, নতুন অধিসূচনা অনুসৰি পূর্বে থকা মণ্ডল পদটো বিলুপ্তি ঘটাই এই স্থানত কর্তৃত্ব দিয়া হ’ব লেণ্ড ৰেকর্ডছ এছিছটেণ্ট পদ৷ অর্থাৎ এতিয়াৰ পৰা মণ্ডলৰ সলনি থাকিব লেণ্ড ৰেকর্ডছ এছিছটেণ্ট৷ ইয়াৰে ওপৰত থাকিব লেণ্ড ৰেকর্ডছ ছুপাৰভাইজৰ, তাৰ ওপৰত থাকিব লেণ্ড ৰেকর্ডছ ইন্সপেক্টৰ আৰু লেণ্ড ৰেকর্ডছ অফিচাৰ৷

You might also like