নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা ইডিৰ বিষয়াক প্ৰেমিকাৰ ভাতৃয়ে পেলালে ধৰা : তাৰ পিছত ৰাজহুৱা পিটন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ ইডিৰ বিষয়াৰ পৰিচয় দি এগৰাকী যুৱতীক বিয়া দিয়াৰ মিছা প্ৰতিশ্ৰুতি দি লাখ লাখ টকা ধন দাবী কৰাৰ অভিযোগ উঠিছে এজন যুৱকৰ বিৰুদ্ধে। ফলত হাতে-লোটে ধৰা পৰাত প্ৰহাৰ কৰা হৈছে যুৱকজনক। সেই ঘটনাৰ বাবেই আজি কলকাতাৰ ইডি অফিচৰ চিজিঅ’ কমপ্লেক্সৰ বাহিৰত বিশৃংখলতাৰ সৃষ্টি হয়। অভিযুক্ত যুৱকজনৰ নাম প্ৰদীপ সাহা। তেওঁ সোণাৰপুৰৰ বাসিন্দা। কিশোৰীগৰাকীৰ পৰিয়ালে জনোৱা মতে, প্ৰদীপে নিজকে ইডি অফিচাৰ বুলি পৰিচয় দিছিল। বিয়াৰ প্ৰতিশ্ৰুতি দিও তেওঁ কেইবালাখ টকা লুটিছিল। অৱশ্যে সন্দেহৰ বাবেই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে প্ৰদীপৰ হাত-ভৰি বান্ধি মঙলবাৰে চিজিঅ’ত হাজিৰ হয়। চিজিঅ’ৰ মূল গেটৰ বাহিৰত তেওঁৰ পৰিচয় প্ৰকাশৰ বাবে প্ৰহাৰ কৰা হয়। অভিযোগকাৰীৰ পৰিয়ালৰ লোকে তেওঁলোকৰ ঘৰ বিৰাটীত থকা বুলি জানিবলৈ দিয়ে। প্ৰায় ৯ মাহ পূৰ্বে প্ৰদীপে তেওঁলোকৰ কন্যাৰ সৈতে Shaadi.com ৱেবছাইটত মত বিনিময় কৰিছিল। ইডি অফিচাৰ বুলিও পৰিচয় দিয়ে। ইয়াৰ পিছত দুয়োটা পৰিয়ালৰ মাজত কথা-বতৰা চলি থাকিল। বিয়াৰ কাৰ্ডো ছপা হৈছিল। কিন্তু ছোৱালীজনীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে বিয়া ঠিক হোৱাৰ পিছৰে পৰা প্ৰদীপৰ দাবী বাঢ়িছে। অভিযোগ অনুসৰি প্ৰদীপে কেইবাটাও পৰ্যায়ত তেওঁলোকৰ পৰা প্ৰায় চাৰি লাখ টকা লৈছিল। তদুপৰি তেওঁ বাৰে বাৰে যুৱতীগৰাকীৰ পৰা ধন বিচাৰিছিল। দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে অভিযানৰ সময়ত স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰদীপে চিকিৎসাৰ নামত এই ধন লোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। প্ৰদীপৰ ধনৰ দাবী বাঢ়ি অহাত সন্দেহৰ সৃষ্টি হোৱা বুলি ছোৱালীজনীৰ পৰিয়ালে জানিবলৈ দিয়ে। প্ৰদীপৰ বিষয়ে সোধা-পোছাৰ বাবে সোমবাৰে পোনপটীয়াকৈ চিজিঅত উপস্থিত হয় কিশোৰীগৰাকীৰ ভাতৃ দেৱজিৎ সাহা। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত সোধা-পোছা কৰাত জনা যায় যে প্ৰদীপে তাত কাম নকৰে। ইয়াৰ পিছতে প্ৰদীপৰ হাত-ভৰি বান্ধি ছোৱালীজনীৰ পৰিয়াল আজি চিজিঅ’ কমপ্লেক্সলৈ আহিছিল। তাতেই তেওঁক প্ৰহাৰ কৰা হৈছিল। খবৰ অনুসৰি তেওঁৰ পৰা এখন ভুৱা ইডি কাৰ্ড আৰু ‘ইডি’ লিখা জেকেট উদ্ধাৰ কৰা হৈছে। যুৱতীগৰাকীৰ ভাতৃৰ ভাষ্য- ইডি অফিচাৰে চিনাকি দিয়াৰ পিছত বাইদেউৰ লগত বিয়া ঠিক হৈ গ’ল। প্ৰায়ে বাইদেউৰ পৰা টকা লৈছিল। লেপটপো বিক্ৰী কৰিবলৈ কোৱা হৈছে। কিন্তু সোমবাৰে জানিবলৈ আহিছিলো, কাৰণ মোৰ সন্দেহ আছিল। নিৰাপত্তাৰক্ষীয়ে মোক ক’লে যে ইয়াত প্ৰদীপ নামৰ কোনো লোকে কাম নকৰে। মই অহা বুলি জানি প্ৰদীপে মোৰ আগতেই ইডি অফিচলৈ আহিছিল। কিন্তু তেওঁক ইয়াৰ পৰা বহিষ্কাৰ কৰা হ’ল। প্ৰদীপে ভুৱা ইডি কাৰ্ড দেখুৱাই বিবাহযোগ্য ছোৱালীৰ বাবে ফান্দ পাতিছিল বুলি ছোৱালীজনীৰ পৰিয়ালৰ অভিযোগ কৰিছে। লগতে অভিযোগ কৰা হৈছে যে সেই কামত প্ৰদীপৰ মাতৃ আৰু ভগ্নীয়েও তেওঁক সহায় কৰিছিল। প্ৰদীপে ফোন এপৰ জৰিয়তে এই জালিয়াতিৰ চক্ৰটো চলাইছিল বুলি অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে। অৱশ্যে প্ৰদীপে দাবী কৰিছে যে ইডি কাৰ্ডখন জোৰকৈ ডিঙিত ভৰাই থোৱা হৈছে। তেওঁ নিৰ্দোষী বুলিও দাবী কৰে। ইতিমধ্যে ছোৱালীজনীৰ পৰিয়ালে প্ৰদীপক আৰক্ষীক গতাই দিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি সমগ্ৰ বিষয়টো চোৱাচিতা কৰিবলৈ তদন্ত আৰম্ভ কৰা হ’ব।

You might also like