নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধী বিৰোধী মিত্ৰজোঁটৰ বাবে অশুভ : কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ বিহাৰৰ মিত্ৰতাৰ পৰা জনতা দল (ইউনাইটেড) ওলাই আহি এন ডি এৰ সমৰ্থনত চৰকাৰ গঠন হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। গিৰিৰাজ সিঙে কয় যে ৰাহুল গান্ধীয়ে ইণ্ডিয়া মিত্ৰতাৰ বাবে অশুভ প্ৰমাণিত হৈছে। য’লৈ গৈ আছে তাৰ মিত্ৰতা ছিন্ন-ভিন্ন হৈ পৰিছে। ৰাহুল গান্ধীক লক্ষ্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এতিয়া তেওঁ উত্তৰ প্ৰদেশলৈও যাব। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কয় যে সমাজবাদী পাৰ্টীৰে মিত্ৰতা কেনেকুৱা হ’ব সেয়াও লক্ষ্যণীয়। জ্ঞান যাত্ৰা উলিয়ালে বিহাৰৰ মাটিত জ্ঞান পালেহেঁতেন। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত গিৰিৰাজ সিঙে কয় যে এতিয়া এই অভিলেখ পুৰণি হৈ পৰিছে। ভাৰত আৰু বিহাৰৰ ভিতৰত কোনে ঘৃণা বিয়পাইছে? তেওঁলোকৰ ইণ্ডিয়া মিত্ৰতা আৰু তেওঁলোকৰ দলৰ নেতাসকলে ঘৃণা বিয়পাইছে। ডি এম কে নেতা এম কে ষ্টেলিনৰ সন্দৰ্ভত তেওঁ কয় যে তেওঁ সনাতন ধৰ্ম বিলুপ্ত কৰাৰ কথা কয়। তেওঁলোকৰ মিত্ৰতাই ঘৃণা বিয়পাইছে। কোনো ধৰ্মক লৈ আমাৰ এনে অনুভৱ হোৱা নাই। আনহাতে, সমাজবাদী পাৰ্টিয়ে আজি ১৬জন প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰিছে। শেহতীয়াকৈ মিত্ৰতাৰ অংশ হিচাপে কংগ্ৰেছক ১১খন আসন দিয়াৰ কথা ঘোষণা কৰিছিল সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে। এই সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছিল যে সঠিক সময় আহিলেই ঘোষণা কৰা হ’ব। বিহাৰত চৰকাৰ সলনি হোৱাৰ পিছত গ্ৰেণ্ড এলায়েন্সক লক্ষ্য কৰি লৈছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱেইছিয়ে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্টটো শ্বেয়াৰ কৰি আছাদুদ্দিন ৱেইছিয়ে লিখিছে, “২০১৫ চনৰ পৰা বিহাৰত গ্ৰেণ্ড এলায়েন্সক সমৰ্থন নকৰাৰ বাবে বহু ‘বুদ্ধিজীৱী’ আৰু ‘নেতা’ৰ দ্বাৰা মোক গালি-গালাজ কৰা হৈছে। তেতিয়াও আৰু ২০২২ চনতো। লগতে মই কৈছিলোঁ যে নীতিশজী পুনৰ বিজেপিলৈ যাব, এই লোকসকলৰ ৰাজনৈতিক বুজাবুজিৰ এইটো এটা স্পষ্ট প্ৰমাণ যে প্ৰতিবাৰেই তেওঁলোকক ভুল প্ৰমাণিত কৰা হৈছে।”

You might also like