নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীনপুত্ৰৰ বাগদান, ছাৰাই মুম্বাইত খুলিলে পিলেটছ একাডেমী

ক্ৰিকেটৰ ভগৱান বুলি খ্যাত শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ বাগদান সম্পন্ন হৈছে। ইয়াৰ পিছত শচীনৰ জীয়ৰী ছাৰা তেণ্ডুলকাৰেও এটা সুখবৰ শুনাইছে— তেওঁ মুম্বাইত এখন পিলেটছ একাডেমী খুলিছে। অৰ্জুনৰ বাগদানৰ পিছত এই একাডেমীৰ উদ্বোধন হৈছে, য’ত শচীন তেণ্ডুলকাৰ, তেওঁৰ পত্নী অঞ্জলিৰ সৈতে ভাবীবোৱাৰী ছানিয়া চন্দকক দেখা হৈছে। যত প্ৰথমবাৰৰ বাবে শচীন আৰু ছানিয়াক একেলগে এখন ফটোত দেখা গৈছে।

শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা তেণ্ডুলকাৰে মুম্বাইৰ আন্ধেৰীত এখন পিলেটছ একাডেমী খুলিছে, যাৰ প্ৰথম শাখা সম্ভৱতঃ ডুবাইতো আছিল। পিলেটছ একাডেমীত শৰীৰৰ মূল পেশী শক্তিশালী কৰা, শৰীৰৰ ভংগিমা উন্নত কৰা আৰু নমনীয়তা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হয়। পিলেটছ হৈছে এনে এক ব্যায়াম পদ্ধতি, যিয়ে শৰীৰ আৰু মনৰ মাজৰ সম্পৰ্কৰ ওপৰত জোৰ দিয়ে।

অৰ্জুন তেণ্ডুলকাৰ আৰু ছানিয়া চন্দকৰ বাগদান ব্যক্তিগতভাৱে সম্পন্ন হৈছিল আৰু ইয়াক সংবাদ মাধ্যমৰ পৰা দূৰত ৰখা হৈছিল। ১২ আগষ্টত হোৱা এই বাগদানৰ খবৰ বুধবাৰে প্ৰকাশ পাইছে, কিন্তু বাগদানৰ ফটো এতিয়াও সামাজিক মাধ্যমত প্ৰকাশ হোৱা নাই। এই বাগদানত কেৱল পৰিয়ালৰ ঘনিষ্ঠ আত্মীয় আৰু দুয়োৰে কিছু বন্ধু উপস্থিত আছিল। বাগদানৰ পিছত প্ৰথমবাৰৰ বাবে শচীন আৰু তেওঁৰ হ’বলগীয়া পুত্ৰবধূ ছানিয়া একেলগে নজৰত পৰিছে।

শচীন তেণ্ডুলকাৰে নাৰিকল ভাঙি ছাৰা তেণ্ডুলকাৰৰ একাডেমীৰ উদ্বোধন কৰে। এটা ভিডিঅ’ত শচীনৰ পিছফালে তেওঁৰ পত্নী অঞ্জলি তেণ্ডুলকাৰ, জীয়ৰী ছাৰা আৰু সেউজীয়া ৰঙৰ ছুটত অৰ্জুন তেণ্ডুলকাৰৰ বাগদত্তা ছানিয়া চন্দকক দেখা গৈছে।

উল্লেখ্য যে ছানিয়া আৰু অৰ্জুন শৈশৱৰ বন্ধু, আৰু ছানিয়া ছাৰাৰো এগৰাকী ভাল বান্ধৱী। ছানিয়া মুম্বাইৰ এটা প্ৰভাৱশালী ব্যৱসায়িক পৰিয়ালৰ সদস্য আৰু ৰবি ঘাইৰ (ইণ্টাৰকন্টিনেণ্টেল মেৰিন ড্ৰাইভ হোটেল আৰু ব্ৰুকলিন ক্ৰিমেৰীৰ মালিক) নাতিনী। ছানিয়াই লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা বিজনেছ মেনেজমেণ্টত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু মুম্বাইত নিজৰ এখন পেট স্পা ছেলুন পৰিচালনা কৰে।

Niyomiya Barta Desk, 14 August, 2025

You might also like