নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি মাহৰ পাছত ইনষ্টাগ্ৰামত কিং খান

চাৰি মাহৰ পাছত অৱশেষত ছ’চিয়েল মিডিয়ালৈ উভতিছে শ্বাহৰুখ খান। বিগত বৰ্ষৰ ছেপ্টেম্বৰত গণেশ চতুৰ্থীৰ শুভেচ্ছা জনোৱা পোষ্টটোৱে আছিল কিং খানৰ অন্তিমটো পোষ্ট। ইয়াৰ পাছত এফালে পুত্ৰ আৰয়ান খান ড্ৰাগছ সংক্ৰান্তীয় গোচৰত কাৰাগাৰত সোমায় আৰু আনপিনে ছ’চিয়েল মিডিয়াত নিশ্চুপ হয় বলীউডৰ বাদশ্বাহ।

 

View this post on Instagram

 

A post shared by Shah Rukh Khan (@iamsrk)

চাৰিমাহৰ বিৰতিৰ পাছত কালি হঠাৎ ইলেকট্ৰনিক ব্ৰেণ্ড এল জিৰ বিজ্ঞাপন এটা পোষ্ট কৰি ইনষ্টাগ্ৰামত সক্ৰিয় হৈছে তেওঁ। বাদশ্বাহ ওভোতাৰ পাছতে উৎফুল্লিত হোৱা দেখা গৈছে তেওঁৰ অনুৰাগীক। এই বিজ্ঞাপনত শ্বাহৰুখৰ সৈতে দেখা গৈছে পত্নী গৌৰী খানক। বৰ্তমানে কিং খানে পাঠান  ছবিৰ কামত ব্যস্ত।

You might also like