নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছানী দেউলৰ ঘৰত সোমাল আৰু এখন নতুন বিলাসী গাড়ী, দাম কিমান জানেনে, আৰু কি কি গাড়ী আছে এক্সন হিৰোৰ

বিশেষ বাৰ্তা, ২৪ মেঃ অভিনেতা তথা ৰাজনীতিবিদ ছানী দেউলৰ বাহনৰ প্ৰতি বৰকৈ চৌখিন আৰু তেওঁৰ গেৰেজত আছে কিছুমান ৰোমাঞ্চকৰ গাড়ী। কিন্তু বিজেপিৰ সাংসদগৰাকীয়ে এতিয়া তেওঁৰ সংগ্ৰহত নতুন বিলাসী বাহন এখন যোগ কৰিলে। শেহতীয়াকৈ তেওঁ কিনিছে লেণ্ড ৰভাৰ ডিফেণ্ডাৰ ১১০। নতুন গাড়ীখন ছানী ছুপাৰ চাউণ্ড, জুহুত প্ৰৱেশ কৰাৰ কেইবাটাও ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছে। এছ ইউ ভিৰ পাঁচখন দুৱাৰৰ সংস্কৰণখনৰ দাম প্ৰায় ২.০৫ কোটি টকা। ছানী দেউলৰ গাড়ী সংগ্ৰহৰ বিষয়ে ক’বলৈ গ’লে ‘ঘায়ল’ অভিনেতাগৰাকীৰ হাতত আছে কেবাখনো বিলাসী গাড়ী। বলীউডলাইফৰ মতে, ছানীৰ মালিকানাধীন অ’ডি এ-৯, লেণ্ড ৰেঞ্জ ৰভাৰ এছ ইউ ভি, পৰ্ছে কেয়েন আৰু মাৰ্চিডিজ বেঞ্জ ছিলভাৰ এছ এল ৫০০। কামৰ ক্ষেত্ৰত ছানীয়ে তেওঁৰ অন্যতম ব্লকবাষ্টাৰ ছবি ‘গদাৰ ২’ ৰ ছিকুৱেল আনিব।

You might also like