নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত গোল্ডেন থ্ৰেডছ অৱ আছাম মুকলি

অসমীয়া স্বাভিমানক বিশ্বৰ বজাৰলৈ আগবঢ়োৱাৰ লক্ষ্যৰে গুৱাহাটীৰ GS ৰোডত নতুনকৈ মুকলি কৰা হৈছে গোল্ডেন থ্ৰেডছ অৱ আছাম নামৰ এখন বিশেষ বিপণী।

অসমৰ পৰম্পৰাগত মুগা শিল্পক বিশ্বমুখী কৰাৰ উদ্দেশ্যেৰে স্থাপন কৰা এই বিপণীখনত অসমৰ শিপিনীয়ে বোৱা বিভিন্ন মুগা বস্ত্ৰ উপলব্ধ কৰা হৈছে। ইয়াৰ উপৰি অসমীয়া পৰম্পৰাগত অলংকাৰ, কাঁহ-পিতলৰ বাচন-বৰ্তন আৰু মাজুলীৰ বিখ্যাত মুখাশিল্পো বিপণীখনত উপলব্ধ থাকিব।

এই বিপণীখন মুকলি অনুষ্ঠানত গোল্ডেন থ্ৰেডছ অৱ আছামৰ স্বত্ত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে এই পদক্ষেপে অসমৰ ঐতিহ্যমণ্ডিত মুগা শিল্প আৰু হস্তশিল্পক দেশ-বিদেশত অধিক জনপ্ৰিয় কৰি তোলাৰ লগতে স্থানীয় শিপিনিসকলৰ বাবে নতুন বজাৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১০ এপ্ৰিল

You might also like