নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Amingaon News : আমিনগাঁৱত গণপ্ৰহাৰত চোৰৰ থিতাতে মৃত্যু, আটক কেইবাজনো

Amingaon News :  আমিনগাঁৱত গণপ্ৰহাৰৰ এক ঘটনা সংঘটিত হৈছে। এই গণপ্ৰহাৰত এটা চোৰৰ মৃত্যু হৈছে। আমিনগাঁও লাচিতপুৰৰ এখন দোকানৰ সন্মুখৰ পৰা স্কুটী চুৰি কৰিবলৈ লওঁতেই হাতেলোটে ধৰা পৰে চোৰটো।

চোৰটোক ধৰাৰ পিছতে উত্তপ্ত হয় আমিনগাঁও। ফলত গণপ্ৰহাৰত থিতাতে নিহত হয় চোৰটো। আনুমানিক ৪০ বছৰীয়া চোৰটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ঘটনা সংক্ৰান্তত কেইবাজনকো আটক কৰিছে আমিনগাঁও আৰক্ষীয়ে।

এই গণপ্ৰহাৰৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। কিয়নো আইন হাতত তুলি লৈ এইদৰে এগৰাকী লোকক মৃত্যুৰ পৰ্য়ায়লৈ নিয়াটো কিমান সমীচীন।

Niyomiya Barta Desk, 22 August

You might also like