Guwahati News : কিশোৰীক অন্তঃসত্ত্বা পাষণ্ড বিপ্লৱৰ, গুৱাহাটীত জঘন্য কাণ্ড
Guwahati News : আন এক লজ্জাজনক কাণ্ড সংঘটিত হৈছে গুৱাহাটীত। গুৱাহাটী মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। এগৰাকী ১৫ বছৰীয়া কিশোৰীক অন্তঃসত্ত্বা কৰিলে এজন যুৱকে। বিপ্লৱ ঠাকুৰীয়া নামৰ যুৱকজনৰ বিৰুদ্ধে অভিযোগ উঠাইছে ভুক্তভোগী পৰিয়ালে।
অন্তঃসত্ত্বাৰ কথা পোহৰলৈ অহাৰ পিছত যুৱকজনৰ মাতৃয়ে গৰ্ভপাত কৰাৰ বাবে কিশোৰীগৰাকীক লৈ গৈছিল ধীৰেনপাৰা স্বাস্থ্যকেন্দ্ৰলৈ। ধীৰেনপাৰাত চিকিৎসকে গৰ্ভপাত নকৰাৰ ফলত কালিছৰণ নাৰ্ছিং হোমলৈ লৈ আনিছিল কিশোৰীগৰাকীক। কালিছৰণ নাৰ্ছিং হোমত এগৰাকী চিকিৎসকে কৰাইছিল গৰ্ভপাত।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰু দুগৰাকী কিশোৰীৰ সৈতে একেই ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে বিপ্লৱ ঠাকুৰীয়াৰ বিৰুদ্ধে। ইফালে চিকিৎসালয়ৰ নথিপত্ৰসমূহ বিপ্লৱ ঠাকুৰীয়াৰ মাতৃয়ে জ্বলাই দিয়াৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালে।
Niyomiya Barta Desk, 22 August