গুৱাহাটীত পুনৰ Hit and Run কাণ্ড, আহত যুৱ সাংবাদিক
নিশা মহানগৰীত পুনৰ Hit and Run ৰ ঘটনা সংঘটিত হৈছে। গণেশগুৰি জু ৰোড সংযোগী উৰণ সেতুৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। এখন স্কুটীক মহটিয়াই নিলে তীব্ৰ বেগী বগা ৰঙৰ চাৰিচকীয়া বাহনে। ঘটনা সংঘটিত কৰি পলায়ন কৰে তীব্ৰবেগী বাহনখনে। নিশা প্ৰায় ১২.২০ৰ পৰা ১২.২৫ বজাৰ ভিতৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।
দুৰ্ঘটনাগ্ৰস্ত দুচকীয়া বাহনখনত আছিল যুৱ সাংবাদিক তেজস্বী ভাস্কৰ চুতীয়া। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ভাস্কৰ চুতীয়া। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS 01EN 1200। প্ৰত্যক্ষদৰ্শী আৰু এজন উবেৰ চালকৰ সহযোগত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেজস্বী ভাস্কৰ চুতীয়াক। বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে ভাস্কৰ।
ইফালে আৰক্ষী আৰু ১০৮ সেৱা সময়ত নোপোৱাৰ অভিযোগ কৰিছে প্ৰত্যক্ষদর্শীয়ে। বাৰে বাৰে ফোন কৰিও 108 আৰু আৰক্ষীৰ পৰা সঁহাৰি নোপোৱাৰ অভিযোগ উঠিছে।
উল্লেখ্য যে এটা ব্যক্তিগত পৰ্টেল চেনেলৰ যুৱ সাংবাদিক তেজস্বী ভাস্কৰ চুতীয়া। তেজস্বী ভাস্কৰ চুতীয়াৰ ঘৰ মৰাণত।
Niyomiya Barta Desk, 24 August