নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ Exoro বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

গুৱাহাটীৰ ভঙাগড়স্থিত Exoro বাৰ আৰু পাবৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই এজাহাৰ দাখিল কৰাৰ ঘটনা পোহৰলৈ আহিছে। নিশা নিৰ্ধাৰিত সময় অতিক্ৰম কৰি সুৰা বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে বাৰখনৰ বিৰুদ্ধে।

জানিব পৰা মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গীতিমা বৰাই নুনমাটি থানাত এই এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি, ছামিম আহমেদ আৰু তিনিগৰাকী যুৱতীয়ে ওৰেনিশা জি.এছ. ৰোডস্থিত Exoro বাৰখনত সুৰাপান কৰিছিল।

অধিবক্তাগৰাকীয়ে অভিযোগ কৰে যে আবকাৰী বিভাগৰ নিয়ম অনুসৰি নিশা ১২.৩০ বজালৈহে বাৰ খোলা ৰাখিবলৈ অনুমতি থাকে। তথাপি পুৱতিনিশা ৩.৩০ বজালৈকে বাৰখন খোলা ৰাখি সুৰা বিক্ৰী কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰা হৈছে।

এই ঘটনাক লৈ অধিবক্তাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয়— নিয়ম থকা সত্ত্বেও কিদৰে বাৰখন পুৱতিনিশালৈ খোলা ৰাখি ব্যৱসায় চলাই থাকিল, সেই বিষয়ে যথাযথ তদন্ত হ’ব লাগিব।

ইয়াৰ উপৰি এই ঘটনাত আবকাৰী বিভাগৰ ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰি অধিবক্তাগৰাকীয়ে আবকাৰী বিভাগৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে।

অধিবক্তাগৰাকীয়ে আৰক্ষীক আহ্বান জনাইছে যে Exoro বাৰ আৰু আবকাৰী বিভাগৰ বিৰুদ্ধে BNS ১০৬ নং ধাৰাত গোচৰ পঞ্জীয়ন কৰি ঘটনাটোৰ সম্পূৰ্ণ তদন্ত চলোৱা হওক।

ডিজিটেল ডেস্ক, ২৯ এপ্ৰিল

You might also like