হাইলাকান্দিত আৰক্ষীৰ অভিযানত য়াবা টেবলেট জব্দ
হাইলাকান্দি জিলাত আৰক্ষীৰ এটা সুপৰিকল্পিত অভিযানত বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। অসম–মিজোৰাম সীমান্তৱৰ্তী ৰামনাথপুৰ অঞ্চলত চলোৱা এই অভিযানত প্ৰায় ৪৫ হাজাৰ ইয়াবা টেবলেট উদ্ধাৰ কৰা হয় আৰু এজন যুবকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।
সীমান্ত অঞ্চলত মাদক পাচাৰ ৰোধত আৰক্ষীৰ এই সাফল্যক এটা ডাঙৰ অৰ্জন বুলি গণ্য কৰা হৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে মিজোৰামৰ পৰা অহা AS 01 GB 3539 নম্বৰৰ এখন গাড়ীত প্ৰায় ৬.২১ কেজি য়াবা টেবলেট পাচাৰৰ উদ্দেশ্যে আনিছিল।
দীৰ্ঘদিন ধৰি এই পথেদি মাদক সৰবৰাহৰ অভিযোগ উত্থাপন হৈ আহিছিল বুলি জানিব পৰা গৈছে। গোপন সূত্ৰৰ বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত ৰামনাথপুৰ আৰক্ষী চকীৰ সন্মুখত বিশেষ নাকা চেকিং আৰম্ভ কৰে আৰক্ষীয়ে।
পাছত সন্দেহজনক গাড়ীখন ৰখাই তালাচী চলোৱাৰ সময়ত গাড়ীৰ ভিতৰৰ পৰা এই বুজন পৰিমাণৰ ইয়াবা টেবলেট উদ্ধাৰ কৰা হয়।এই ঘটনাত গ্ৰেপ্তাৰ হোৱা যুবকজনৰ নাম ৰমেশ ভুটিয়ানি। তেওঁৰ ঘৰ কামৰূপ মেট্ৰ’ জিলাত। প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে যে এই মাদক চালানটো এটা বৃহৎ চক্রৰ সৈতে জড়িত থাকিব পাৰে।
জব্দকৃত ইয়াবা টেবলেটসমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি ৮০ লাখ টকা ।খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ডিএছপি বিদ্যুৎ কুমাৰ শইকিয়া। তেওঁ সমগ্ৰ অভিযানৰ অগ্ৰগতি পৰ্যালোচনা কৰে। পাছত ধৃত ব্যক্তিজনক সৰবৰাহ চক্ৰৰ সৈতে জড়িত আন ব্যক্তিসকলক চিনাক্ত কৰাৰ চেষ্টা চলি আছে।
বৰ্তমান ধৃত যুবকজনক নিজৰ জিম্মাত ৰাখি ৰামনাথপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। এই ঘটনাৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি সেয়া তদন্ত কৰি চোৱা হৈছে। প্ৰয়োজন হ’লে আন জিলালৈও তদন্তৰ পৰিধি বঢ়োৱা হ’ব পাৰে। স্থানীয় বাসিন্দাসকলে মাদক সৰবৰাহ ৰোধত আৰক্ষীৰ এই তৎপরতাক স্বাগত জনাইছে আৰু আগন্তুক সময়তো এনে কঠোৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈ দাবী জনাইছে। লগতে সীমান্ত অঞ্চলত অধিক কঠোৰ নজৰদাৰীৰো দাবী উত্থাপন কৰিছে সাধাৰণ ৰাইজে।
ডিজিটেল ডেস্ক, ২৯ এপ্ৰিল