নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ভাৱনা শৰ্মাৰ নিখোজ কাণ্ডৰ ৰহস্য উন্মোচন

গুৱাহাটীৰ এগৰাকী নিখোজ মহিলাক লৈ সৃষ্টি হোৱা ৰহস্যৰ অৱশেষত সমাধান হৈছে। প্ৰায় দুদিন ধৰি নিখোজ হৈ থকা ভাৱনা শৰ্মা সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহি এখন ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সমগ্ৰ ঘটনাৰ বিৱৰণ প্ৰকাশ কৰিছে।

হঠাৎ নিখোজ হৈ যোৱাৰ পিছতে তেওঁৰ পৰিয়াল আৰু স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল। বহু লোক তেওঁৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছিল। কিন্তু ভাৱনাই স্পষ্টকৈ জনাইছে যে এই ঘটনাত কোনো বাহিৰৰ লোক জড়িত নাছিল।

নিজৰ ভিডিঅ’ বাৰ্তাত তেওঁ জনাইছে যে ২৪ এপ্ৰিলত তেওঁ নিজ ইচ্ছাৰে ঘৰ এৰি ওলাই গৈছিল। তেওঁ জলুকবাৰী পৰা পল্টন বজাৰলৈ গৈ তাৰ পৰা শ্বিলঙলৈ যাত্ৰা কৰিছিল। তেওঁ আৰু জনাইছে যে এখন হোটেলত তেওঁ অকলেই আছিল আৰু CCTV ফুটেজে এই কথা প্ৰমাণ কৰিব পাৰে।

ইতিপূৰ্বে মাতৃক পঠোৱা “মই বিপদত আছোঁ” বুলি বাৰ্তাক লৈও তেওঁ স্পষ্টীকৰণ আগবঢ়ায়। তেওঁ কয় যে সেই সময়ত তেওঁ মানসিকভাৱে অস্থিৰ আৰু বিভ্ৰান্ত অৱস্থাত আছিল, যাৰ ফলত এনে বাৰ্তা পঠিয়াইছিল।

পৰৱৰ্তী দিনা পুৱাই এগৰাকী মহিলাৰ সহায় লৈ তেওঁ মাতৃৰ সৈতে যোগাযোগ কৰে আৰু অসম আৰক্ষীৰ সহায়ত সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিব সক্ষম হয়।

ভাৱনাই লগতে প্ৰকাশ কৰে যে বিগত দুবছৰ ধৰি তেওঁ ব্যক্তিগত সম্পৰ্কজনিত চাপৰ মাজত আছিল। তেওঁৰ অভিযোগ অনুসাৰে নিহাৰজ্যোতি শৰ্মা নামৰ এজন ব্যক্তিৰ সৈতে সম্পৰ্কত থাকোতে বিভিন্ন ধৰণৰ ভয়-ভাবুকিৰ সন্মুখীন হৈছিল, ফলত তেওঁৰ মানসিক অৱস্থা প্ৰভাৱিত হৈছিল।

এই ঘটনাৰ সৈতে জড়িত অভিযোগৰ ভিত্তিত ইতিমধ্যে তেওঁ এখন FIR দাখিল কৰিছে আৰু আৰক্ষীৰ তদন্তত সহযোগ কৰি আছে।

নিজৰ বাৰ্তাৰ শেষত ভাৱনাই এক গুৰুত্বপূৰ্ণ আহ্বান জনাই কয় যে যিসকল লোক মানসিক চাপ বা ভয়ৰ সন্মুখীন হৈছে, তেওঁলোকে নীৰৱে নাথাকি সহায় বিচৰা উচিত।

ডিজিটেল ডেস্ক, ২৯ এপ্ৰিল

You might also like