আজি বিজয় অপৰিহাৰ্য মেচ মুম্বাইৰ, সন্মুখত শক্তিশালী হায়দৰাবাদ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯সংখ্যক সংস্কৰণত আধা পৰ্যায় অতিক্ৰম কৰাৰ পিছত কিছুমান দল প্লে’অফৰ ওচৰ পাইছে যদিও কিছুমান দলে এতিয়াও সংগ্ৰাম অব্যাহত ৰাখিছে। আইপিএল ইতিহাসৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছ এতিয়া কঠিন পৰিস্থিতিত পৰিছে। হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন দলটোৱে এতিয়ালৈ ৭খন খেলৰ ভিতৰত মাত্ৰ ২খনত জয় লাভ কৰাৰ বিপৰীতে ৫খনত পৰাজয় বৰণ কৰিছে। আজি মুম্বাইয়ে ৱাংখেড়েত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মুখামুখি হ’ব।
বৰ্তমান মুম্বাই ইণ্ডিয়ানছৰ মুঠ ৪ পইণ্ট আছে আৰু নেট ৰান ৰেট হৈছে -০.৭৩৬। শেহতীয়া ৫খন খেলৰ ভিতৰত ৪খনত পৰাজয়ৰ পিছত দলটো পইণ্ট তালিকাৰ নৱম স্থানলৈ অৱনমিত হৈছে। দলটোৰ বলিং বিভাগ দুৰ্বল দেখা গৈছে, আৰু শেহতীয়া খেলত বেটিং বিভাগেও হতাশাজনক প্ৰদৰ্শন আগবঢ়াইছিল। গোটেই দলটো মাত্ৰ ১০৪ ৰানতে অল-আউট হৈছিল।
আজি জয় লাভ কৰিব বিচাৰিলে মুম্বাইৰ বলাৰসকলে উন্নত প্ৰদৰ্শন আগবঢ়োৱা অতি প্ৰয়োজন। কিয়নো অভিষেক শৰ্মা বৰ্তমান সুন্দৰ ফৰ্মত আছে, লগতে ট্ৰেভিছ হেড যিকোনো সময়তে ডাঙৰ স্ক’ৰ কৰিব পাৰে। ইয়াৰ উপৰি ঈশান কিষাণ আৰু হেনৰিক ক্লাছেনেও দলটোৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। শেহতীয়া খেলত হায়দৰাবাদে ২২৯ ৰানৰ লক্ষ্য সফলভাৱে অনুসৰণ কৰিছিল।
২০২৩ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছে ৱাংখেড়েত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে এখনো খেল হাৰা নাই। দুয়োটা দলৰ মাজত এতিয়ালৈ মুঠ ২৫খন খেল অনুষ্ঠিত হৈছে, য’ত মুম্বায়ে ১৫খন আৰু হায়দৰাবাদে ১০খনত জয় লাভ কৰিছে।
মুম্বাই ইণ্ডিয়ানছৰ এতিয়াও ৭খন খেল বাকী আছে। সকলো খেলত জয় লাভ কৰিলে দলটো সৰ্বাধিক ১৮ পইণ্ট লাভ কৰিব পাৰে, যাৰ ফলত প্লে’অফত স্থান লাভ সম্ভৱ। বৰ্তমানৰ সমীকৰণ অনুসৰি প্লে’অফত প্ৰৱেশ কৰিবলৈ কমেও ১৬ পইণ্টৰ প্ৰয়োজন হ’ব। অৰ্থাৎ মুম্বাইক বাকী থকা ৭খন খেলৰ ভিতৰত অন্ততঃ ৬খন খেলত জয় লাভ কৰিব লাগিব। আজি খেলত পৰাজিত হ’লেও দলটো তৎক্ষণাত প্লে’অফ দৌৰৰ পৰা বাহিৰ নহ’ব, কিন্তু পৰিস্থিতি অধিক কঠিন হৈ পৰিব।
মুম্বাই ইণ্ডিয়ানছৰ আগন্তুক খেলসূচী:
- ২ মে’ — MI vs CSK (চেন্নাই)
- ৪ মে’ — MI vs LSG (মুম্বাই)
- ১০ মে’ — MI vs RCB (ৰায়পুৰ)
- ১৪ মে’ — MI vs PBKS (ধৰ্মশালা)
- ২০ মে’ — Mi vs KKR (ইডেন গাৰ্ডেন)
-
২৪ মে’ — MI vs RR (ৱাংখেড়ে)
ডিজিটেল ডেস্ক, ২৯ এপ্ৰিল