নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত প্ৰণীতা হালৈৰ নতুন গীত ‘এপাহি ফুল যেন তুমি’ মুকলি

নলবাৰী জিলাৰ বালিকৰিয়াৰ কণ্ঠশিল্পী প্ৰণীতা হালৈৰ এটা নতুন গীত মুকলি কৰা হয়। এই উপলক্ষে নলবাৰীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘এপাহি ফুল যেন তুমি ‘ শীৰ্ষক গীতটি আনুষ্ঠানিকভাবে উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মাই।

উন্মোচনী ভাষণত তেওঁ নতুন গীতটো সংগীত ৰসিকসকলে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে। জ্যেষ্ঠ সাংবাদিক এম মহিবৰ ৰহমানৰ পৰিচালনাত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সংগীত শিল্পী প্ৰাণ বৈশ্য।

অনুষ্ঠানত মুকুন্দ কলিতা, উদয় বৰ্মন, দিলীপ তালুকদাৰ, নিৰোদ শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে। ‘এপাহি ফুল যেন তুমি ‘ শীৰ্ষক গীতটিৰ কথা আৰু সুৰ কল্যাণ দাসৰ। সংগীত প্ৰাণ বৈশ্যৰ। নতুন গীতটি শ্ৰোতাই আদৰি ল’ব বুলি সকলোৱে আশা প্ৰকাশ কৰাৰ লগতে প্ৰণীতা হালৈৰ প্ৰচেষ্টাৰ শলাগ লয়।

নিয়মীয়া বাৰ্তা, বাঁহজানী, ২৯ এপ্ৰিল

You might also like