সম্পাদকীয় : সফল–সুখী মানুহবোৰ
টকা থকা মানুহবোৰক মানুহে সফল বুলি ভাবে, সুখী বুলি ভাবে, কিন্তু কোনোবাখিনিত সেই মানুহবোৰো ভয়ানকভাৱে নিঃসংগ৷ তেওঁলোকে সেই নিঃসংগতাখিনি দেখুৱাব নোৱাৰে৷ ২০১০ চনত আমেৰিকাত এটা সমীক্ষা চলোৱা হৈছিল৷
সমীক্ষাটোত প্রায় চাৰি লাখ লোকক সামৰি লোৱা হৈছিল৷ সমীক্ষাৰ অন্ততঃ পোৱা গৈছিল যে ৭৫ হাজাৰ ডলাৰ দৰমহা পালেই মানুহ সুখী হ’ব পাৰি৷ মানে আমেৰিকানসকলৰ দৃষ্টিত ধনেৰেই সুখ–সম্পদ ক্রয় কৰা সম্ভৱ৷
কিন্তু সুখী দেশৰ তালিকাৰ শীর্ষত আমেৰিকা কেতিয়াও নাই, কিয়? স্কাণ্ডিনেভিয়ান দেশবোৰলৈ চালে দেখা যায় যে সেই দেশবোৰৰ নাগৰিক যথেষ্ট সুখী৷ কাৰণ সেই দেশৰ নাগৰিকে কেৱল সুখ–স্বাচ্ছন্দ্য আহৰণকেই জীৱনৰ লক্ষ্য বুলি নাভাবে৷ এই বিষয়টো তেওঁলোকৰ বাবে এটা গৌণ বিষয়৷
তেওঁলোকৰ লক্ষ্য কেৱল সামাজিক বান্ধোন আৰু একতা অক্ষুণ্ণ ৰখা৷ আন এক সমীক্ষাত প্রকাশ পাইছিল– আজিৰ মানুহৰ নিজৰ সকলোবোৰ থকাৰ পিছতো মানুহে নতুনত্ব বিচাৰে, নতুন নতুন মানুহৰ সৈতে চিনাকি হ’বলৈ বিচাৰে, ডিজিটেল সম্পর্ক ৰাখিব বিচাৰে৷ লগ পাওক বা নাপাওক কথা নাই, কিন্তু ডিজিটেল পৃথিৱীত কথা পাতি সুখী হৈ থাকিব বিচাৰে৷ ই অতিকৈ আচৰিত কথা নহয়নে?
সম্প্রতি মানুহৰ এহ নিঃসংগতাৰ সুবিধা লৈ ডেটিং এপৰো সৃষ্টি হৈছে৷ এই এপত এতিয়া কথা পতাৰ সংগী বিচাৰি মানুহে কৰিছে ৰেজিষ্ট্রেচন৷ চীনৰ এগৰাকী মহিলাৰ বিয়া হোৱাৰ প্রায় তিনিবছৰ হ’ল৷ কিন্তু সেই মহিলাগৰাকীয়ে প্রায়ে দোষী অনুভৱ কৰে যাৰ আবে তেওঁ দোষৰ অনুভৱ কমাবৰ বাবে এআইৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰিছে এজন প্রেমিক৷
মহিলাগৰাকীয়ে সেই প্রেমিকৰ সৈতে সুখ–দুখৰ কথা পাতে৷ ভৱিষ্যৎ পৰিকল্পনা কৰে আৰু এআইৰ প্রেমিকজনে তেওঁক সাত্ব্ন্না দিয়ে৷ ভার্চুৱেল কথা–বতৰাবোৰে তেওঁক সাময়িকভাৱে সকাহ দিয়ে৷ চীনত এই কথাবোৰ যদিও পুৰণা তথাপি ই চিন্তনীয়৷
চীনৰ ২৫ বছৰীয়া এগৰাকী যুৱতীৰ নাম লাও টু৷ তেওঁঁৰ বাস্তৱত সংগী থকাৰ পিছতো ভাচুর্ৱেল সংগীৰ সৈতে ঘণ্টা ঘণ্টা ধৰি সময় অতিবাহিত কৰে৷ পাঁচ বছৰ ধৰি হতাশাৰ সৈতে যুঁজ দি থকা মহিলাগৰাকীয়ে বাস্তৱ জীৱনৰ প্রেমিকতকৈ এআই সংগীৰ ওচৰত থাকি বেছি সুখী অনুভৱ কৰে আৰু তেওঁৰ পৰাই সাত্ব্ন্না লাভ কৰে৷ এহ কথাবোৰ পঢ়িবলৈ আচহুৱা যেন লাগিলেও মিছা বুলি ক’ব নোৱাৰি৷ ভাৰততো বহুতে এআইৰ সৈতে বার্তালাপ কৰি সুখী অনুভৱ কৰে৷
এআইৰ ওপৰত আৱেগিকভাৱে নির্ভৰশীল হ’বলগীয়া কথাবোৰে ভয়ংকৰভাৱে সমাজৰ নেতিবাচক দিশবোৰকে প্রকাশ কৰা নাইনে? এক গৱেষণাৰ পৰা জানিব পৰা গৈছে– চীনৰ এআই কম্পেনিয়ন এপে বিশ্বজুৰি শীর্ষ ১০০টা এপৰ ভিতৰত স্থান লাভ কৰিছে৷
এই স্থান কেৱল ব্যৱহাৰকাৰীৰ ওপৰত নির্ভৰ কৰিহে লাভ কৰিছে৷ মানুহ ইমান সফল হোৱাৰ পিছতো, সকলো থকাৰ পিছতো কিয় সংগহীন অনুভৱ কৰে এই কথাবোৰ ভাবি চোৱা উচিত৷ আমি সফল হোৱাৰ প্রতিযোগিতাত দৌৰিছো, কেৱল দৌৰিছো৷ কোনেও কাৰো ফালে চাবলৈ সময় নাই৷
কাকো আৱেগিকভাৱে বুজিবলৈও সময় নাই৷ আমি ভাবি চোৱা উচিত– সফলতাৰ সংজ্ঞা যদি এটা চাকৰি হয়,বহুত টকা থকাৰ বাবেহ যদি মানুহ সফল হয়, তেনেহ’লে সফল মানুহবোৰ সুখী মানুহৰ তালিকাত কিয় নাথাকে৷
আজি পৃথিৱীৰ সকলোতকৈ ধনী দেশখনৰ নাগৰিক সুখী হ’ব লাগিছিল৷ কিন্তু সেই দেশখনতো দেখোন দুখী মানুহেৰে ভৰি আছে৷ টকা–চাকৰি এইবোৰ সফলতা নহয়, এইবোৰ জীৱন যাত্রাৰ বাবে একো একোটা প্রয়োজন মাত্র৷ মানুহৰ অভাৱবোৰ নোহোৱা কৰিবলৈ, মানুহৰ প্রয়োজনবোৰ পূৰণ কৰিবলৈহে মানুহক টকা–চাকৰি লাগে৷
এই চাকৰি নহ’লে নিজৰ দক্ষতাৰে বহুতেই নিজেই নিজৰ বাট বিচাৰি লৈছে৷ তেওঁলোকে কষ্ট কৰিছে, নিজৰ পথ নিজেই সন্ধান কৰিছে, তেওঁলোকক কেৱল আমি সন্মান কৰা প্রয়োজন৷ কেৱল চাকৰি কৰিলেই যুৱক–যুৱতীক সফল বুলি শিকোৱা অভিভাৱকে সন্তানক আৱেগিকভাৱে সবল হ’বলৈও শিকোৱা উচিত৷
মানুহ শিক্ষিত হ’ব লাগে, জ্ঞানী হ’ব লাগে, কর্মদক্ষতা থাকিব লাগে, সততা লাগে৷ এই গুণকেইটা থাকিলে মানুহে জীৱনত উপার্জন কৰিব পাৰিবই৷ কেৱল সেই মানুহখিনিক মানুহে উৎসাহ দিব লাগে৷ সেই উৎসাহখিনি সমাজে দিয়া উচিত৷
কেৱল বেতনভোগী মানুহ বাঢ়িলেই এখন দেশৰ উন্নতি নহয়৷ মানুহবোৰ সুখী হৈ নাযায়৷ মানুহ সুখী হৈ থাকিবলৈ সুখে–দুখে, বিপদে–আপদে, সফলতাত সুখী হৈ, বিফলতাত সাহস হৈ থিয় দিয়া, ভুলক শুধৰাই, ভালক প্রশংসাৰে ওপচাই দিয়া মানুহ থাকিলেহে মানুহ প্রকৃততে সুখী হৈ থাকিব৷ তেতিয়া মানুহে এআইৰ সৈতে কথা পাতি নিঃসংগতা দূৰ কৰাৰ পৰিৱেশ নিশ্চয়কৈ সৃষ্টি নহ’ব৷
ইয়াৰ উপৰি আমি মনত ৰখা ভাল যে আমাৰ সুখ হ’ল এক মানসিক স্থিতি৷ ইয়াক আমি নিয়ন্ত্রণ কৰিবলৈ শিকিব লাগিব৷ বিকল্প থকালৈ মানুহে বিকল্প বিচাৰে, কিন্তু বিকল্পই মানুহ লুভীয়া কৰে, সহজ–সৰল জীৱনকো কঠিন কৰি তোলে৷ মুঠতে সুখী জীৱনৰ বাবে সামাজিক বান্ধোন অধিক সুদৃঢ় হোৱাৰ লগতে সম্প্রীতিৰ এনাজৰীডালো শক্তিশালী হ’ব লাগিব৷ তেতিয়াহে সকলো মানুহ সফল আৰু সুখী হৈ থাকিব৷