জুবিন গাৰ্গ হত্যা গোচৰ সন্দৰ্ভত ফাষ্টট্ৰেক আদালতত গুৰুত্বপূৰ্ণ অগ্ৰগতি দেখা গৈছে। গোচৰটোৰ সৈতে জড়িত মুঠ ৭গৰাকী অভিযুক্তৰ ওপৰত চার্জ হিয়াৰিং ইতিমধ্যে সম্পন্ন হৈছে।
আজি এই গোচৰৰ শুনানিত চৰকাৰী অধিবক্তাই আদালতত নিজৰ যুক্তি দৰ্শাব বুলি জানিব পৰা গৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে কোনবোৰ তথ্য আৰু প্ৰমাণৰ আধাৰত ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ বিভিন্ন ধাৰা আৰোপ কৰা হৈছে, সেই সন্দৰ্ভত বিস্তৃত বৰ্ণনা আগবঢ়াব চৰকাৰী পক্ষই।
ইফালে, এই গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি আদালত সূত্ৰে জানিব পৰা গৈছে।
উল্লেখ্য যে জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান ফাষ্টট্ৰেক আদালতত চলি আছে আৰু গোচৰটোৰ পৰৱৰ্তী শুনানিসমূহৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল