নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ছিগনেচাৰ বেংকতো ওলমিল তলা

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: ভয়াৱহ মন্দাৰ সন্মুখীন হ’ব পাৰে আমেৰিকা৷ দেশখনৰ ছিলিকন ভেলী বেংক দেউলীয়া হোৱাৰ মাত্র দুদিন পিছত পুনৰ জনপ্রিয় বেংক এটাৰ দুৱাৰ বন্ধ কৰি দিবলগীয়া হ’ব৷ আজি বন্ধ হৈছে ছিগনেচাৰ বেংক৷ ছিলিকন ভেলী বেংকৰ দৰে ছিগনেচাৰ বেংকৰো জমা ধন তথা যাৱতীয় নথি–পত্র অধিগ্রহণ কৰিছে চৰকাৰে৷ গ্রাহকসকলৰ মাজত জনপ্রিয় আছিল নিউয়র্কৰ ছিগনেচাৰ বেংক৷ বহু মানুহে এই বেংকত সঞ্চিত ধন ৰাখিছিল৷ কিন্তু শেহতীয়াকৈ বেংকটোৰ ব্যৱসায়ৰ গতিত আহি পৰে স্থবিৰতা৷ আমেৰিকাৰ প্রশাসনে অৱশ্যে ছিগনেচাৰ বেংক বন্ধ হ’লেও ইয়াৰ গ্রাহকসকলে জমা ধন ওভতাই পাব বুলি আশ্বাস দিছে৷ কাইলৈৰ পৰা গ্রাহকসকলে তেওঁলোকৰ জমা ধন সংগ্রহ কৰিব পাৰিব বুলি প্রতিশ্রুতি দিছে মার্কিন প্রশাসনে৷ ইফালে, বেংকিং ব্যৱস্থা সুচল কৰি ৰাখিবলৈ দেশৰ অন্য প্রতিষ্ঠানসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে প্রশাসনে৷ ২০০৮ চনৰ মহামন্দাৰ পুনৰাবৃত্তি ঘটিব পাৰে বুলি আশংকা প্রকাশ কৰিছে চৰকাৰে৷ ৰাষ্ট্রপতি জ’ বাইডেনে দুয়োটা বেংকৰ এই বিপর্যয়ৰ বাবে যিসকল বিষয়া জগৰীয়া, তেওঁলোকক কঠোৰ শাস্তি বিহাৰ হুংকাৰ দিছে৷

You might also like