নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰৰ পৰা আজি অসমত নির্বাচনী ৰণডংকা বজাব নাড্ডাই

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ সমাগত ২০২১ চনৰ বিধানসভা নির্বাচনত ৰাজ্যৰ ক্ষমতা দখলৰ লক্ষ্যৰে পূর্ণ প্রস্তুতি অব্যাহত ৰাখিছে শাসকীয় মিত্রজোঁট নেতৃত্বাধীন বিজেপিয়ে৷ বিটিচি আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত অভূতপূর্ব সাফল্য লাভ কৰাৰ পাছত বিজেপিয়ে ইতিপূর্বে ঘোষণা কৰা মিছন ১০+ বাস্তৱায়িত কৰাৰ বাবে ৰণকৌশল প্রস্তুত কৰি উলিয়াইছে৷ এই ৰণকৌশলৰ অংশস্বৰূপে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পাছত এইবাৰ অসমত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷ ৰাজ্যিক বিজেপিৰ এক শীর্ষস্থানীয় সূত্রই জানিবলৈ দিয়া অনুসৰি  দুদিনীয়া ভ্রমণসূচীৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা অসমত উপস্থিত হোৱাৰ কথা৷  বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই পোনে পোনে শিলচৰত উপস্থিত হৈ ‘বিজয় সংকল্প সমাৱেশ’ শীর্ষক এক জনসমাৱেশ সম্বোধন কৰাৰ পাছতে বাহৰ পাতিব আমিনগাঁৱত৷ আমিনগাঁৱত বিজেপিৰ ৰাষ্ট্রীয় সভাপতিজনে দলৰ ৰাজ্যিক নির্বাচনী সমিতি আৰু ক’ৰ কমিটীৰে বিধানসভা নির্বাচনৰ প্রস্তুতি সন্দর্ভত বুজ লোৱাৰ কথা৷

দলৰ নির্বাচনী প্রস্তুতিৰ বিষয়ে সদৰী কৰি ৰাজ্যিক বিজেপিৰ সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰলে কয়– নির্বাচনৰ পূর্বে অচিৰেই অসমত আমাৰ দলৰ সাংগঠনিক ভেটিত অধিক সাৰ–পানী যোগাই সক্রিয় কৰাৰ উদ্দেশ্যে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বোকাখাত, সৰুপথাৰ, দেৰগাঁও, গোলাঘাট, যোৰহাট, টীয়ক আৰু মৰিয়নি বিধানসভা সমষ্টিত কেইবাখনো ৰাজনৈতিক সভাত অংশগ্রহণ কৰি কার্যকর্তাসকলৰ মনোবল বৃদ্ধি কৰিছে৷ সেইদৰে ‘নেডা’ৰ আহ্বায়ক তথা অসম চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উজনি অসমৰ শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ বিভিন্ন অঞ্চলত কেইবাখনো সভাত ভাগ লৈ ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনি তথা কাম–কাজসমূহ ৰাইজৰ মাজলৈ প্রসাৰিত কৰিছে৷ তদুপৰি যোৱা ৩ জানুৱাৰীৰ পৰা অসমত বাহৰ পাতি থকা ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই ইতিমধ্যে ৪০টাৰো অধিক বিধানসভা সমষ্টি, কেইবাখনো সাংগঠনিক সভাত অংশগ্রহণ কৰাৰ লগতে দলীয় কর্মীসকলৰ লগত মত বিনিময় কৰা বুলিও ৰাজ্যিক বিজেপিৰ সংবাদ কোষৰ আহ্বায়ক মৰলে জানিবলৈ দিয়ে৷ মৰলে পুনৰ কয় যে নামনি অসমত ৰাজ্যিক বিজেপিৰ নির্বাচনৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সহঃ প্রভাৰী পৱন শর্মাই দক্ষিণ কামৰূপ, বজালী, নলবাৰী, বৰপেটা, গোৱালপাৰা আৰু বিলাসীপাৰাত উপস্থিত হৈ কেইবাখনো দলীয় সভাত অংশগ্রহণ কৰিছে৷ দলৰ তৃণমূল পর্যায়ৰ কার্যকর্তাসকলৰ উদ্যোগত অসমৰ প্রতিখন জিলাতেই ২৮,০০০ বুথত সাংগঠনিক সভা সম্পন্ন হোৱাৰ কথা উল্লেখ কৰি মৰলে পুনৰ কয় যে আগন্তুক বিধানসভা নির্বাচনৰ বাবে দলক অধিক শক্তিশালী কৰি তুলিবলৈ ন ন মন্ত্রণা লৈ কাইলৈ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ উপৰি চলিত মাহৰ শেষভাগত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ পুনৰ অসমলৈ আহিব৷

You might also like