নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত বৃদ্ধাৰ মৃতদেহ উদ্ধাৰ হাস্পতালৰ স্নানাগাৰত

নিয়মীয়া বাৰ্তা, ১২জুনঃ মহাৰাষ্ট্রৰ উছাৱালত ক’ভিড–১৯ত আক্রান্ত ৮২ বছৰীয়া মহিলা এগৰাকী হাস্পতালৰ পৰা সন্ধানহীন হৈ আছে৷ ৮ দিন পূর্বে সন্ধানহীন হোৱা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে জালগাঁও জিলাৰ ক’ভিড–১৯ হাস্পতালৰ স্নানাগাৰৰ ভিতৰত৷ উল্লেখনীয় যে স্নানাগাৰটোৰ ভিতৰৰ পৰা উৎকট গোন্ধ ওলোৱাৰ পাছতে হাস্পতালৰ কর্মী তথা ৰোগীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বন্ধ স্নানাগাৰটোৰ দুৱাৰ ভঙাৰ পাছত মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ৷ স্মর্তব্য যে যোৱা ১ জুনত জালগাঁও অসামৰিক হাস্পতালত ভর্তি কৰা হৈছিল মহিলাগৰাকীক৷ ক’ৰোনা ভাইৰাছত মহিলাগৰাকী আক্রান্ত হোৱা বুলি নিশ্চিত কৰিছে চিকিৎসকে৷ সন্ধানহীন হোৱাৰ পাছতে মহিলাগৰাকী সন্দর্ভত হাস্পতাল কর্তৃপক্ষই আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল৷ জালগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি এয়া হত্যাৰ ঘটনাও হ’ব পাৰে৷ ইতিমধ্যে প্রাথমিক তদন্ত আৰম্ভ কৰা হৈছে।

You might also like