ক্ষেপণাস্ত্রৰ আঘাতত ইৰানৰ স্কুলত নিহত ৫৩ ছাত্রী, আমেৰিকা-ইজৰাইলৰ আক্রমণৰ কৰুণ পৰিণতি
ডিজিটেল ডেস্ক, ১ মাৰ্চ : ইৰান আৰু মিত্র বাহিনীৰ আক্রমণ-প্রত্যাক্রমণত কিমান ক্ষয়–ক্ষতি হ’ল, তাৰ সঠিক তথ্য বর্তমান পর্যন্ত পোহৰলৈ অহা নাই ৷ কিন্তু উভয় পক্ষৰ ক্ষেপণাস্ত্র নিক্ষেপত যে বৃহৎ পৰিমাণৰ আন্তঃগাঁথনি ধ্বংস তথা বহুসংখ্যক লোক হতাহত হৈছে, সেয়া নিশ্চিত ৷ ইয়াৰ মাজতে আমেৰিকা–ইজৰাইলে ইৰানৰ ওপৰত চলোৱা আক্রমণৰ এক কৰুণ পৰিণতি পোহৰলৈ আহিছে৷
মিত্র বাহিনীয়ে ইৰানক লক্ষ্য কৰি নিক্ষেপ কৰা ক্ষেপণাস্ত্রই ধ্বংস কৰে এখন গার্লছ স্কুল৷ যাৰ ফলত অতি শোকাৱহভাৱে মৃত্যুক সাবটি লয় ৫৩ কণমানি ছাত্রীয়ে৷ ইৰানৰ ৰাষ্ট্রীয় সংবাদ মাধ্যম আই আৰ এনৰ বাতৰিত দাবী কৰা অনুসৰি, মিত্র বাহিনীৰ ক্ষেপণাস্ত্রই ধ্বংস কৰা এই গার্লছ স্কুলখন হৰমোজগান প্রদেশৰ মিনাৰত অৱস্থিত৷ এই মিনাৰতে আছে ইছলামিক ৰিভলিউচনাৰী গার্ডৰ এটা ঘাটি৷ এই ঘাটিটোক উদ্দেশ্যি ইজৰাইল–আমেৰিকান বাহিনীয়ে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছিল৷ কিন্তু লক্ষ্যভ্রষ্ট হৈ বিদ্যালয়খনত আঘাত হনাত যুদ্ধৰ বলি হ’বলগীয়া হ’ল ৫৩ কণমানি ছাত্রী৷ এই কৰুণ ঘটনাত আহত হৈছে আন ৬৪ শিক্ষার্থী৷
ইফালে, মিত্র বাহিনীৰ আক্রমণত ইৰানৰ প্রতিৰক্ষা মন্ত্রী আমীৰ নাছিৰজাদে আৰু ইছলামিক ৰিভলিউচনাৰী গার্ডৰ শীর্ষ কমাণ্ডাৰ মহম্মদ পাকপৌৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইিৰ ঘনিষ্ঠৰূপে পৰিচিত পাকপৌৰক বিগত বর্ষত মেজৰ জেনেৰেল পদত অধিষ্ঠিত কৰা হৈছিল৷ এইজন শীর্ষ কমাণ্ডাৰে ইজৰাইল–আমেৰিকাক মুকলিকৈ সকীয়াই দি কৈছিল যে আমাক ভাবুকি দি কোনো লাভ নাই৷ সামগ্রিকভাৱে মিত্র বাহিনীৰ আক্রমণত দুই শতাধিকৰ প্রাণহানি ঘটাৰ বিপৰীতে ১,২২০জন লোক আহত হোৱা বুলি সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ ৷ ইৰানৰ প্রত্যাক্রমণতো আবু ধাবিত এজন লোকৰ মৃত্যু হোৱা বুলি সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ৷ তেহৰানে আবু ধাবিস্থিত মার্কিন ঘাটিক লক্ষ্য কৰি নিক্ষেপ কৰা এটা ক্ষেপণাস্ত্র আৱাসিক এলেকাত পৰাৰ ফলতেই লোকজনৰ মৃত্যু হয়৷