নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩২ বছৰ পিছত ৰাজনীতিকক যাৱজ্জীৱন কাৰাদণ্ড

📌 হত্যাৰ গোচৰৰ ৰায়দান

বিশেষ বাৰ্তা, ৬ জুনঃ ৩২ বছৰ পিছত হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈছে উত্তৰ প্রদেশৰ কাৰাবন্দী গেংষ্টাৰ মুখতাৰ আনছাৰি ৷ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় শুনোৱা হৈছে পাঁচবাৰৰ বাহুবলী বিধায়কগৰাকীক ৷ ৯০ৰ দশকত উত্তৰ প্রদেশৰ কংগ্রেছ নেতা তথা প্রাক্তন বিধায়ক অজয় ৰায়ৰ ভাতৃ অৱধেশ ৰায়ক হত্যাৰ গোচৰ চলিছিল আনছাৰিৰ বিৰুদ্ধে ৷ দীর্ঘদিন ধৰি চলা গোচৰৰ শুনানি শেষ হয় ১৯ মে’ত ৷ অৱশ্যে সেইদিনাখন ৰায়দান স্থগিত ৰাখে বাৰাণসীৰ এম পি, এম এল এ আদালতে ৷ ৫ জুনত আদালতখনে শাস্তিৰ ৰায় ঘোষণা কৰে ৷ উল্লেখনীয় যে আনছাৰিৰ বিৰুদ্ধে মুঠ ৬০টা গোচৰ আছে ৷ ইয়াৰে ৬টাত ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে মাফিয়া ৰাজনীতিকগৰাকীক ৷ যোৱা এপ্রিলত অপহৰণ আৰু হত্যাৰ অন্য এক গোচৰত আনছাৰিৰ বিৰুদ্ধে ১০ বছৰ কাৰাদণ্ডৰ ৰায়দান কৰিছিল আদালতে ৷

You might also like