নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত জ্বলিল বিধায়কৰ ঘৰসহ বহু বাসগৃহ

📌 যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ম্যানমাৰৰ পৰা অহা কুকি উগ্রপন্থীৰ তাণ্ডৱ

বিশেষ বাৰ্তা, ৬ জুনঃ পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ ৷ উত্তৰ–পূবৰ ৰাজ্যখনৰ ককচিং জিলাৰ ছুগনুত নতুনকৈ সংঘর্ষৰ সৃষ্টি হৈছে ৷ কুকি জনগোষ্ঠীয় বিদ্রোহীয়ে অঞ্চলটোত স্থানীয় কংগ্রেছ বিধায়কৰ বাসগৃহসহ প্রায় ২০টা ঘৰত অগ্নিসংযোগ কৰে বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে ৷ এই নতুন হিংসাৰ ঘটনাৰ ফলত অঞ্চলটোত গৃহহীন হৈ পৰিছে কেইবাহাজাৰো লোক ৷ শুকুৰবাৰে নিশাৰ পৰা ছুগনুত নতুনকৈ আৰম্ভ হোৱাৰ সংঘর্ষৰ ঘটনাত এই পর্যন্ত আঠজনৰ মৃত্যু হৈছে ৷ টাংজেং, নাপেট, পোম্বিকসহ জিলাখনৰ বিভিন্ন অঞ্চলত ম্যানমাৰ সীমান্ত অতিক্রম কৰি অহা সশস্ত্র কুকি উগ্রপন্থীয়ে আক্রমণ চলোৱা বুলি অভিযোগ উঠিছে ৷ ছুগনুৰ কংগ্রেছ বিধায়ক কাংগুজাম ৰঞ্জিতৰ বাসগৃহও জ্বলাই দিছে উগ্রপন্থীয়ে ৷ কেন্দ্রীয় অর্ধসেনা অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে কুকি উগ্রপন্থীক বাধা দিয়াৰ চেষ্টা চলাইছে যদিও ধাৰাসাৰ গুলীবর্ষণৰ বাবে নিৰাপত্তা বাহিনী পিছহুঁহকি অহা বুলিও অভিযোগ উঠিছে ৷ উল্লেখনীয় যে মণিপুৰী মেইতেই জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ যৌথ মঞ্চত কোৰকমিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ওচৰত অভিযোগ দাখিল কৰিছে যে কেন্দ্রৰ সৈতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰাৰ পিছতে কুকি উগ্রপন্থীসকলে তাক অগ্রাহ্য কৰি হিংসা বিয়পাই আছে ৷ স্মর্তব্য যে মণিপুৰৰ প্রায় ৯০ শতাংশ পাহাৰীয়া ভূমিত কুকি, নগাসহ বিভিন্ন জনজাতিৰ বসতি আছে ৷

You might also like