ইন্ধন সংকট : নতুন দিল্লীক আশ্বাস ইৰানৰ
ডিজিটেল ডেস্ক, ৩ এপ্রিল : যুদ্ধজর্জৰ হৰমুজ প্রণালীক লৈ ভাৰত উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই৷ –ইন্ধন সংকটৰ মাজত এই কথা পুনৰ স্পষ্ট কৰিলে ইৰানে৷ বৃহস্পতিবাৰে ভাৰতৰ ইৰানী দূতাৱাসে তেওঁলোকৰ এক্স হেণ্ডেলত লিখে– ‘কেৱল ইৰান আৰু ওমানেই হৰমুজৰ ভৱিষ্যৎ নির্ধাৰণ কৰিব৷ আমাৰ ভাৰতীয় বন্ধুসকল সুৰক্ষিত হৈয়েই আছে৷ চিন্তাৰ কোনো কাৰণ নাই৷’
বিশ্বৰ অন্যতম গুৰুত্বপূর্ণ সামুদ্রিক জলপথ হৰমুজ পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজতে অৱস্থিত এই সংকীর্ণ প্রণালীটোৰে প্রতিদিনে প্রায় ২০ৰ পৰা ২২ বিলিয়ন বেৰেল অপৰিশোধিত তেল ৰপ্তানি হয়৷ ই হ’ল বিশ্বজুৰি সমুদ্র পথেৰে সৰবৰাহ হোৱা মুঠ অপৰিশোধিত তেলৰ প্রায় এক পঞ্চমাংশ৷ যুদ্ধৰ পৰিপ্রেক্ষিতত ইৰানে হৰমুজ বন্ধ কৰি ৰাখিছে যদিও চীন, ৰাছিয়া, পাকিস্তানৰ লগতে ভাৰতৰ দৰে বন্ধু ৰাষ্ট্রসমূহৰ জাহাজসমূহক যাতায়াতৰ অনুমতি দিছে৷ এই পৰিস্থিতিত ভাৰতীয় জাহাজসমূহৰ কোনো উদ্বেগৰ কাৰণ নাই বুলি স্পষ্ট কৰে ইৰানে ৷ ভাৰতৰ পতাকাবাহী আঠখন জাহাজ নিৰাপদে হৰমুজ পাৰ হৈ দেশ পাইছেহি৷