নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ নাকভিৰ উচটনিত ভাৰতত বিশ্বকাপ খেলিব বিচৰা নাছিল বাংলাদেশে

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : চলিত টি–২০ বিশ্বকাপত নাই বাংলাদেশ৷ ভাৰতত খেলিব নোখোজাৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰিছে বাংলাদেশ৷ ইমান দিনে বাংলাদেশে নিৰাপত্তাজনিত কাৰণত ভাৰতত খেলিব নিবিচাৰে বুলি দাবী কৰি আহিছিল যদিও এইবাৰ বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ প্রাক্তন সম্পাদক তথা এছিয়ান ক্রিকেট পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী বিষয়া ছৈয়দ আশ্রাফুল হকে এক নতুন দাবী উত্থাপন কৰিছে৷

তেওঁ দাবী কৰে যে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ অধ্যক্ষ তথা এচিচিৰ মুৰব্বী মহছিন নাকভিৰ প্রৰোচনাৰ বাবেই সকলো ঘটিছিল৷ এক সাক্ষাৎকাৰত আশ্রাফুলে কয় যে নাকভিয়ে বাংলাদেশক ভাৰতত খেলিব নোৱাৰাৰ বাবে উচটনি দিছিল৷ এজন ক্রিকেট প্রশাসক হিচাপে মই সততা আৰু দায়িত্বত বিশ্বাস কৰোঁ৷ এছিয়ান ক্রিকেট কাউন্সিলৰ বর্তমানৰ মুৰব্বী মহছিন নাকভিৰ কথাত আমিনুল ইছলাম শিশুৰ দৰে প্রভাৱিত হৈছিল৷ নাকভিয়েও তেওঁক বর্জনৰ সিদ্ধান্ত লৈ আগবাঢ়ি যাবলৈ কৈছিল৷ শেষত কি হ’ল? দিনটোৰ শেষত কোন জয়ী হ’ল? আশ্রাফুলৰ মতে বাংলাদেশ চৰকাৰে সঠিক সিদ্ধান্ত লোৱা নাছিল৷

You might also like