বিদ্যুতৰ বকেয়া আদায় নিদিলে অন্ধকাৰত ডুবিব বাংলাদেশ
নিউজ ডেস্ক, ৯ ফেব্রুৱাৰী : নির্বাচনৰ পূর্বে পুনৰ চাপৰ সন্মুখত বাংলাদেশৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰ ৷ বিদ্যুতৰ বিল ৫,৫০০ কোটি টকা পাইছেগৈ৷ ইয়াক লৈ বিদ্যুৎ উন্নয়ন ব’ৰ্ডলৈ কঠোৰ ভাষাত চিঠি প্রেৰণ কৰিছে আদানি গোষ্ঠীয়ে৷
সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, যোৱা ২৯ জানুৱাৰীত আদানি পাৱাৰ লিমিটেডৰ ভাইচ প্রেছিডেণ্ট অবিনাশ অনুৰাগে চিঠিখনত লিখিছে যে বিদ্যুতৰ বকেয়াৰ পৰিমাণ ৫৭ কোটি ২০ লাখ মার্কিন ডলাৰ (ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৫,৫০০ কোটি টকা) হৈছেগৈ৷ ইয়াৰ মাজতে ৩০ কোটি ডলাৰৰ বকেয়াসমূহ পিডিবিৰ সৈতে তেওঁলোকৰ কোনো বিৰোধ নাই৷
সূত্রৰ খবৰ মতে, শ্বেইখ হাছিনাৰ চৰকাৰৰ আমোলত বকেয়া প্রায় ৭০ কোটি ডলাৰ পাইছিলগৈ৷ পৰৱর্তী চৰকাৰখনে কিছু বকেয়া পৰিশোধ কৰে৷ কিন্তু দুমাহ ধৰি বিল পৰিশোধ বন্ধ হৈ আছে৷ আদানি গোষ্ঠীয়ে মুঠ বকেয়াৰ ভিতৰত ১১ কোটি ২৭ লাখ ডলাৰ শীঘ্রে পৰিশোধ কৰিবলৈ কৈছে পিডিবিক৷