নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত আজি আত্মবিশ্বাসী মুম্বাইৰ সন্মুখত লক্ষ্ণৌ

বিশেষ বাৰ্তা, ২৪ মেঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আই পি এলৰ এলিমিনেটৰ মেচখন আজি চেন্নাইত অনুষ্ঠিত হ’ব৷ এই গুৰুত্বপূর্ণ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব অভিলেখ সংখ্যক পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিপক্ষে৷ নাটকীয়ভাৱে প্রতিযোগিতাখনৰ প্লে অফত স্থান লাভ কৰা ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ কাইলৈৰ এলিমিনেটৰ মেচখনক লৈ আত্মবিশ্বাসী৷ চলিত প্রতিযোগিতাখনৰ লীগৰ অন্তিমখম মেচত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু গুজৰাট টাইটানছৰ হাতত পৰাস্ত হোৱাৰ লগে লগে প্লে অফত প্রৱেশ কৰা মুম্বাই ইণ্ডিয়ানছে কাইলৈ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক পৰাস্ত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান সুৰক্ষিত কৰিব পাৰিব বুলি আত্মবিশ্বাসী৷ অৱশ্যে দলটোৰ তাৰকা খেলুৱৈসকলে ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হোৱা নাই৷ অধিনায়ক ৰোহিত শর্মাই নিজৰ ছন্দ অনুসাৰে প্রতিযোগিতাখনত খেলিব পৰা নাই৷ অধিনায়ক ৰোহিতৰ ফর্মে দলটোক কিছু চিন্তিত কৰি ৰাখিছে যদিও কাইলৈ এই বিজয় অপৰিহার্য মেচখনত তাৰকা বেটাৰগৰাকীয়ে বিস্ফোৰক ৰূপ ধাৰণ কৰিব পাৰিব বুলি আশাবাদী দলটোৰ সতীর্থসকল৷ কাইলৈৰ মেচখনত দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব অ’পেনাৰ ঈশান কিশনৰ লগতে বিস্ফোৰক বেটাৰ সূর্যকুমাৰ যাদৱ আৰু অলৰাউণ্ডাৰ কেমেৰন গ্রীনৰ প্রদর্শনৰ ওপৰত৷ মুম্বাইৰ অন্তিমখন মেচত শতকীয় ইনিংছ খেলি উজলি উঠিছিল কেমেৰন গ্রীন৷ অষ্ট্রেলিয়াৰ তাৰকা খেলুৱৈগৰাকীৰ এই দুর্দান্ত ইনিংছৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজার্ছ হায়দৰাবাদক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷ বিগত ছিজনত পইণ্ট তালিকাৰ অন্তিম স্থানত থকা মুম্বাই ইণ্ডিয়ানছে এইবাৰ উন্নত প্রদর্শন দাঙি ধৰি প্লে অফত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷ ইফালে, কাইলৈ এই মৰণপণ যুঁজৰ মেচখনক লৈ সাজু হৈছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ৷ স্থায়ী অধিনায়ক লোকেশ ৰাহুলৰ অনুপস্থিতিত দলটোক নেতৃত্ব দিছে ক্রুণাল পাণ্ডিয়াই৷ ক্রুণালৰ নেতৃত্বত লক্ষ্ণৌৱে ইখনৰ পিছত সিখন মেচত জয়লাভ কৰি ১৪খন মেচৰ পৰা মুঠ ১৭ পইণ্ট অর্জন কৰি পইণ্ট তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰি প্লে অফত খেলাৰ যোগ্যতা অর্জন কৰে৷ দলটোত মার্কাছ ষ্টইনিছ, নিকোলাছ পুৰান, কুইণ্টন ডি কক আৰু কাঈল মায়ের্ছৰ দৰে খেলুৱৈ আছে আৰু এইকেইগৰাকী খেলুৱৈৰ প্রদর্শনৰ ওপৰত কাইলৈৰ মেচখনৰ ফলাফল বহুখিনি নির্ভৰ কৰিব৷ কাইলৈৰ এই এলিমিনেটৰ মেচখন ৰোমাঞ্চকৰ হোৱাৰ সম্ভাৱনা অধিক৷

You might also like