নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা টি-২০ বিশ্বকাপত আধিপত্য অব্যাহতৰে চেম্পিয়ন অষ্ট্রেলিয়া

বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰীঃ মহিলা ক্রিকেটত একক আধিপত্য বজাই ৰাখিলে অষ্ট্রেলিয়াই৷ আজি টি–২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্রিকাক পৰাজিত কৰি ষষ্ঠবাৰলৈ বিশ্ব চেম্পিয়নৰ খিতাপ অর্জন কৰিলে দলটোৱে৷ ফাইনেলত অষ্ট্রেলিয়া বিজয়ী হয় ১৯ ৰানত৷ আজি মেচখনত প্রথমে বেটিং কৰি অষ্ট্রেলিয়াই বেথ মুনিৰ অপৰাজিত ৭৪ ৰানৰ সহায়ত নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৬ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ দ্বিতীয় সর্বাধিক ২৯ ৰান কৰে এছলেগ গার্ডনাৰে৷ দলৰ অ’পেনাৰ এলিছা হিলিয়ে ১৮ ৰান কৰি বিদায় লয়৷ মুনিয়ে ৫৩টা বলত ৯টা চাৰি আৰু এটা ছয়ৰ সহায়ত তেওঁৰ দর্শনীয় ইনিংছটো সম্পূর্ণ কৰে৷ দক্ষিণ আফ্রিকাৰ ছবনিম ইছমাইল আৰু মাৰিজানে কেপে দুটাকৈ উইকেট দখল কৰে৷ প্রত্যুত্তৰত কঠিন লক্ষ্য সন্মুখত লৈ দক্ষিণ আফ্রিকাই নির্ধাৰিত অভাৰত ৬ উইকেটত ১৩৭ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ লউৰা ৱলভার্টে এটি চমকপ্রদ ইনিংছেৰে দক্ষিণ আফ্রিকাক সুন্দৰ আৰম্ভণি দিয়াৰ লগতে বিজয়ৰ আশা সজীৱ কৰি ৰাখিলেও অন্য বেটাৰসকলে তেওঁক সহযোগিতা আগবঢ়োৱাত ব্যর্থ হয়৷ লউৰাই বিধ্বংসী বেটিঙেৰে ৪৮টা বলতে তিনিটা ছয় আৰু পাঁচটা চাৰিৰ সহায়ত ৬১ ৰানৰ বৰঙণি আগবঢ়ায়৷ দলটোৰ হৈ দ্বিতীয় সর্বাধিক ২৫ ৰান কৰে ছল’ ত্রিয়নে৷ উল্লেখ্য যে ফাইনেলৰ পূর্বে ফেভাৰিট হিচাপেই অৱতীর্ণ হৈছিল অষ্ট্রেলিয়া৷ সকলো দিশৰ পৰা আগবাঢ়ি থকা অষ্ট্রেলিয়াৰ সন্মুখত ঘৰুৱা দল দক্ষিণ আফ্রিকাই বিশেষ প্রত্যাহ্বান আগবঢ়াবলৈ সক্ষম নহ’ল৷

You might also like