নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত তিৱা স্বায়ত্ব পৰিষদ নিৰ্বাচনকলৈ ৰণত নামিছে প্ৰাৰ্থী, টিকট বঞ্চিত প্ৰাৰ্থীয়ে  আউল লগাইছে অংকত

২৪নং জোঙালবলহু সমষ্টিত মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বড়ো স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ সমান্তৰালকৈ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ  হৈছে ব্যাপক তৎপৰতা। অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা তিৱা স্বায়ত্ব পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচনক লৈ নগাঁও, মৰিগাঁও, কামৰূপ আৰু হোজাই জিলা প্ৰশাসনে যাৱতীয় কামকাজ অৱ্যাহত ৰখাৰ সমান্তৰালকৈ নিৰ্বাচনৰ বাবে ইতিমধ্যে সকলো দল, প্ৰাৰ্থী উঠিপৰি লাগিছে আৰু আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। উল্লেখ্য যে, নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিত তিৱা স্বায়ত্ব পৰিষদৰ মুঠ ৬টা পৰিষদীয় সমষ্টি আছে আৰু আটাইকেইটাতে বিজেপি আৰু কংগ্ৰেছে দলে প্ৰাৰ্থী ঠিয় কৰাইছে। ইয়াৰে অতি গুৰুত্বপূৰ্ণ ২৪নং জোঙাল বলহু সমষ্টিত বিজেপি দলে তিৱা নেতা তথা তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ মৰিগাঁও জিলাৰ ট্ৰাইবেল সংঘৰ সভাপতি প্ৰণৱজ্যোতি মছৰঙক দলীয় টিকট প্ৰদান কৰা বিপৰীতে কংগ্ৰেছ দলে বিগত কাৰ্যকালৰ সদস্য মুকুট কোঁৱৰকে টিকট প্ৰদান কৰিছে।

অন্যহাতে বিজেপি দলৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যাশী ধ্ৰুৱজ্যোতি কোঁৱৰেও বিজেপিৰ দলীয় টিকট লাভ নকৰাত নিৰ্দলীয় হিচাপে প্ৰতিদন্দিতা আগবঢ়াইছে। ফলত সমষ্টিটোত আকৰ্ষণীয় হৈ পৰিছে। কালি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনৰ বাবে ২৪নং জোঙাল বলহু সমষ্টিৰ থেকেৰাগুৰি বিষ্ণুমন্দিৰ প্ৰাঙ্গণত এক নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰহা বিজেপি গ্ৰাম্য মণ্ডলৰ সভাপতি চন্দ্ৰ দাসে। নিজৰ ভাষণ প্ৰসংগত সভাপতি গৰাকীয়ে সকলো সমষ্টিয়ে বিজেপি দলে দখল কৰিব বুলি মন্তব্য কৰা লগতে কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলক ভোট প্ৰদান নকৰিবলৈকো আহ্বান জনাই। মূলতঃ বিজেপি চৰকাৰৰ জনমুখী উন্নয়নমূলক আঁচনিৰ দ্বাৰা অসমৰ জনসাধাৰণ যথেষ্ঠ লাভবান হোৱাৰ লগতে বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনাই। উল্লেখ্য যে, তিৱা পৰিষদৰ বিজেপিৰ দলীয় টিকটৰ পৰা বঞ্চিত হৈ কেইবাটাও সমষ্টিত বিজেপিৰ দলীয় কৰ্মীয়ে নিৰ্দলীয় ৰূপত অৱৰ্তীণ হোৱাত বিজেপিৰ বাবে এক সমস্যা সূচিত কৰি অংকত আউল লগাইছে বুলি বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে।কিন্তু বিজেপি দলেও প্ৰতিটো সমষ্টিতে দায়িত্বশীল প্ৰভাৰীক পৰ্যবেক্ষণৰ বাবে নিয়োগ কৰাত দলীয় সাংগঠনিক স্থিতি দৃঢ় কৰিবলৈ চেষ্টা চলাইছে। উক্ত কাৰ্যসূচীত বিজেপিৰ জেষ্ঠ কৰ্মী ডিম্বেশ্বৰ কোঁৱৰ, নুৰুদ্দিন আহমেদ, দীপক তামুলী, নবজ্যোতি দাস, তপন মণ্ডল আদি বহু দলীয় কৰ্মী ঊপস্থিত থাকে।

You might also like