নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ শ্রেষ্ঠ হুইস্কীৰ স্থান দখল ভাৰতৰ ‘ইন্দ্রি’ৰ

🔹 হাৰিয়ানাৰ সুৰা কাৰখানালৈ অনন্য স্বীকৃতি

বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰ : ভাৰতীয় হুইস্কী তথা ছিংগল মল্ট ‘ইন্দ্রি’–এ বিশ্বত শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে৷ এই মুহূর্তত বিশ্বৰ আটাইতকৈ ভাল হুইস্কী হৈছে ‘ইন্দ্রি’৷ সংবাদ সংস্থা ৰয়টার্ছৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ হাৰিয়ানাৰ এটা কাৰখানাত প্রস্তুত কৰা হয় এই পানীয়৷ প্রতিদিনে ১০ হাজাৰ দেশীয় হুইস্কী প্রস্তুত কৰা হয় ক্রেতাসকলৰ মাজত থকা বিপুল চাহিদাৰ বাবে৷ দুবছৰ পূর্বে প্রথম এই হুইস্কী প্রস্তুত কৰা হৈছিল৷ কিন্তু সময় যোৱাৰ লগে লগে ইয়াৰ জনপ্রিয়তা বৃদ্ধি পাইছে৷ এইবাৰ এই হুইস্কীবিধে বিশ্বত শীর্ষস্থান লাভ কৰিছে৷ চলিত বর্ষৰ ‘ইন্দ্রি’ৰ দীপাৱলী কালেকচনৰ হুইস্কীয়েই বিশ্বশ্রেষ্ঠ হিচাপে চিহ্ণিত হৈছে৷ ফৰাচী গ্লেনলিভেদ অথবা ব্রিটেইনৰ টালিস্কাও পিছ পৰিছে শ্রেষ্ঠ হুইস্কীৰ তালিকাত৷ পিকাডিলী ডিষ্টিলাৰিজ নামৰ সংস্থা এটাই দুবছৰ পূর্বে প্রস্তুত কৰিবলৈ লৈছিল এই প্রিমিয়াম হুইস্কী৷ সমগ্র দক্ষিণ এছিয়াত এলকহল বিক্রীৰ ক্ষেত্রত আটাইতকৈ শীর্ষত থাকে বীয়েৰ ৷ কিন্তু ভাৰতত ছবিখন সম্পূর্ণ বিপৰীত৷ ভাৰতত আটাইতকৈ বেছি বিক্রী হয় হুইস্কী৷ কেইবাবিধো হুইস্কীয়ে ভাৰতত জনপ্রিয়তা লাভ কৰিছে৷ ‘ইন্দ্রি’–এ এইক্ষেত্রত বিশ্বত শীর্ষস্থান দখল কৰি ভাৰতৰ বজাৰত অধিক চাহিদা লাভ কৰিব বুলি ধাৰণা কৰা হৈছে৷ ভাৰতৰ ৩,৩০০ কোটি ডলাৰ সুৰাৰ বজাৰত এই মুহূর্তত ধুমুহাৰ সৃষ্টি কৰিছে মাত্র দুবছৰীয়া ব্রেণ্ড ‘ইন্দ্রি’–এ৷ এই সাফল্য অৱশ্যে আকস্মিক নহয়৷ ইয়াৰ পূর্বে ১৪টাৰো অধিক আন্তর্জাতিক খিতাপ জয় কৰিছে ‘ইন্দ্রি’–এ৷ এইবাৰ বিশ্বৰ শীর্ষস্থান দখল কৰিলে বিলাসী হুইস্কীবিধে৷

You might also like